• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটিছে নিৰ্মাণ কৰা ভাৰতৰ একমাত্ৰ কপিকলযুক্ত দলংখন এতিয়া ধ্বংসৰ গৰাহত

সংৰক্ষণৰ অভাৱত যিকোনো সময়ত দিখৌৰ প্ৰবল সোঁতত উটি যোৱাৰ আশংকা

 পাৰ্শ্বজ্যোতি গগৈ by  পাৰ্শ্বজ্যোতি গগৈ
June 11, 2021 3:23 pm
s1
501
VIEWS
Share on FacebookShare on Twitter

ইতিহাস প্ৰসিদ্ধ এখন দলং।লণ্ডনৰ টেমছ নদীৰ ওপৰত থকা কপিকল যুক্ত দলং সদৃশ এই দলং।

কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে এই দলং।

১৯৩৫ চনত ব্ৰিটিছে নিৰ্মাণ কৰা এই দলংখন হল শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত অৱস্থিত কপিকলযুক্ত দিখৌ দলং। ভাৰতৰ ভিতৰত এইখনেই একমাত্ৰ কপিকল যুক্ত দলং হিচাবে জনা যায়।

এসময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই দলংখন এতিয়া সংৰক্ষণৰ অভাৱত জহিখহি গৈছে। যি কোনো মুহূৰ্ততে দিখৌ নদীৰ বাঢ়নী পানীত জাহ যাব পাৰে ভাৰতৰ একমাত্ৰ কপিকলযুক্ত এই দলংখন।

১৯৩৫ চনত ব্ৰিটিছ কোম্পানী Braithwaite-এ নিৰ্মাণ কৰিছিল এই খন দলং। সেই সময়ত ব‌্ৰিটিছে নিজৰ অভিযান্ত্ৰিক বৈশিষ্ট্যপূৰ্ণ তিনিখন দলং ভাৰতত নিৰ্মাণ কৰিছিল। ইয়াৰে এখন হ’ল কলিকতাৰ হুগলি ব্ৰিজ, আনখন বাংলাদেশৰ ওপঙা দলং আৰু তৃতীয়খন দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা এইখন কপিকলযুক্ত দলং।

sib

এই দলংখনৰ লগত সম্পৰ্ক আছে এগৰাকী অসমীয়াৰ। দলংখন নিৰ্মাণৰ মুখ্য দায়িত্বত আছিল অসম সন্তান অভিযন্তা হৰিপ্ৰসাদ বৰুৱা। তেওঁক সহযোগ কৰিছিল ব্ৰিটিছ অভিযন্তা জে এম কৰ্কচেজে।

দলংখনৰ কাৰিকৰী দিশটো চমকপ্ৰদ আছিল। তিনিটা ভাগত সজা হৈছিল এই দলংখন। দলংখনৰ মাজৰ ভাগটো ওপৰলৈ উঠাব পৰাকৈ সজা হৈছিল।

সেইসময়ত নাজিৰাত থকা অসম চাহ কোম্পানীৰ পৰা চাহ নিবলৈ অহা জাহাজসমূহ দলংখনৰ তলেদি কোনো অসুবিধা নোহোৱাকৈ অহা-যোৱা কৰিবৰ বাবে এইদৰে মাজৰ অংশটো ওপৰলৈ উঠাই দিব পৰাৰ ব্যৱস্থা কৰিছিল।

দলংখনৰ সন্দৰ্ভত বিশিষ্ট কবি, সাহিত্যিক তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে আমাৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।

বৰ্তমান দলংখন ধ্বংসৰ গৰাহত পৰিছে। দলংখনৰ চাৰিটা খুঁটাৰ প্ৰায় ৮০% জহিখহি গৈছে। যি কোনো সময়ত দিখৌ নদীৰ প্ৰবল বানত উটি যাব পাৰে এই ইতিহাস প্ৰসিদ্ধ দলংখন।

এতিয়া দাবী উঠিছে কপিকলযুক্ত এই দলংখন সংৰক্ষণৰ । সময় থাকোতেই সংৰক্ষণ কৰি ৰাখক এই দলং। পথচাৰীৰ বাবে নহ’লেও পৰ্যটকৰ বাবে সংৰক্ষণ হওক এই দলং। এই দাবী এতিয়া প্ৰতিজন শিৱসাগৰবাসীৰ।

দলংখন সংৰক্ষণৰ বাবে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই চৰকাৰক আহ্বান জনায়।

ইপিনে ঐতিহাসিক দিখৌ দলংখন সংৰক্ষণৰ বাবে আজি সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইপিনে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত পৌৰসভাই চিআইডিএফ ফাণ্ডত এই ঐতিহাসিক দলংখনৰ বাবে ৪২ লাখ টকাৰ এক আঁচনি তৈয়াৰ কৰিছিল যদিও বৰ্তমান সেই পৌৰসভাৰ কাৰ্যকাল শেষ হোৱাত আঁচনি আঁচনি হৈয়েই ৰ’ল। ক’ভিড পৰিস্থিতি ভাল হলে সেই আঁচনিৰ টকাৰে দলংখন সংৰক্ষণৰ ক্ষেত্ৰত পুনৰ নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে বিজেপিৰ জিলা সম্পাদক হেমন্ত গগৈয়ে।

এটা কথা সত্য— কি কংগ্ৰেছ কি বিজেপি কোনো এটা দলেই এই দলংখনৰ সংৰক্ষণত গুৰুত্ব প্ৰদান নকৰিলে। যাৰ বাবে প্ৰতিদিনাই ধ্বংস হবলৈ ধৰিছে এই দলংৰ এপদ এপদ সামগ্ৰী।

ইতিমধ্যে ব্ৰিটিছ চৰকাৰে শিৱসাগৰ জিলা প্ৰশাসনক এই দলংখনৰ আয়ুস উকলি যোৱা বুলি পত্ৰ প্ৰেৰণ কৰিছে। প্ৰশ্ন হয় শিৱসাগৰক আইকনিক চিটি হিচাপে ঘোষণা কৰা বিজেপি চৰকাৰে কাৰ্যক্ষেত্ৰত এই ঐতিহাসিক দলংখন সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নে? নে কেৱল আঁচনি ঘোষণাতেই সীমাৱদ্ধ থাকিব?এই প্ৰশ্ন শিৱসাগৰবাসীৰ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd