অসমৰ প্ৰতিবাদকাৰীক কুকুৰৰ সৈতে ৰিজোৱা দিলীপ ঘোষ পুনৰ বংগৰ বিজেপি সভাপতি নিৰ্বাচিত

Dilip-Ghosh-1

দিলীপ ঘোষ{ ফাইল ফটো{

বিজেপিত যিমানেই মানৱতাহীন, সাম্প্ৰদায়িক আৰু উচটনিমূলক কথা ক’ব পাৰে সিমানেই গুৰুত্ব বৃদ্ধি পায় বুলি যি ধাৰণা আছে, তাক সত্য প্ৰমাণিত কৰি পশ্চিম বংগ বিজেপিৰ সভাপতিৰ পদলৈ পুনৰ নিৰ্বাচিত হ’ল সততে বিতৰ্কিত মন্তব্য কৰা দিলীপ ঘোষ।

ঘোষে ১২ জানুৱাৰিত এখন সভাত ৰাজহুৱা মন্তব্যত অসমৰ CAA-বিৰোধী প্ৰতিবাদকাৰীক কুকুৰৰ সৈতে ৰিজাই তুলনা কৰিছিল।

CAA-বিৰোধী প্ৰতিবাদত ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা’সকলৰ ওপৰত ভোটৰ স্বাৰ্থত মমতা বেনাৰ্জী চৰকাৰে একো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কৈছিল, “অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত থকা আমাৰ চৰকাৰে এই মানুহবিলাকক কুকুৰৰ দৰে গুলীয়াই মাৰিছে।”

দ্বিতীয় বাৰৰ বাবে পুনৰ তিনি বছৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা ঘোষ ২০১৫ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক অসমত এই মানুহ বিলাকক আমাৰ চৰকাৰে কুকুৰৰ দৰে গুলীয়াই মাৰিছে : দিলীপ ঘোষ

২০১৮ চনত তেওঁৰ কাৰ্য্যকাল অন্ত পৰিছিল যদিও লোকসভা নিৰ্বাচনৰ বাবে নতুন সভাপতি নিৰ্বাচন হোৱা নাছিল।

ঘোষৰ নেতৃত্বত ৰাজ্যখনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰি ১৮খনকৈ আসন লাভ কৰিছিল। ৰাজ্যখনত লোকসভাৰ ৪২খন আসন আছে।

আনহাতে ২০২১ চনত ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব, য’ত শাসনাধিষ্ঠিত তৃণমূলৰ বাবে বিজেপি হ’ব পাৰে আটাইতকৈ শক্তিশালী প্ৰত্যাহ্বান।

“আমি এতিয়া ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচন জিকিবলৈ যুঁজ দিম”, পুনৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ঘোষৰ মন্তব্য।