DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 9:00 pm
Dibrugarh University ragging case
132
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত তোলপাৰ লগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাঞ্চল্যকৰ ৰেগিং কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে অৱশেষত আজি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। লগতে ৰেগিং সংঘটিত হোৱা হোষ্টেলৰ ৱাৰ্ডেনৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ অত্যাচাৰত আত্মহত্যাৰ চেষ্টা চলাই বৰ্তমান চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মা নামৰ ছাত্ৰগৰাকী আতিশয্য চলোৱাৰ অভিযোগত অভিযুক্ত চাৰিগৰাকী ছাত্ৰক আজি বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

কৰ্তৃপক্ষই লগতে এই তিনি অভিযুক্ত ছাত্ৰক তিনি বছৰৰ বাবে দেশৰ কোনো বিশ্ববিদ্যালয়তে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰাকৈয়ো পদক্ষেপ লয়।

বহিষ্কৃত ছাত্ৰকেইগৰাকী হৈছে ক্ৰমে- গলাব ডেকা, তৃতীয় ষান্মাসিক, কমলেশ্বৰ চুতীয়া, তৃতীয় ষান্মাসিক, মৌচুম ফুকন, তৃতীয় ষান্মাসিক আৰু পুছাং খাম বৰুৱা, দ্বিতীয় বৰ্ষ।

ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লগতে ৰেগিং সংঘটিত হোৱা পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস (পিএনজিবি)ৰ তিনিগৰাকী ৱাৰ্ডেনকো নিলম্বন কৰিছে।

নিলম্বিত হোষ্টেল ৱাৰ্ডেন কেইগৰাকীৰ নাম হৈছে ক্ৰমে- দিব্য জ্যোতি দত্ত, আবু মুস্তাক হুছেইন আৰু পলাশ দত্ত।

এই শাস্তিমূলক ব্যৱস্থাৰ উপৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ৰেগিং কাণ্ডৰ তদন্তৰ বাবে এক উচ্চ পৰ্যায়ৰ পেনেল গঠন কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এক বিবৃতিত কয়, “আজি অনুষ্ঠিত হোৱা বৈঠকত এণ্টি ৰেগিং কমিটীৰ পৰামৰ্শ অনুসৰি আৰু দোষী সাব্যস্ত হোৱাৰ পিছত এণ্টি ৰেগিং স্কোৱাডৰ পৰামৰ্শ বিবেচনা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং আৰু ৰেগিং বিৰোধী ব্যৱস্থা নিষিদ্ধকৰণৰ নিয়মাৱলীৰ ৭ (খ) (IX) দফা অনুসৰি শাস্তি দিয়া হ’ব।”

ইফালে ৰেগিঙ আতিশয্যত হোষ্টেলৰ ওপৰৰ মহলাৰ পৰা জাঁপ দিয়াৰ ফলত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰ আনন্দ শৰ্মাৰ পিঠিৰ ৰাজহাড় কেইবাটুকুৰাকৈ ভাগি যোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত ছাত্ৰগৰাকীক চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰি চিকিৎসকে কোনো কঠিন পৰিস্থিতিৰ ফালে ঠেলি দিব বিচৰা নাই বুলি ছাত্ৰগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

বৃহস্পতিবাৰে ডিব্ৰুগড়তে ছাত্ৰগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি ছাত্ৰগৰাকীৰ মাতৃয়ে লগতে সদৰী কৰিছে।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd