NORTHEAST NOW (Assamese)

ৰাম মাধৱ আঁতৰিল; বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত অসমৰ সাংসদ দিলীপ শইকীয়া

September 26, 2020 7:27 pm · কল্পজ্যোতি শইকীয়া

ৰাম মাধৱৰ সলনি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই।

শণিবাৰে নতুনকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতি গঠন হয়। সেই সমিতিত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ৩ গৰাকী অন্তৰ্ভুক্ত হয়।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উপৰিও নাগালেণ্ডৰ পৰা এম চুবা আও ৰাষ্ট্ৰীয় উপ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে এম কিকন ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰিছে।

ইপিনে, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াক ৰাজ্যখনৰ ৪২ লাখ কাৰ্য্যকৰ্তাৰ হৈ ৰাজ্যিক সভাপতিঈ ৰঞ্জিত দাসে অভিনন্দন জনায়।

বিজেপিৰ ৰাজ্যিক মেডিয়া কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিযোগে দাসে কয় ‘দিলীপ শইকীয়াই ইতিমধ্যে সংঘ পৰিয়াল, এবিভিপি পূৰ্ণকালীন কাৰ্য্যনিৰ্বাহক, ৰাজ্যিক বিজেপিৰ সম্পাদক, দলৰ মুখপাত্ৰ, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আদিৰ দৰে গুৰু পালন কৰি নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।‘

তেওঁ লগতে কয় ‘শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মতিথিৰ দিনাই শইকীয়াই লাভ কৰা সফলতাত আজিৰ দিনটো গৌৰৱৰ দিন হিচাপে বিবেচিত হৈছে। আশা কৰো অনাগত দিনত দিলীপ শইকীয়াৰ সবল নেতৃত্বত ৰাজ্যিক বিজেপিৰ বাঘজৰী অধিক শক্তিশালী হৈ উঠিব।‘

তাৎপয্যপূৰ্ণভাৱে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া দিলীপ শইকীয়া।

Related News