NORTHEAST NOW (Assamese)

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজ; শীঘ্ৰে মেৰামতিৰ দাবী

November 19, 2019 2:19 pm · ইয়াছিন আলী
ফটো : নৰ্থ-ইষ্ট নাও

পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ গঠনৰ তিনিবছৰ পাছতো আজি পৰ্যন্ত পকীকৰণ নহ’ল বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বৃহত্তৰ অঞ্চলক সংযোগ কৰা এখন কাঠৰ জৰাজীৰ্ণ দলং।

নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা এই দলংখনৰ বাবে যমৰ যাতনা ভুগিছে হাজাৰ-হাজাৰ পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী।

ইফালে আজি দলঙেৰে গৈ থকা অৱস্থাত দলঙত থকা ডাঙৰ ফাকত এটা ঘোৰাৰ ভৰি সোমাই গৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

স্থানীয় ৰাইজে এই ঘটনাটোক তেনেই সাধাৰণ বুলি আখ্যা দি কয় যে এই দলংখনত ইতিমধ্যে ভয়ংকৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

মৰণফাণ্ডত পৰিণত হোৱাৰ পিছতো গড়কাপ্তানী বিভাগে দলংখন মেৰামতি তথা পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।

উল্লেখ্য যে স্থানীয় বিধায়ক আব্দুল হাই নাগৰীক দলংখন মেৰামতি কৰি দিবলৈ ৰাইজে বহুবাৰ অনুনয় বিনয় কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

অঞ্চলবাসীয়ে এতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দলংখন মেৰামতি কৰি দিবৰ বাবে দাবী জনাইছে।

Related News