• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 3:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিএছপিয়ে। ‘মিত্ৰতা নাকচ’ কৰি মায়াৱতীয়ে দিলে ডাঙৰ বাৰ্তা। বিএছপিৰ অধ্যক্ষই কয়, ধৰ্মৰ আঁৰত ৰাজনীতিৰ কৰাৰ চেষ্টা চলি আছে। এই চৰকাৰৰ অধীনত অনুসূচিত জাতি-জনজাতিয়ে চৰকাৰী চাকৰিৰ সুবিধা লাভ কৰা নাই। উত্তৰ প্ৰদেশ চৰকাৰে আমাৰ পৰিকল্পনাৰ ডুপ্লিকেট কৰিছে। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া নাই।

বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে সোমবাৰে নিজৰ ৬৮ সংখ্যক জন্মদিনত অকলে আগবঢ়াৰ কথা ঘোষণা কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিএছপিয়ে অকলেই যুঁজিব বুলি স্পষ্ট কৰি দিছে মায়াৱতীয়ে।

কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু বিজেপিকো আক্ৰমণ কৰে বিএছপি নেত্ৰীগৰাকীয়ে। মায়াৱতীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকো লক্ষ্য কৰি লৈছিল। একে সময়তে তেওঁ জন্মদিনত এটা ডাঙৰ ঘোষণা কৰি আগন্তুক নিৰ্বাচনত তেওঁৰ দলে কোনো মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি মন্তব্য কৰিছে।

Apply Now

লগতে পঢ়কঃ প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

মায়াৱতীয়ে কয়, “দেশত লোকসভা নিৰ্বাচনৰ বাবে মাত্ৰ কেইমাহমান বাকী আছে। মই পুনৰ কওঁ যে আমি অকলে লোকসভা নিৰ্বাচনত যুঁজ দিম। আমি কোনো দলৰ লগত মিত্ৰতা নকৰো। আমাৰ দলে অকলে যুঁজ দিয়ে কাৰণ আমাৰ শীৰ্ষ নেতৃত্ব দলিত সম্প্ৰদায়ৰ। আমাৰ ভোট হস্তান্তৰ হয়, কিন্তু মিত্ৰজোঁটৰ ভোট আমালৈ হস্তান্তৰ নহয়। ১৯৯৩ চনত সমাজবাদী পাৰ্টি আৰু ১৯৯৬ চনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আমি লাভৱান হোৱা নাছিলো।‘’

ইপিনে, ইভিএম ৰিগিং লৈ তেওঁ সৰৱ হৈ পৰে। মায়াৱতীয়ে কয়, মিত্ৰতাৰ সৈতে আমাৰ অভিজ্ঞতা হ’ল যে মিত্ৰতাৰ পৰা আমি অধিক লোকচানৰ সন্মুখীন হওঁ। সেইবাবেই দেশৰ অধিকাংশ দলে বিএছপিৰ লগত মিত্ৰতা কৰিব বিচাৰে। নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ কথা চিন্তা কৰিব পাৰি। মায়াৱতীয়ে লগতে কয় যে ইভিএমত যথেষ্ট ৰিগিং কৰা হয়, সেয়েহে বিএছপিয়ে লোকচানৰ সন্মুখীন হৈছে। ইভিএম ৰিগিংক লৈ হুলস্থুল আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰিছো যে অতি সোনকালে ইভিএম নিষিদ্ধ হ’ব।

বিএছপিৰ মুৰব্বীগৰাকীয়ে কয়, আমাৰ চৰকাৰ ৪ বাৰ ক্ষমতালৈ আহিছে। আমি দলিতৰ বাবে কাম কৰিছো। ধৰ্ম, সংস্কৃতিৰ আঁৰত ৰাজনীতি কৰি থকাটো গণতন্ত্ৰৰ বাবে ভাল নহয়। কংগ্ৰেছ, বিজেপি আৰু তেওঁলোকৰ মিত্ৰৰ আচৰণ বৰ্ণবাদী আৰু সাম্প্ৰদায়িক।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

মায়াৱতীয়ে কয় যে অনুসূচিত জাতি-জনজাতিৰ লগতে দেশৰ অন্যান্য জনসাধাৰণে সংৰক্ষণৰ সম্পূৰ্ণ সুবিধা লাভ কৰা নাই। আকাশ আনন্দক উত্তৰসূৰী কৰা হৈছে যদিও মই ৰাজনীতিৰ পৰা অৱসৰ লোৱা নাই। একাংশ সংবাদ মাধ্যমে এনে উৰাবাতৰি বিয়পাইছে যিবোৰ ভিত্তিহীন।

ৰাম মন্দিৰৰ নিমন্ত্ৰণ সন্দৰ্ভত বিএছপিৰ মুৰব্বীগৰাকীয়ে কয় যে মই নিমন্ত্ৰণ পাইছো, কিন্তু মই মোৰ দলৰ কাৰ্যসূচীত ব্যস্ত হোৱাৰ বাবে যোৱাৰ সিদ্ধান্ত লোৱা নাই। এই ক্ষেত্ৰত আমাৰ তথা আমাৰ দলৰ কোনো আপত্তি নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd