• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 9:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ আৱৰ্ত্ত ভৱনৰ প্ৰাচীৰত দেখা দিয়া ৰহস্যজনক দেৱাল লিখনেই অঞ্চলটোৰ সাধাৰণ নাগৰিকৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাই স্থানীয় প্ৰশাসনকো চিন্তিত কৰি তুলিছে। ইতিমধ্যে গুৱাহাটীৰ পৰা আহি উপস্থিত হোৱা ফৰেনছিক বিশেষজ্ঞৰ এটা দলে দেৱাল লিখনিসমূহৰ বিজ্ঞানসন্মত তদন্ত আৰম্ভ কৰিছে।

ধুবুৰীৰ ১নং ৱাৰ্ডৰ বান্ধেৰ পাৰ অঞ্চলৰ বহু মানুহ এই ঘটনাৰ খবৰৰে হঠাৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে চলিত বছৰত ৩০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ লক্ষ্য লৈ আগবাঢ়ি আহিছে, সেই সময়তে এই ধৰণৰ ঘটনা সংঘটিত হোৱাটো সন্দেহজনক বুলি গণ্য হৈছে।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি আৱৰ্ত্ত ভৱনৰ বাহিৰৰ দেৱালত উদ্ধাৰ হোৱা এই লিখনিসমূহ অসমীয়া আৰু হিন্দী ভাষাত লিখা হৈছে, য’ত “BDR 1971”, “BNS 66 Force”, “AB (Ansarul Bangla) company” আৰু “Vote for Congress” আদি বাক্যাংশ দেখা গৈছে। এইবোৰ সম্পূৰ্ণ বাক্য নহয়, গাঁথনিৰ দিশৰ পৰা অসংলগ্ন আৰু স্পষ্টভাবে সজ্জিত নহয়; ফলত একাংশই অনুমান কৰিছে যে, এইবোৰ গুপ্ত সংকেতৰ ৰূপত ব্যৱহৃত হ’ব পাৰে।

ঘটনাস্থলীৰ সৈতে বাংলাদেশ সীমান্তৰ ঘনিষ্ঠতা, লগতে ধুবুৰীৰ সাম্প্ৰদায়িক সংবেদনশীলতাৰ প্ৰেক্ষাপটত ঘটনাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই পৰিস্থিতিয়ে ৰাজ্য চৰকাৰ তথা আৰক্ষীক অধিক তৎপৰ আৰু সতৰ্ক কৰি তুলিছে।

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ দলটোৱে ঘটনাস্থলীৰ পৰা লেখাসমূহৰ নমুনা সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা লিখনিসমূহৰ সঠিক অৰ্থ, উৎস আৰু সম্ভাব্য সংগঠনৰ সৈতে সম্পৰ্কৰ বিষয়ে জানিবলৈ বিশ্লেষণ চলি আছে। উল্লেখযোগ্য যে, এই ধৰণৰ দেৱাল লিখনি ৬ জুনত প্ৰথমবাৰ ধৰা পৰিছিল আৰু ১৩ জুন তাৰিখে পুনৰ পোৱা গ’ল; যাৰ ফলত সন্দেহ আৰু উৎকণ্ঠা আৰু বৃদ্ধি পাইছে।

উল্লেখযোগ্যভাৱে, এই ঘটনাৰ কিছুদিন পূৰ্বে ঈদ-উল-আজহাৰ পিছত ধুবুৰীৰ এটা মন্দিৰৰ ওচৰত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ অভিযোগৰ পাছতে অঞ্চলটোত ৮ আৰু ৯ জুনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। চৰকাৰে ৫টা গোচৰ ৰুজু কৰি গো সংৰক্ষণ আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ধৰ্মীয় বিদ্বেষ উসকোৱা, ষড়যন্ত্ৰ চলোৱা, আৰু পূজাস্থলী অপবিত্র কৰাৰ ধাৰাসমূহৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰে।

এই ৰহস্যজনক দেৱাল লিখনিৰ প্ৰকৃত উদ্দেশ্য, ইয়াৰ আঁৰৰ শক্তি বিশেষকৈ সাম্প্ৰদায়িক বা বিদেশী উগ্ৰপন্থী সংগঠনৰ সম্পৰ্ক আছে নে নাই সেয়া এতিয়াও তদন্তৰ আওতাত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd