DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত বিজেপি নেতাক আঁঠু কঢ়াই ক্ষমা খোজালে জিতেন দত্ত বাহিনীয়ে

অসমীয়া জাতি আৰু অসমীয়া ভাষাক লৈ অশ্লীল মন্তব্য কৰিছিল তেজা দেব নামৰ বিজেপি নেতাজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2019 3:11 pm
4.4k
VIEWS
Share on FacebookShare on Twitter

ডিগবৈত অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বিষয়ে অশ্লীল মন্তব্য কৰা বিজেপিৰ এজন নেতাক আজি পুৱাই ধৰি আনি স্থানীয় যুৱকসকলে টিংৰাই বজাৰ তিনি আলিত আঁঠু কঢ়োৱাৰ লগতে ক্ষমা খুজিবলৈ বাধ্য কৰে। আঁঠু কাঢ়ি থকা অৱস্থাত তেজাক ‘জয় আই অসম’ লিখা আৰু তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰি তথা তাৰ বাবে ক্ষমা খোজা বুলি লিখা প্লেকাৰ্ড ধৰি থাকিবলৈ বাধ্য কৰায়। ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষী উপস্থিত হৈ তেজা দেবক আটক কৰি লৈ যায়।

জানিব পৰামতে অভিযুক্তজনৰ নাম তেজা দেব আৰু তেওঁ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ঘনিষ্ঠ। যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ বগাপানী কলনিৰ বিজেপি ৱাৰ্ড মেম্বাৰ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।

আনহাতে তেজা দেবে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা নিজৰ দাদাগিৰি দেখুৱাই অহাৰো অভিযোগ আনিছে স্থানীয় লোকসকলে। আজি ক্ষুভিত যুৱকসকলে তেওঁক বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ সমীপতে আঁঠু কঢ়াই ৰাখি বিধায়কজনৰ প্ৰতিও এক সকীয়নি প্ৰেৰণ কৰিলে।

আনহাতে আলফা নেতা জিতেন দত্তই এনে কাম কাকো নকৰিবলৈ সকীয়াই দিয়ে। অন্যথা সহ্য কৰা নহ’ব বুলি কয়। “তেজা দেবে বৰ অশ্লীলভাৱে অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰি মন্তব্য দিছিল ফেচবুকত। অসমীয়া নক’বৰ বাবে সকীয়াই দিছিল। আমাৰ ভাইটি, সতীৰ্থসকলে ধৰি আনি বজাৰ তিনি আলিত মাফ খোজাই।” জিতেন দত্তই কয়।

তেওঁ ইয়াক এটা নমুনা বুলি উল্লেখ কৰি কয়, “আমি ইয়াৰ যোগেদি ইয়াত থকা বেংগলী মানুহখিনিক ক’ব বিচাৰিছো। আমি কোনো বেংগলী বিৰুদ্ধাচৰণ কৰা নাই। অসমীয়া, বেংগলী, বিহাৰী, মাৰোৱাৰী চব একেলগে আছো। কিন্তু সেইবুলি জাতিটো, ভাষাটোক অপমান কৰিলে সহ্য কৰা নহ’ব। সেইটো একেবাৰে স্পষ্ট। ইয়াত কোনো বিজেপিৰ দালালি নচলিব। বিজেপিৰ লিডাৰ বুলি কৈ কোনোবাই অসমীয়া ভাষাটোক অপমান কৰিলে সহ্য কৰা নহ’ব।”

অসমীয়া বিৰোধী মন্তব্য দিলে ভৱিষ্যতে পৰিস্থিতি ইয়াতকৈ বেয়া হ’ব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে জিতেন দত্তই।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd