• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্নয়নৰ ফোপোলা স্বৰূপ : কাঠৰ দলঙৰ ঠাইত হ’ব লাগিছিল পকী দলং কিন্তু হ’ল বাঁহৰ দলং

ঠিকাদাৰৰ লুণ্ঠনৰ বাবে আৰক্ষী বিষয়াই নিৰ্মাণ কৰি দিবলগীয়া হ’ল বাঁহৰ সাকো

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , August 31, 2020 5:07 pm

2 min read

উন্নয়নৰ ফোপোলা স্বৰূপ : কাঠৰ দলঙৰ ঠাইত হ’ব লাগিছিল পকী দলং কিন্তু হ’ল বাঁহৰ দলং

ফটো : নৰ্থ-ইষ্ট নাও

141
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ সীমান্ত এলেকা কোকিলা-গুনিয়ালগুৰী সংযোগী দলঙৰ জৰাজীৰ্ণ ৰূপ একাংশ প্ৰচাৰ মাধ্যমত বাৰে বাৰে প্ৰকাশ হোৱাৰ পিছত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই ৰাইজৰ সুবিধাৰ্থে বাঁহৰ সাকো নিৰ্মাণ কৰি দিয়ে।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত লাচিত চিলাৰায় আঁচনিৰ অধীনত বিধায়ক আব্দুল হাই নাগৰীয়ে ২০১৮ চনৰ ২৭ মে’ত ৩৮.৭৬ মিটাৰ দীঘল ১৬৯.৯৩ কোটি টকাৰ ব্যয় সাপেক্ষে দলঙৰ কাম আৰম্ভ কৰে।

কিন্তু ঠিকাদাৰ জামিনুৰ খন্দকাৰে লেহেমীয়া আৰু নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে ৰাইজে টুলুঙা নাওৰে পকেটৰ টকা দি পাৰাপাৰ হ’ব লগীয়া হৈছে।

বিগত আঢ়ৈটা বছৰে যমৰ যাতনাত ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ জন সাধাৰণ।

পূৰ্বতে ইয়াত থকা কাঠৰ দলংখন ভাঙি সম্পূৰ্ণ কাঠ ঠিকাদাৰজনে লৈ গৈ বাঁহৰ সাকো নিৰ্মাণ কৰি দিয়ে। কিন্তু নিৰ্মাণৰ কিছু দিন পিছতেই সাকোখন ভাঙি যাতায়ত অচল হৈ পৰে।

ইয়াৰ পিছত বহুবাৰ ৰাইজে দলংখন নিৰ্মাণ কৰে যদিও প্ৰায় এমাহ ধৰি ৰাইজে পাৰাপাৰ হ’ব পৰা নাই। দৈনিক হাজাৰ হাজাৰ ৰাইজৰ এইটো ৰাস্তাৰে পাৰাপাৰ হ’বলগীয়া হয়।

লকডাউনৰ আগতে ১২/১ৃ৪ খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এইখন দলঙেৰে পাৰাপাৰ হৈছে। বিভিন্ন সময়ত দুই এটা দুৰ্ঘটনাও সংঘটিত হোৱাৰ প্ৰমাণ আছে। ইয়াৰ পিছতো গা লৰা নাই বিধায়কৰ আশীষ পুষ্ট ঠিকাদাৰ জনৰ।

আনকি ঠিকাদাৰ জনে নামমাত্ৰ দুই তিনিজন শ্ৰমিক লৈ মাটিযুক্ত বালিৰে কাম কৰি আছে। লকডাউনৰ আগত কাম বন্ধ ৰাখি এতিয়া লকডাউনৰ সময়ত লকডাউনৰ বাহানা দি মাত্ৰ ২-৩ শ্ৰমিকেৰে কাম কৰি আছে। সেয়ে ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

দলং খনেৰে মানুহ পাৰাপাৰ হ’ব নোৱাৰাৰ বাবে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই ৰাইজৰ সুবিধাৰ্থে পুনৰ এখন বাঁহৰ সাকো নিৰ্মাণ কৰি দিয়ে।

আৰক্ষী বিষয়াজনৰ এনে মানসিকতাক সকলোৱে প্ৰশংসা কৰিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd