নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ আৰম্ভ

আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমৰ এগৰাকী স্বপ্নদ্ৰষ্টা : ৰংবং তেৰাং

Diamond jubilee celebration

‘আনন্দৰাম ঢেকিয়াল ফুকন এগৰাকী স্বপ্ন দ্ৰষ্টা আছিল। আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা এইগৰাকী মহান মনীষীৰ কথা অসমৰ সাহিত্যৰ বুৰঞ্জীত জিলিকি থাকিব।’ এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ। আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত তেৰাঙে লগতে কয়, ‘অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে যুঁ‌জ দিছিল।’

আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়, ‘অসমৰ সাহিত্যৰ বুৰঞ্জীত যি গৰাকী মনীষীৰ ছবিখন দেখিছিলো সেইগৰাকী মনীষীক শ্ৰদ্ধা কৰিবলৈ পোৱাতো মোৰ বাবে বিৰল মুহূৰ্ত।’

আজিৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাবিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা প্ৰতিমূৰ্তি টো প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰি উলিয়াইছে।

দিনৰ ১০ বজাত ভাস্কৰ্য শিল্পী বীৰেন সিংহ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী, শিক্ষাবিদ মহেন্দ্ৰ আহোম, গৱেষক ড০ নৰেন কলিতা, অধ্যাপক ড০ সঞ্জীৱ কুমাৰ বৰকাকতী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰংবং তেৰাঙে গ্ৰন্থ বিপনী আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে।

দিনৰ ১২ বজাৰ পৰা পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ ৰাজেন গোহাঁই, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই মহাবিদ্যালয়খনত অচিৰেই এটা ডিজিটেল শ্ৰেণী কোঠা স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বিগত বৰ্ষ সমূহত মহাবিদ্যালয়খনৰ পৰা স্নাতক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱাসকলক সম্বৰ্ধনা জনোৱা হয়।

আজিৰ এই সভাতেই স্মৰণিকা ‘হীৰক জেউতি’ আৰু ‘অসম ভিন্ন প্ৰসংগ’ নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা উক্ত সভাত উপাধ্যক্ষা মিনা চৌধুৰী আৰু শৈক্ষিক পৰিষদৰ বিষয়া জয় কুমাৰ সিঙেও অংশগ্ৰহণ কৰে। সন্ধ্যা শিক্ষাবিদ বানেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলন আৰু আলোকসজ্জা মুকলি কৰে আৰু প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্তই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে।