• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাৰুদ্ধ অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ দাবীৰে ৰাজ্যজুৰি কাইলৈ সাব্যস্ত কৰা হ’ব ডিজিটেল প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 7:56 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাৰুদ্ধ অখিলৰ কাৰাগাৰৰ ভিতৰত আজি অতিক্ৰম কৰিলে ২১০ টা দিন।

আজিও ৰাজ্যৰ বিভিন্ন থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে ১২ টাকৈ গোচৰ। তাৰে ৬ টা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে গগৈয়ে।

Apply Now

তথাপি অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গোচৰ বিজেপি চৰকাৰখনে জাপি থকা বুলি গুৰুতৰ অভিযোগ বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ।

বহু জাতীয়তাবাদী দল সংগঠনে ইতিমধ্যে লকডাউনৰ মাজতে নীতি নিয়ম বা সামাজিক ব্যৱধান মানি অখিলক মুক্তিৰ দাবীৰে প্ৰতিবাদ কৰি আহিছে।

উল্লেখ্য যে, অখিল গগৈৰ লগতে তেওঁৰ সংগ্ৰামী সতীৰ্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে বিটু সোণোৱাল আৰু মানস কোঁৱৰকো কাৰাৰুদ্ধ কৰি ৰাখিছে চৰকাৰে।

ইপিনে অখিল গগৈৰ লগতে বিটু সোণোৱাল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। কাৰাৰুদ্ধ দুয়োজন নেতাৰ শৰীৰত কোভিড১৯ লক্ষণে দেখা দিয়া বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

ক’ৰ’নাতংকৰ দোহাই দি যোৱা দুমাহ দিন ধৰি আটাইকেইজন কাৰাবন্দীকে পৰিয়ালৰ লোক আৰু তেওঁলোকৰ অধিবক্তাক সাক্ষাৎৰ অনুমতি দিয়া হোৱা নাই।

সংবাদ মাধ্যমত অখিল গগৈৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে চ’ছিয়েল মিডিয়াত অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক মুক্তিৰ দাবী উত্থাপন হোৱা দেখা গৈছে।

অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ কামনাৰে বন্তি প্ৰজ্বলন অনুৰাগীৰ

সামাজিক মাধ্যমত উত্থাপন হোৱা এই প্ৰতিবাদক অধিক সংগঠিত ৰূপ দি ৰাজ্যৰ কেবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে এইবাৰ অখিল গগৈৰ লগতে সতীৰ্থসকলৰ মুক্তিৰ দাবীত ডিজিটেল প্ৰতিবাদৰ সূচনা কৰিবলৈ আগবাঢ়িছে।

এইবাৰ চ’ছিয়েল মিডিয়াত সক্ৰিয় সকলোকে ডিজিটেলি অখিল গগৈক মুক্তিৰ দাবীৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজে।

কাইলৈ অৰ্থাৎ ৯ জুলাইৰ দিনা সকলোকে #justiceforAkhilGogoi #ReleaseAkhilGogoi #ReleaseAllAntiCAAProtesters লিখি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে শিক্ষাৰ্থী সমাজে।

অখিল গগৈসহ সতীৰ্থসকলৰ মুক্তিৰ কামনাৰে বন্তি প্ৰজ্বলন অনুৰাগীৰ

ইতিমধ্যে, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি বহু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী সমাজে এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই জনসাধাৰণক টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে এই হেষ্টেগ লিখি প্ৰচাৰ কৰিবলৈ এক অভিযানো চলাইছে।

কণ্ঠশিল্পী মানস ৰবীনেও সকলোকে হেষ্টেগ লিখি সামাজিক মাধ্যমত বিলাই দিবলৈ আহ্বান জনাই ফেচবুক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে, কৃষক নেতা অখিল গগৈক কাৰগাৰৰ পৰাই শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে বীৰ লাচিত সেনা অসমৰ সচিব প্ৰধান শৃংখল চলিহাৰ লগতে বহু জাতীয়তাবাদী নেতাই।

ইপিনে, আজি অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ আশু আৰোগ্য কামনাৰে উজনি অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হয়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd