প্ৰশ্ন – ১ : ৰাতি বাহিৰলৈ ওলালেই খুব ভয় লাগে। পিছে পিছে কিবা এটা আহি থকা যেন ভাব হয়। ৰাতি অকলে শুলে বিচনাৰ তলত কিবা এটা সোমাই থকা যেন লাগে। এই ভয়ৰ পৰা মুক্তিৰ উপায় কি? (প্ৰশ্নকৰ্তা – ললিত গগৈ, বয়স – ১৭, মাকুম)
উঃ তুমিও যে! সেয়া তোমাৰ মনৰ ভয়। ঠিক আছে, এটা কাম কৰিবা, লগত টৰ্চ এটা ৰাখিবা। তোমাৰ মনত সন্দেহ হ’লে, চৰ্টটো মাৰি চাবা। যেতিয়া ওচৰে পাজৰে একো নেদেখিবা তুমি নিশ্চিত হ’বা যে ক’তো একো নাই।
প্ৰশ্ন – ২ : মই জন্মসূত্ৰে হিন্দু ধৰ্মৰ মানুহ। মই ধৰ্মত বৰ এটা বিশ্বাস নকৰোঁ। এদিন কিবা এটা মন যোৱাত গো মাংস ভক্ষণ কৰিছিলোঁ। নিজ ইচ্ছাৰেই কৰিছিলোঁ। এবাৰেই মাথোঁ ভক্ষণ কৰিছিলোঁ। কিন্তু এতিয়া সেই কথাটো মনত পৰিলে পাপবোধ উদয় হয়? আত্মগ্লানি হয়। কি কৰোঁ? (প্ৰশ্নকৰ্তা – দিগন্ত বনিয়া, বয়স – ২৬, ওদালগুৰি)
উঃ এইটো এফালৰ পৰা সহজ আৰু আন এফালৰ পৰা জটিল।গো মাংস বিশ্বৰ এক বুজন সংখ্যক লোকৰ খাদ্য।কিন্তু, সাধাৰণতে হিন্দু সকলৰ কাৰণে গো মাংস নিষেধ।ধৰ্ম কেৱল ধৰ্ম নহয়,তাৰ লগত সংস্কৃতিৰো এক সম্পৰ্ক আছে।মনৰ মাজত খুদুৱনি আৰু সন্দেহ থাকিলে এইবোৰ কাম নকৰাই ভাল।কিন্তু, মই এনে বহুত হিন্দু মানুহৰ কথা জানো তেওঁলোকে আৰামত গো মাংস ভক্ষণ কৰে। বিদেশত থকা সকলৰতো কথাই নাই।
প্ৰশ্ন – ৩ : মই এজন ছাত্ৰ। এইবাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। পৰীক্ষা যিমান ওচৰ চাপি আহে সিমানেই মনটো চঞ্চল হয়। বাহিৰা কথাবোৰে মনটো আগুৰি ধৰে। পঢ়াত একাগ্ৰতা আনিবলৈ কিবা উপায় দিব নেকি? (প্ৰশ্নকৰ্তা – নাম ঠিকনা প্ৰকাশত অনিচ্ছুক)
উঃ এনে এটা উপসৰ্গ আছে।কিন্তু, তুমি মনটো বান্ধিব পাৰিব লাগিব।তুমি সদায় নিৰ্দ্দিষ্ট সময় এটা পাঠ্যপুথি পঢ়াৰ কাৰণে ৰাখিবই লাগিব।সেই সময়ত অইন কথা বন্ধ। সেইটো নকৰিলে
নহ’ব।
প্ৰশ্ন – ৪ : মই নিজকে এজন সচেতন যুৱক বুলি ভাবোঁ। সমাজত ঘটি থকা ঘটনাৰাজী তথা সমাজৰ চিষ্টেমটোৰ প্ৰতি মোৰ বিৰাগ জন্মিছে। মই ভাবোঁ, আদৰ্শগত ৰাজনীতিৰ মাধ্যমেৰেহে এই সমস্যাবোৰ সমাধান কৰিব পৰা যাব। বুজি পাওঁ যে হাতত ৰাজনৈতিক ক্ষমতা নাথাকিলে সমাজখন সংস্কাৰ কৰাটো বৰ কঠিন। মই সক্ৰিয় ৰাজনীতিত যোগ দিব খুজিছোঁ। কোনটো দল বা কেনে আদৰ্শগত ৰাজনীতি মানি চলা দলত যোগদান কৰোঁ? ( অজিৎ কুমাৰ ঘৰফলীয়া, ৩৫, মৰিয়নি)
উঃ এইটো প্ৰশ্নৰ মই কি উত্তৰ দিওঁ? মই নিজে উদাৰ মানৱতাবাদ আৰু সমাজ গণতন্ত্ৰৰ অদৰ্শত বিশ্বাসী।ভাৰতৰ বৰ্তমান পৰিস্থিতিত যিটো ৰাজনৈতিক দলে বা যিবোৰ ৰাজনৈতিক দলে সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ স্বতন্ত্ৰতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে মোৰ সমৰ্থন তেওঁলোকৰ পক্ষত থাকিব। তোমাক মই এটা প্ৰত্যক্ষ উত্তৰ দিব নোৱাৰিলোঁ।
(উত্তৰদাতা- অৰিন্দম বৰুৱা)