NORTHEAST NOW (Assamese)
অসম

ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ অগ্ৰিম জামিন মঞ্জুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 9:42 am

এটা ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শর্মাৰ অন্তৱৰ্তিকালীন জামিন অহা ৩১ জুলাইলৈকে মঞ্জুৰ কৰে আদালতে৷

উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত এটা গোচৰৰ ভিত্তিত সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

সাংবাদিক শৰ্মাৰ গ্ৰেপ্তাৰৰ ঘটনা সহিব নোৱাৰি ৰাজীৱ শৰ্মাৰ অসুস্থ বৃদ্ধ পিতৃৰো মৃত্যু হৈছিল।

আৰক্ষীয়ে সাংবাদিকজনক আদালতলৈ প্রেৰণ কৰে যদিও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাজীৱক ১৮ আৰু ২২ জুলাইলৈ পৃথকে পৃথকে অন্তৱর্র্তী জামিন মঞ্জুৰ কৰিছিল৷

ৰাজীৱ শর্মাৰ হৈ অধিবক্তা জমছেৰ তালুকদাৰে জনায় যে আদালতে অহা ২৬ জুলাইত ৰাজীৱৰ পিতৃৰ আদ্যশ্রাদ্ধ, ২৮ জুলাইত মৎস্যমুখীৰ বাবে জনোৱা আৱেদনৰ ভিত্তিত অহা ৩১ জুলাইলৈকে অন্তৱর্র্তী জামিন মঞ্জুৰ কৰিছে৷

উল্লেখ্য যে সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ পিছতে ধুবুৰী আৰক্ষীৰ অধীক্ষক আৰু জিলা বন বিষয়াৰ তথা গোচৰৰ বিষয়া বদলি হোৱাৰ বাবে গোচৰটো চি আই ডিক অর্পণ কৰা হয়৷

বুধবাৰে শুনানিৰ সময়ত চি আই ডিয়ে আদালতক কোনো অভিযোগ নিদিয়াৰ বাবে ৩১ জুলাইলৈকে ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ কৰে৷