• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাৰুদ্ধ অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ দাবীৰে ৰাজ্যজুৰি কাইলৈ সাব্যস্ত কৰা হ’ব ডিজিটেল প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 7:56 pm
index.jpg
1.1k
VIEWS
Share on FacebookShare on Twitter

কাৰাৰুদ্ধ অখিলৰ কাৰাগাৰৰ ভিতৰত আজি অতিক্ৰম কৰিলে ২১০ টা দিন।

আজিও ৰাজ্যৰ বিভিন্ন থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে ১২ টাকৈ গোচৰ। তাৰে ৬ টা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে গগৈয়ে।

তথাপি অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গোচৰ বিজেপি চৰকাৰখনে জাপি থকা বুলি গুৰুতৰ অভিযোগ বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ।

বহু জাতীয়তাবাদী দল সংগঠনে ইতিমধ্যে লকডাউনৰ মাজতে নীতি নিয়ম বা সামাজিক ব্যৱধান মানি অখিলক মুক্তিৰ দাবীৰে প্ৰতিবাদ কৰি আহিছে।

উল্লেখ্য যে, অখিল গগৈৰ লগতে তেওঁৰ সংগ্ৰামী সতীৰ্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে বিটু সোণোৱাল আৰু মানস কোঁৱৰকো কাৰাৰুদ্ধ কৰি ৰাখিছে চৰকাৰে।

ইপিনে অখিল গগৈৰ লগতে বিটু সোণোৱাল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। কাৰাৰুদ্ধ দুয়োজন নেতাৰ শৰীৰত কোভিড১৯ লক্ষণে দেখা দিয়া বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

ক’ৰ’নাতংকৰ দোহাই দি যোৱা দুমাহ দিন ধৰি আটাইকেইজন কাৰাবন্দীকে পৰিয়ালৰ লোক আৰু তেওঁলোকৰ অধিবক্তাক সাক্ষাৎৰ অনুমতি দিয়া হোৱা নাই।

সংবাদ মাধ্যমত অখিল গগৈৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে চ’ছিয়েল মিডিয়াত অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক মুক্তিৰ দাবী উত্থাপন হোৱা দেখা গৈছে।

অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ কামনাৰে বন্তি প্ৰজ্বলন অনুৰাগীৰ

সামাজিক মাধ্যমত উত্থাপন হোৱা এই প্ৰতিবাদক অধিক সংগঠিত ৰূপ দি ৰাজ্যৰ কেবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে এইবাৰ অখিল গগৈৰ লগতে সতীৰ্থসকলৰ মুক্তিৰ দাবীত ডিজিটেল প্ৰতিবাদৰ সূচনা কৰিবলৈ আগবাঢ়িছে।

এইবাৰ চ’ছিয়েল মিডিয়াত সক্ৰিয় সকলোকে ডিজিটেলি অখিল গগৈক মুক্তিৰ দাবীৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজে।

কাইলৈ অৰ্থাৎ ৯ জুলাইৰ দিনা সকলোকে #justiceforAkhilGogoi #ReleaseAkhilGogoi #ReleaseAllAntiCAAProtesters লিখি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থী সমাজে।

অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ কামনাৰে বন্তি প্ৰজ্বলন অনুৰাগীৰ

ইতিমধ্যে, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি বহু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী সমাজে এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই জনসাধাৰণক টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে এই হেষ্টেগ লিখি প্ৰচাৰ কৰিবলৈ এক অভিযানো চলাইছে।

কণ্ঠশিল্পী মানস ৰবীনেও সকলোকে হেষ্টেগ লিখি সামাজিক মাধ্যমত বিলাই দিবলৈ আহ্বান জনাই ফেচবুক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে, কৃষক নেতা অখিল গগৈক কাৰগাৰৰ পৰাই শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে বীৰ লাচিত সেনা অসমৰ সচিব প্ৰধান শৃংখল চলিহাৰ লগতে বহু জাতীয়তাবাদী নেতাই।

ইপিনে, আজি অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ আশু আৰোগ্য কামনাৰে উজনি অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হয়।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd