NORTHEAST NOW (Assamese)

চাপৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মছকাগুৰি পথৰ শোচনীয় অৱস্থা

May 29, 2021 4:52 pm · প্ৰণয় দেৱ ৰয়
Updated: May 29, 2021 4:53 pm
প্ৰতীকি ছবি

ধুবুৰী জিলাৰ চাপৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মছকাগুৰি লৈ যোৱা পথছোৱাৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। পথটোৰে নিতৌ পাঁচখন গাঁৱৰ প্ৰায় পাঁচ সহস্ৰাধিক ‌লোকে অহা যোৱা কৰে।
ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পাঁচখন গাঁও সংযোগী মূল পথটোৱে হ’ল এই পথ।
পথটোৰ দূৰৱস্থাৰ বাবে গাঁৱবাসী ভূগিছে এতিয়া যমৰ যাতনা।

এদিনৰ কিনকিনীয়া বৰষুণ দিলে পানীৰে ভৰি পৰে পথটো।
গাঁৱৰ ৰাইজে বহুকষ্টেৰে কৰিব লাগে অহা যোৱা।

পথটোৰ দুৰৱস্থাৰ বাৱে এই পথেৰে নাহে ১০৮ এম্বুলেঞ্চ।

উল্লেখ্য যে দুমাহ পূৰ্বে পথটোৰ মেৰামতিৰ বাবে আৱন্টন হৈছিল ১০ লাখ টকা।

কাম সম্পূৰ্ণ হ’ল কিন্তু পথটোৰ দূৰৱস্থা দূৰ নহ’ল। গাঁৱবাসীৰ দাবী পথটোৰে নিতৌ ছয়খনকৈ ইটা ভাটাৰ গাড়ী,টেক্টৰ,ডাম্পাৰে অবৈধ ভাবে মাটি কঢ়িয়াই অনাৰ ফলত পথটোৰ এই দূৰৱস্থা।
৬/৭ টাকৈ ইটা ভাটাৰ পৰা অহা ডাম্পাৰ,ট্ৰেক্টৰৰ বাবে অঞ্চলটোৰ ৰাইজে দুভোৰ্গ ভুগিবলগীয়া হৈছে।

ৰাইজে বাৰে-বাৰে বনবিভাগৰ লগতে চাপৰৰ চক্ৰ বিষয়াক উক্ত পথটোৰ বিষয়ে অৱগত কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব দিয়া নাই ।

যাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে ৰাইজ। ৰাইজে পথটোৰ দূৰৱস্থা দূৰ কৰি ৰাইজক সকাহ দিয়াৰ লগতে অবৈধ ভাবে মাটি কঢ়িওৱা ইটা ভাটা সমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Related News