ধুবুৰীৰ ৩০ বছৰ পুৰণি সংগ্ৰহালয়টো নিজা গৃহ অবিহনেই চলি আছে আৰু ই বহুবাৰ স্থান সলনি কৰি থাকিবলগীয়া হৈছে। ১০৮৮চনৰ জুলাইৰ ৬তাৰিখে প্ৰতিষ্ঠা কৰা এই সংগ্ৰহালয়টো বৰ্তমান ২০০৩চনৰ পৰা জিলা প্ৰশাসনে আবণ্টন দিয়া এটা জিলা পুথিভঁড়ালৰ কোঠাত সমগ্ৰ ঐতিহাসিক সম্বল বুকুত লৈ চলি আছে।
উল্লেখ্য যে ২০১০ৰ মাৰ্চত জিলা প্ৰশাসনে ১ কঠা ১০ লেছা পৰিমাণৰ এটুকুৰা ভূমি জিলা সংগ্ৰহালয় কৰ্তৃপক্ষক আবণ্টন দিছিল। মাটি টুকুৰা জিলা পুথিভড়ালৰ কাষৰ ধুবুৰী লেডিজ ক্লাবৰ চৌহদৰ ভিতৰত আছে।
কিন্তু ধুবুৰী লেডিজ ক্লাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত জিলা প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এখন লেখ আৱেদন (অভিযোগ নং ১২০৫/২০১১) দাখিল কৰিছিল। ফলত জিলা সংগ্ৰহালয়ৰ এটা নিজা গৃহৰ সপোন অনিশ্চয়তাত দুলি আছে।
অৱশ্যে উচ্চ ন্যায়ালয়ে ২০১৮ৰ ২১ আগষ্টত ধুবুৰী লেডিজ ক্লাবৰ এই লেখ আৱেদন খাৰিজ কৰিছিল। আদালতে পৰ্যৱেক্ষণ কৰিছিল যে লেডিজ ক্লাবৰ মালিকানাধীন দাগ নং ১৩৭৭ৰ ৪ কঠা ১০ লেছা মাটিৰ খালি হৈ থকা মাটিখিনিত জিলা সংগ্ৰহালয়টো সীমাবদ্ধ থাকিব।
আনহাতে, উচ্চ ন্যায়ালয়ৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰি ধুবুৰীৰ জিলা সংগ্ৰহালয় বিষয়ামৃন্ময় দাসে নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে জিলা প্ৰশাসনৰ পৰা প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত অতি শীঘ্ৰেই সংগ্ৰহালয় গৃহৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব।
অলপতে জিলা সংগ্ৰহালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা মৃন্ময় দাসে প্ৰকাশ কৰিছে যে ঐতিহাসিক তাৎপৰ্যবহনকাৰী ১০০০ৰো অধিক ঐতিহাসিক সমল সংগ্ৰহালয়টোত পৰি আছে। তাৰে কিছু সংখ্যক ঐতিহাসিক সমল জনসাধাৰণৰ দৰ্শনৰ বাবে উলিয়াই দিয়া হৈছে। একমাত্ৰ পৰ্যাপ্ত স্থানৰ অভাৱতেই এইদৰে ঐতিহাসিক সমলসমূহ যেনিয়ে তেনিয়ে ৰাখিবলগীয়া হৈছে বুলি বিষয়াগৰাকীয়ে খেদ প্ৰকাশ কৰে।
বিষয়াগৰাকীয়ে আৰু কয়, ‘‘এই সংগ্ৰহালয়টো ধুবুৰীৰ অনানুষ্ঠানিক শিক্ষাগ্ৰহণ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। সংগ্ৰহালয়টোত ৭ টা শাখাত সমলসমূহ বিভক্ত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সেইসমূহ হৈছে জনগোষ্ঠীয়, মুদ্ৰা/পদক সম্বন্ধীয়, বয়ন আৰু অলংকাৰ, দৈনন্দিন ব্যৱহাৰ্য অলংকৃত সামগ্ৰী, পোৰামাটিৰ কলাকৃতি, কাঠৰ পুতলা, প্ৰাকৃতিক ইতিহাসৰ নমুনা, প্ৰাচীন অস্ত্ৰ শস্ত্ৰ আৰু প্ৰাগঐতিহাসিক অৱশেষ ইত্যাদি। এই সকলোখিনিৰ বাবে আছুতীয়া কোঠাৰ আৱশ্যক আছে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
দৰাচলতে এই সংগ্ৰহালয়টোত বিষয়া-কৰ্মচাৰীৰ বাবে সুকীয়া কোঠা নাই। জিলা সংগ্ৰহালয় বিষয়াগৰাকীকে ধৰি সকলো বিষয়া-কৰ্মচাৰীয়ে সংগ্ৰহালয়টোৰ এটা চুকত বহি তেওঁলোকৰ নিজৰ নিজৰ কাম কৰি যাবলৈ বাধ্য হৈ পৰিছে।