NORTHEAST NOW (Assamese)

চৰকাৰী অনুমতি অবিহনে বিদেশ ভ্ৰমণ; আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক নিলম্বন

July 20, 2021 6:41 pm · এন ই নাও নিউজ

অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক নিলম্বন কৰা হৈছে।

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক নিৰ্দেশযোগে আজি উপ মহাপৰিদৰ্শক  ৰৌণক আলী হাজৰিকাক নিলম্বন কৰে।

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে। সেইদৰে, তেওঁ কেইবাবাৰো নিয়ম উলংঘা কৰিছিল।

 

তেওঁ ১৯৯২চনত অসম আৰক্ষী সেৱাৰ বিষয়া (এপিএছ) হিচাপে যোগদান কৰিছিল।

বৰ্তমান হাজৰিকা অসম চৰকাৰৰ পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত আছিল।

এতিয়াৰ পৰা ৰৌণক আলী হাজৰিকাৰ মুখ্য কাৰ্যালয়টো আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত থাকিব আৰু নিলম্বিত আই পি এছ বিষয়াগৰাকীয়ে গৃহ তথা ৰাজনৈতিক বিভাগৰ অনুমতি অবিহনে কাৰ্যালয় এৰিব নোৱাৰিব।

Related News