• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ মৃত্যুত শোকস্তব্ধ তামুলপুৰবাসী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্রিয় নাট নিমাতী কইনা বড়ো ভাষালৈ অনুবাদ কৰিছিল তেওঁ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 29, 2021 5:25 pm
lehu
492
VIEWS
Share on FacebookShare on Twitter

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক, বিশিষ্ট সাহিত্য-
সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়োৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল।

উল্লেখ্য যে ১৯৫৮ চনৰ পাহিলা জানুৱাৰীত অবিভক্ত নলবাৰী জিলাৰ ভোলাঝাৰ দেওচুঙা গাঁওত অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰয়াত বগাৰাম বড়োৰ পুত্ৰ লেহো ৰাম বড়ো ছাত্র অৱস্থাৰ পৰাই অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল।

তামুলপুৰক ন কৈ সজাই পৰাই গঢ় দিয়াৰ ক্ষেত্ৰত যি সকল ব্যক্তিৰ ভূমিকা উল্লেখনীয় আছিল, সেই সকল ব্যক্তিৰ ভিতৰত লেহো ৰাম বড়োৰ ভূমিকাও আছিল অন্যতম।
লেহো ৰাম বড়ো তামুলপুত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত ২০০৫ চনত তেওঁৰ নিজস্ব পৰিকল্পনাৰে আটক ধুনীয়াকৈ সাজি উলিয়াইছিল তামুলপুৰৰ মটঙা নদীৰ পাৰত সমূহীয়া বিনোদন ক্ষেত্ৰখন (কেন্দ্ৰ), যিখন ক্ষেত্ৰই তামুলপুৰবাসীক আকৰ্ষণ কৰাৰ উপৰিও দেশী-বেদেশী পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

সুদীৰ্ঘ বছৰ ধৰি নিজৰ কৰ্ম ব্যস্ততাৰ মাজেৰে সময় উলিয়াই বিষ্ণুজ্যোতি জাতীয় বিদ্যালয় , তামুলপুৰ, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, তামুলপুৰ মহাবিদ্যালয় আদিকে ধৰি কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানত ছাত্র-ছাত্ৰী সকলক ইংৰাজী বিষয়ত পাঠদান কৰাৰ উপৰি কেবা গৰাকীও প্ৰতিভা সম্পন্ন ছাত্র ছাত্ৰীক বিভিন্ন ধৰণৰ গীত মাত শিকাই সাৱলীল ভাৱে সেই গীত সমূহ উপস্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ।

আকাশী লিটাৰেৰী ছ’চাইটিৰ উদ্যোগত লেহো ৰাম বড়োৰ বিশেষ প্ৰচেষ্টাত আজি বাৰ বছৰ ধৰি তামুলপুৰত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে।
অসমৰ এগৰাকী দক্ষ কুইজ মাষ্টাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা লেহো ৰাম বড়োয়ে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল বৰদৈছিলা থিয়েটাৰৰ সংগীত উপদেষ্টা হিচাপে কেইবা বছৰো অৰিহনা যোগোৱাৰ উপৰি অসমৰ জনপ্ৰিয় মাহেকীয়া বার্তালোচনী বাৰ্তা পখিলীৰ উপদেষ্টা হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈকে সেৱা আগবঢ়াই আহিছিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্রিয় নাট নিমাতী কইনাৰ বড়ো ভাষালৈ ৰূপান্তৰ কৰা নিমাতী খইনা আৰু জ্যোতি সংগীতৰ বড়ো ভাষালৈ তৰ্জমা কৰা স্বৌৰাং নামৰ এলবামটোৰ এগৰাকী প্ৰযোজকৰ লেখীয়াকৈ সকলো দিশতে অৰিহণা যোগাই সংস্কৃতি প্ৰেমী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

ক্ৰীড়া জগতৰ লগত জড়িত হৈ তেওঁ ২০০৯ চনৰ পৰা ২০১৩ চনলৈ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদ অলংকৃত কৰিছিল। তেওঁৰ মৃতদেহ আজি দুপৰীয়া তামুলপুৰলৈ লৈ অনা হয় আৰু সম্পূৰ্ণ কোভিড প্ৰট’ক’ল মানি প্ৰশাসন আৰু ৰাজনৈতিক নেতা কৰ্মী, গুণমুগ্ধ লোকৰ উপস্থিতিত কুমাৰীকাটাৰ কালা নদীৰ পাৰত শেষকৃত্য সম্পন্ন কৰা হয়।

শেষকৃত্য সম্পন্ন কৰাৰ পিছত তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম, বিধায়ক অশোক সিংহাল, বিটিচিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, অসম সাহিত্য সভাৰ বাৰ্তা সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাকে ধৰি তামুলপুৰৰ বিভিন্ন বিষয়া কৰ্মচাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ নেতা কৰ্মী, বিজেপি নেতা কৰ্মীৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেওঁ দুগৰাকী পুত্ৰ, আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd