মানুহ এগৰাকী তেজো একেখিনিয়েই কিন্তু ৰিপৰ্টহে ভিন্ন ভিন্ন দুটা ওলাল! শিৱসাগৰত ওলাল এটা ৰিপৰ্ট আৰু ডিব্ৰুগড়ত ওলাল অন্য এটা ৰিপৰ্ট। শিৱসাগৰৰ ৰিপৰ্ট দেখি পেটতে হাত-ভৰি লুকাল ৰোগীৰ লগতে পুত্ৰ-পৰিয়ালৰ।
শিৱসাগৰৰ ৰিপৰ্ট অনুসৰি লিভাৰ-কিডনী সকলোতে জটিলতা থকা বুলি ওলাল এগৰাকী মহিলাৰ। শিৱসাগৰৰ সঞ্জীৱনী ডায়গন’ষ্টিকচৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।
ৰোগীৰ তেজ পৰীক্ষাৰ ৰিপৰ্টত ভয়ংকৰ বিসংগতি ওলোৱাত শিৱসাগৰৰ সঞ্জীৱনী ডায়গন’ষ্টিকচত উতপ্ত পৰিস্থিতি। আছুৰ বিষয়ববীয়াই জাবাবদিহি কৰিলে স্বতাধিকাৰীক। ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে শিৱসাগৰ নগৰত থকা ব্যক্তিগত খণ্ডৰ লেবৰেটৰী সঞ্জীৱনী ডায়গনষ্টিকচে। ৰোগীক ভুল ৰিপৰ্ট প্ৰদান কৰাৰ অভিযোগ সঞ্জীৱনী ডায়গন’ষ্টিকচৰ বিৰুদ্ধে। আৰু ইয়াৰ উত্তৰ বিচাৰি এইখন প্ৰতিষ্ঠানত উপস্থিত হৈ ৰোগীৰ আত্মীয়ৰ লগতে আছুৰ বিষয়ববীয়াই জবাবদিহি কৰিলে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীক। কিন্তু স্বত্বাধিকাৰীৰ লগতে পৰীক্ষা সম্পন্ন কৰা চিকিৎসকে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
হয়, ২২ অক্টোবৰ তাৰিখে শিৱসাগৰৰ নামতি অঞ্চলৰ সৰুমাই বৰা নামৰ মহিলা এগৰাকীৰ চুগাৰ, কিডনী আৰু লিভাৰৰ আদিৰ পৰীক্ষা কৰোৱা হৈছিল এইখন সঞ্জীৱনী ডায়গনোষ্টিকচত আৰু এই টেষ্টৰ ৰিপৰ্ট প্ৰত্যক্ষ কৰি চিকিৎসকে মহিলাগৰাকীৰ চুগাৰকে ধৰি কিডনী আৰু লিভাৰৰ জটিলতা থকা বুলি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়।
মাতৃৰ অসুখৰ জটিলতাৰ কথা গম পাই পুত্ৰই উন্নত চিকিৎসাৰ বাবে ৫ দিনৰ পাছত ডিব্ৰুগড়লৈ যায় আৰু তাত পুনৰ অনুৰূপ টেষ্ট কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ৰ লেবৰেটৰীত কৰা টেষ্টৰ ৰিপৰ্ট আৰু শিৱসাগৰৰ সঞ্জিৱনী ডায়গনষ্টিকচৰ ৰিপৰ্ট মাজত ওলাল বৃহৎ পাৰ্থক্য। ডিব্ৰুগড়ৰ এখন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কৰা স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট পৰীক্ষা কৰি চিকিৎসকে মহিলাগৰাকীৰ স্বাস্থ্যত কোনো জটিলতা নাই বুলি উল্লেখ কৰি ৰিলিজ দিয়ে মহিলাগৰাকীক।
আৰু তাৰ পাছতে আছুৰ বিষয়ববীয়া আৰু সৰুমাই বৰা পুত্ৰই সঞ্জিৱনী ডায়গনষ্টিকচ নামৰ প্ৰতিষ্ঠানখনত উপস্থিত হৈ স্বত্বাধিকাৰীক জবাবদিহি কৰে। মাত্ৰ ৫ দিনৰ অন্তৰত বেয়া হোৱা লিভাৰ কিডনী কোনো ঔষধ সেৱন নকৰাকৈ থিক হ’ল।
আনহাতে সঞ্জিৱনী ডায়গনষ্টিকচৰ স্বতাধিকাৰীয়ে উল্লেখ কৰে, যে কোনো ৰোগীৰ টেষ্ট শিৱসাগৰত কৰা নহয়, ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি এডিলাচ নামৰ প্ৰতিষ্ঠান খনলৈ প্ৰেৰণ কৰা হয় আৰু তাৰপৰাহে ৰিপৰ্টসমূহ প্ৰেৰণ কৰে। এই সন্দৰ্ভত এডিলাচ কৰ্তৃপক্ষক অৱগত কৰা বুলি দায়সৰা মন্তব্য স্বত্বাধিকাৰীৰ।
ইফালে, এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষলৈ আহ্বান জনাইছে আছুৰ বিষয়ববীয়াই। ৰোগীৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও সঁকিয়নি ছাত্ৰ সংগঠনটোৰ।
কেৱল এইখনেই নহয়, শিৱসাগৰৰ বহু লেবৰটেৰীতে ভুল ৰিপৰ্ট দি কেৱল ব্যৱসায়িক মুনাফা লুটাৰ স্বাৰ্থত ৰোগীৰ জীৱনৰে হেতালি খেলা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈ আহিছে।