NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ পত্নী,পুত্ৰ আৰু এগৰাকী আত্মীয়ক হত্যা কৰা সঞ্জয় দাস আৰক্ষীৰ ‘এনকাউন্টাৰ’ত নিহত

May 19, 2020 1:25 pm · অভিক চক্ৰৱৰ্তী
আৰক্ষীৰ গুলীত নিহত প্ৰাক্তন এছ এছ বি জোৱান সঞ্জয় দাস। ফটো: নৰ্থইষ্ট নাও

ডিব্ৰুগড়ত পত্নী, পুত্ৰকে ধৰি তিনিজনক গুলীয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত প্ৰাক্তন এছ এছ বি জোৱান সঞ্জয় দাস মঙলবাৰে পুৱতি নিশা প্ৰায় ৩বজাত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে।

শুকান পুখুৰীৰ তেওঁৰ ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰত সংঘৰ্ষটো সংঘটিত হয়।

তেওঁ তাত এটা পৰিত্যক্ত গৃহত লুকাই আছিল।

‘’আমি অভিযুক্তক জীৱন্তে কৰায়ত্ব কৰাৰ বাবে অভিযান চলাইছিলো। অৱশ্যে, তেওঁ যেতিয়া এঘন্টা ধৰি গুলীয়াই থাকে, আমিও গুলীৰে প্ৰত্যুত্তৰ দিওঁ,’’-আৰক্ষীয়ে কয়।

‘’তেওঁ গুলীবিদ্ধ হয় আৰু পাছত মৃত্যুমুখত পৰে,’’-আৰক্ষীয়ে লগতে কয়।

উল্লেখযোগ্য যে সঞ্জয় দাসে সোমবাৰে তেওঁৰ পত্নী, পুত্ৰ আৰু তেওঁৰ এগৰাকী ঘনিষ্ঠ আত্মীয়ক তেওঁৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত বন্দুকেৰে গুলীয়াই হত্যা কৰিছিল।

তেওঁৰ পত্নী স্বপ্না দাসে অসম মেডিকেল কলেজ হাস্পাতললৈ নিয়াৰ পথত শেষ নিশ্বাস ত্যাগ কৰিছিল।

তেওঁৰ পুত্ৰ নবজ্যোতি দাস আৰু আত্মীয় ঘন কান্ত হাজৰিকাক সংকটজনক অৱস্থাত এএমচিএইচত ভৰ্তি কৰা হৈছিল। তেওঁলোকে তাতেই মৃত্যুক সাৱটি লয়।

Related News