• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

SEBIৰ শপতনামাত উন্মুক্ত মোদী চৰকাৰৰ মিথ্যাচাৰ! কঠোৰ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 4:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী গ্ৰুপৰ প্ৰতিষ্ঠানসমূহৰ SEBIৰ তদন্তৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ অন্য এক মিথ্যাচাৰ ওলাই পৰিছে। যোৱা সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ত SEBIএ দাখিল কৰা শপতনামাত মোদী চৰকাৰৰ এই মিথ্যাচাৰ উন্মুক্ত হৈ পৰে।

উল্লেখ্য যে, ২০২১ চনৰ ১৯ জুলাইত কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত SEBIএ আদানী গ্ৰুপৰ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় লেনদেনসমূহৰ তদন্ত কৰি অহা বুলি প্ৰকাশ কৰিছিল। কিন্তু SEBIএ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰাৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১৬ চনৰ পৰাই SEBIএ আদানী গ্ৰুপৰ কোনো প্ৰতিষ্ঠানৰে বিত্তীয় লেনদেন তদন্ত কৰা নাই। SEBIৰ এই শপতনামাৰ পাছতে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়প্ৰকাশ ৰমেশে এই সন্দৰ্ভত টুইট কৰি কয় যে  ২০২১ চনৰ ১৯ জুলাইত কেন্দ্রীয় বিত্তমন্ত্রী পংকজ চৌধুৰীয়ে লিখিত উত্তৰত টুইটযোগে ছেবিয়ে আদানী গোটৰ তদন্ত কৰি আছে বুলি প্রকাশ কৰিছিল৷

Apply Now

“এতিয়া ছেবিয়ে উচ্চতম ন্যায়ালয়ক কয় যে তেওঁলোকে আদানীৰ বিৰুদ্ধে উত্থাপিত কোনো গুৰুতৰ অভিযোগৰ তদন্ত কৰা নাই! কোনটো বেছি বেয়া—সংসদক বিভ্ৰান্ত কৰা, নে লাখ লাখ বিনিয়োগকাৰীক অফশ্ব’ৰ শ্বেল কোম্পানী ব্যৱহাৰ কৰি ধন সৰবৰাহৰ অভিযোগ উঠাৰ পাছতো টোপনিত লালকাল দি থকাটো?” মন্ত্ৰী পংকজ চৌধুৰীৰ টুইটটো সংলগ্ন কৰি এক টুইটত এইদৰে কয় কংগ্ৰেছ নেতা ৰমেশে।

আনহাতে শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে টুইট কৰি ২০২১ চনৰ ১৯ জুলাইত দিয়া উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰীয়ে তদন্ত সন্দৰ্ভত দেশক মিছা কথা কৈছিল নেকি? আৰু কাৰ নিৰ্দেশত মিথ্যাচাৰৰ আশ্ৰয় লোৱা হৈছিল বুলিও প্ৰশ্ন কৰিছে।

ইফালে মোদী চৰকাৰৰ এই মিথ্যাচাৰ উন্মুক্ত হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ এক কঠোৰ স্থিতিয়ে মোদী চৰকাৰ, SEBI আৰু আদানী গ্ৰুপকো মোক্ষম আঘাত দিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদানী গ্ৰুপৰ হিণ্ডেনবাৰ্গৰ ৰিপ’ৰ্টৰ সন্দৰ্ভত SEBIএ তদন্ত অব্যাহত ৰাখিছে আৰু এই তদন্তৰ প্ৰতিবেদন যোৱা ২ মে’ত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল নিৰ্দেশ দিয়া হৈছিল।

কিন্তু SEBIএ ২ মে’ত প্ৰতিবেদন দাখিল কৰাৰ বিপৰীতে তদন্তৰ সম্পূৰ্ণ কৰিবলৈ আৰু ছমাহ সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাইও সৰ্বোচ্চ ন্যায়ালয়ক SEBIক আৰু ছমাহ সময় দিবলৈ অনুৰোধ কৰে।

বুধবাৰে উচ্চতম ন্যায়ায়লৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিভাগীয় বিচাৰপীঠে এই আবেদন খাৰিজ কৰি কয় যে অহা ১৪ আগষ্টৰ ভিতৰত SEBIএ তদন্তৰ প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব। ইতিমধ্যে SEBIক পাঁচ মাহ দিয়া হৈছে আৰু ছমাহ সময় দিব নোৱাৰি। SEBIএ অহা ১৪ আগষ্টৰ ভিতৰত উচ্চতম ন্যায়ালয় প্ৰতিবেদন দাখিল কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে এতিয়া মোদী চৰকাৰ, SEBI আৰু আদানী গ্ৰুপৰ অস্তত্বিত পৰা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd