চাৰি হাতীৰ গুজৰাট যাত্ৰাৰ বিষয়ে দিল্লীক অন্ধকাৰত ৰাখিছিলে নেকি অসমৰ বন বিভাগে?

Did Assam Forest keep New Delhi in dark on 4 elephants’ transport bid to Gujarat?

প্ৰতীকী ছবি।

পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাই হাতী স্থানান্তৰ বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ সময়তে, চাৰিটা হাতীৰ গুজৰাট যাত্ৰা সন্দৰ্ভত অসমৰ বন বিভাগে নতুন দিল্লীক অন্ধকাৰত ৰাখিছিলে নেকি?

উজনিৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা পোৱালি হাতী পৰিবহণৰ বাবে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাই ১২ৰ পৰা ১৪ জুনৰ ভিতৰত  অনুমতি প্ৰদান কৰিছিল।

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ৪০(২) ধাৰাৰ অধীনত গুপ্তাই ৩৯৬, ৩৯৭, ৪০১ আৰু ৪০২নং বিভাগীয় নিৰ্দেশযোগে হাতী চাৰিটাৰ মালিকক আহমেদাবাদলৈ ছমাহৰ বাবে তেওঁলোকৰ হাতীকেইটা পৰিবহণৰ অনুমতি প্ৰদান কৰিছিল।

অসম বন্যপ্ৰাণী (সুৰক্ষা) বিধি, ১৯৯৭ৰ ফৰ্ম XVI অনুসৰি যাত্ৰা পাছ জাৰি কৰিবলৈ তেওঁ পূব অসম চক্ৰৰ বন সংৰক্ষকক নিৰ্দেশ দিছিল।

অনুমতিৰ প্ৰতিলিপি অতিৰিক্ত মুখ্য সচিব আৰু অসমৰ পৰিৱেশ আৰু বন বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকল, গুজৰাটৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন, হাতীকেইটাৰ মালিক আৰু জগন্নাথ মন্দিৰৰ পৰিচালক ন্যাসৰক্ষীলৈ দিয়া বুলি চিহ্নিত কৰা হৈছিল।

আশ্চৰ্য্যজনকভাৱে, হাতী চাৰিটাক গুজৰাটলৈ পৰিবহণৰ বাবে দিয়া অনুমতিৰ প্ৰতিলিপি পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়লৈ বিশেষকৈ হস্তী প্ৰকল্প শাখালৈ দিয়া বুলি চিহ্নিত কৰা হোৱা নাছিল।

যোৱা কিছু বছৰ ধৰি পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখা অসমৰ পৰা আন ৰাজ্যলৈ বিশেষকৈ মন্দিৰলৈ হাতী স্থানান্তৰক লৈ আশংকাগ্ৰস্ত।

অসমৰ পৰা হাতী পৰিবহণ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ মহাপৰিদৰ্শক এচ কে খান্দুৰীয়ে ২০১৪ চনৰ জানুৱাৰিত অসমৰ বন বিভাগক নিৰ্দেশ দিছিল।

CUPA আৰু WRRC, বেংলুৰুৰ সভানেত্ৰী আৰু ন্যাসৰক্ষী সুপৰ্ণা গাংগুলীৰ এক অভিযোগৰ ভিত্তিত খান্দুৰীয়ে এই প্ৰতিক্ৰিয়া কৰিছিল।

পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ তাস্ক ফ’ৰ্চৰো প্ৰাক্তন সদস্যা গাংগুলীয়ে অসমৰ পৰা কেৰালাৰ মন্দিৰলৈ এটা হাতী স্থানান্তৰ কৰা সন্দৰ্ভত মন্ত্ৰ্যালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

কেৰালাৰ মন্দিৰলৈ স্থানান্তৰ কৰা হাতী এটা বৰপেটাত জব্দ কৰা হৈছিল। গাংগুলীয়ে কৈছিল যে স্থানান্তৰৰ চেষ্টাটো নিৰ্ধাৰিত বিধিৰ এক স্পষ্ট উলংঘন আছিল।

লখিমপুৰৰ চান্দধৰাৰ পৰা কেৰালাৰ পদ্মনাভ স্বামী মন্দিৰলৈ হাতীটো নি থকা হৈছিল।

হাতীটো এখন মুকলি ট্ৰাকত লৈ যোৱা হৈছিল আৰু তাৰ আটাইকেইটা ঠেঙৰ লগতে ডিঙিটোও বান্ধি ৰখা হৈছিল। ট্ৰাকখনত হাতীটোৰ বাবে খাদ্য আৰু পানীৰ কোনো ব্যৱস্থা নাছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, যাত্ৰাৰ অনুমতি পত্ৰ কেৰালাৰ জনৈক এ কুত্তি পিল্লাইৰ নামত জাৰি কৰা হৈছিল। আৰু তেওঁ জনাইছিল যে এজন কেন্দ্ৰীয় মন্ত্ৰীৰ হৈ হাতীটো এটা মন্দিৰত দান দিয়াৰ বাবে নিয়া হৈছিল।

তাৰ পূৰ্বে সহকাৰী বন মহাপৰিদৰ্শক চি মূৰ্তিয়ে ২০১৩ চনৰ ৭ নৱেম্বৰত এক জাননী (F.No.2-31/2013/PE)ৰ যোগেদি কৈছিল যে ধৰ্মীয় উদ্দেশ্যত হাতী পৰিবহণৰ বাবে আপত্তিহীনতাৰ প্ৰমাণপত্ৰ জাৰি কৰা হৈছে।

জাননীখনৰ মতে ধৰ্মীয় উদ্দেশ্যৰ নামত আপত্তিহীনতাৰ প্ৰমাণপত্ৰ জাৰি কৰাটো বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ৪৩নং ধাৰাৰ উলংঘন হ’ব বুলি মন্ত্ৰ্যালয়ে মত পোষণ কৰিছিল।

বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ ৪৩নং ধাৰাৰ ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে অনুসৰণ কৰাৰ বাবে মূৰ্তিয়ে সকলো মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনক নিৰ্দিষ্টভাৱে নিৰ্দেশ দিছিল।

পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাৰ বিষয়াসকলৰ মতে অসমৰ ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক হাতীসমূহে ভাৰতৰ বিভিন্ন মন্দিৰত জঘন্য, নৃশংস আৰু শোচনীয় জীৱন কটাইছে।

হস্তী প্ৰকল্প শাখাৰ বিষয়াসকল অসমৰ হাতীক লৈ ইমান সহানুভূতিশীল হৈ থকাৰ সময়ত গুজৰাটলৈ চাৰিটা হাতী নিয়া সন্দৰ্ভত তেওঁলোকক অৱগত কৰাটো অসমৰ বন বিভাগৰ কৰ্তব্য নাছিলনে?

হস্তী প্ৰকল্প শাখাই ভাৰতৰ সকলো বন্দী হাতীৰে তথ্য সংৰক্ষণ কৰে, আৰু গুজৰাটলৈ পোৱালি হাতীকেইটা নিয়া সন্দৰ্ভত তেওঁলোকক জনোৱাটো অসমৰ বন বিভাগৰ কৰ্তব্য হ’ব পাৰিলেহেঁতেন।

গুজৰাটলৈ অসমৰ হাতী চাৰিটা নিয়াক লৈ অসমৰ বন্যপ্ৰাণী কৰ্মীসকল শংকাত আছিল, আৰু আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ত দুটাকৈ গোচৰো তেওঁলোকে ৰুজু কৰিছে।

আচৰিত কথা হৈছে বাওঁফালৰ আগঠেঙত গুলীৰ নুশুকোৱা অৱস্থাতে ৰূপসিঙ নামৰ মতা পোৱালি হাতীটোক আহমেদাবাদলৈ নিবলৈ বন বিভাগে সুস্থতাৰ প্ৰমাণপত্ৰ দিছে। গুলীৰ আঘাতে ইংগিত দিয়ে যে পোৱালি হাতীটো আঘাত কৰি বন্দী কৰাৰ বাবে চোৰাং বেপাৰীসকলে গুলী চলাইছিল।

বা, চাৰিটা হাতীৰ দুটা বনৰ পৰা ধৰা কাৰণে, আৰু ২০১৮ চনৰ ৩০ ডিচেম্বৰত দাখিল কৰা ৯০৫টা বন্দী হাতীৰ তালিকাত সিহঁতৰ নাম নথকাৰ কাৰণে অসমৰ বন বিভাগে কথাটো লুকুৱাব খুজিছিল নেকি?