হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

কিংবদন্তি মাৰাডোনাৰ সৈতে পুত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

২০২০ চনত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু হয়। এই দুখৰ খবৰত স্তম্ভিত হৈ পৰে সমগ্ৰ ফুটবল জগত। এই কিংবদন্তি ফুটবল তাৰকাগৰাকীয়ে ৬০ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছিল যদিও তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ডিয়েগো মাৰাডোনাৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে। আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। কিন্তু, তেওঁৰ মৃত্যুৰ পিছত বহু প্ৰশ্নৰ উত্থাপন হৈছে। আনকি, বহুতে তেওঁৰ চিকিৎসা প্ৰক্ৰিয়াত সন্দেহ কৰিছিল। এই সন্দেহৰ অন্ত পেলাবলৈ মাৰাডোনাৰ চিকিৎসক আৰু পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও সম্পূৰ্ণ তদন্ত কৰা হৈছিল।

লগতে পঢ়কঃ মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

শেহতীয়াকৈ ডিয়েগো মাৰাডোনাৰ পুত্ৰই এক সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য কৰিছে। ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা জুনিয়ৰে কয় যে তেওঁৰ পিতৃক হত্যা কৰা হৈছিল। আৰু যিয়ে হত্যা কৰিছে, তেওঁক সকলোৱে ভালদৰে চিনি পায়। এই কথা শুনাৰ লগে লগে সমগ্ৰ ফুটবল জগতত তোলপাৰ লাগিল।

তেওঁ কয়, ‘এতিয়াও তদন্ত চলি আছে। আমি অৰ্থাৎ তেওঁৰ সন্তানসকলে আৰ্জেণ্টিনাৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছো। মোৰ দৃঢ় বিশ্বাস যে বিষয়টো ইমান সহজে শেষ নহ’ব।’

তেওঁ লগতে কয়, ‘তেওঁলোকে মোৰ দেউতাকক হত্যা কৰিলে। কিন্তু, কোনে হত্যা কৰিলে সেয়া কোৱাটো মোৰ কাম নহয়। এই বিষয়ে মোৰ নিজৰ ধাৰণা আছে। কিন্তু, মই তেনেকৈ ক’ব নোৱাৰো। তেওঁলোকে মোৰ দেউতাকক বচাব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তে তেওঁক নিজৰ ভাগ্যৰ ওপৰত এৰি দিলে। এটা কথা ক’ব পাৰো যে মই জীৱনৰ শেষলৈকে ন্যায়ৰ বাবে যুঁজিম।’

লগতে পঢ়কঃপ্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

শেষত ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা জুনিয়ৰে কয়, ‘দেউতা যোৱাৰ পিছত মোৰ জীৱনত গভীৰ শূন্যতা আহিছে। সেইটোৱে মোক কেতিয়াও এৰি নাযায়। কিন্তু, সমগ্ৰ পৃথিৱীয়ে তেওঁক যিদৰে মৰম দিছে, সেইটোলে এই শূণ্যতা কিছু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে। মই একেবাৰেই নাভাবো যে পিতৃৰ মৃত্যু স্বাভাৱিক আছিল। এই কথা মই মোৰ জীৱনত কেতিয়াও মানি ল’ব নোৱাৰো। এইটো একেবাৰেই উপযুক্ত সময় নহয়।’