• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্য্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে তিনিখন বিশেষ আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগৰ

অসমৰ বাহিৰৰ পৰিৱৰ্তে অসমৰ ভিতৰতে ‘পূণ্য ধাম’ যাত্ৰাৰ সুবিধা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2020 8:35 pm
Jayanta Malla Boruah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯য়ে সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্য্যটন ক্ষেত্ৰত বহু পৰিমাণে বেয়া প্ৰভাৱ পেলোৱাৰ লগতে ক্ষতি সাধন কৰিছে। লকডাউনৰ সময়ছোৱাত বহু হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ৰাজ্যৰ পৰ্য্যটন বিভাগ।

সেয়েহে কোভিড মহামাৰীৰ মাজতো পুনৰ ৰাজ্যৰ পৰ্য্যটন বিভাগৰ উত্তৰণৰ কথা চিন্তা কৰি তিনিখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

Apply Now

ইয়াৰ ভিতৰত পৰ্য্যটন সঞ্জীৱনী নামৰ আঁচনিখনৰ জৰিয়তে পৰ্য্যটন ক্ষেত্ৰৰ লগত জড়িত তথা পঞ্জীয়ণভুক্ত লোকক সকাহ দিব  পৰা যাব বুলি সংবাদমেলত বৰুৱাই দাবী কৰে।

পঞ্জীয়নকৃত লোকক বিত্তীয় সকাহ প্ৰদান কৰাৰ বাবে ৱৰ্কিং লোন প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে বুলি উল্লেখ কৰি বৰুৱাই কয় ‘ইয়াৰ অধীনত ১ লাখৰ পৰা ২০ লাখ টকা পৰ্যন্ত ঋণ লাভ ১ বছৰলৈ ঋণ লওঁতাই কোনো সুত, কেপিটল প্ৰদান কৰিব নালাগে। এই সুতখিনি অসম চৰকাৰে বহন কৰিব। বিভিন্ন বেংকৰ লগত কথা পাতি তেওঁলোকক ঋণ লোৱাৰ ব্যৱস্থা কৰি দিয়া হ’ব।‘

১ নবেম্বৰৰ পৰা আৰম্ভ হবলগীয়া এই আঁচনিৰ লগতে ৩১ ডিচেম্বৰলৈ ঋণ লওঁতাৰ আবেদন কৰাৰ সুবিধা থাকিব  বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰোপৰি  উক্ত সংবাদমেলৰ জৰিয়তে পৰ্য্যটন সাৰথি নামৰ নতুন আঁচনি ঘোষণা কৰে অধ্যক্ষ বৰুৱাই। এই আঁচনিৰ জৰিয়তে পৰ্য্যটন বিভাগৰ সৈতে জৰিত লোকৰ সৈতে উচ্চস্তৰীয় লোকসকলে পোনপটীয়াভাবে যোগাযোগ ৰক্ষা কৰিব বুলি তেওঁ কয়।

পৰ্য্যটনৰ অংশীদাৰিত্ব থকাসকলৰ বাবে এটা বৈদ্যুতিক অনলাইন গেজেট মুকলি কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এই গেজেটৰ জৰিয়তে পৰ্য্যটকসকল কিবা অসুবিধাৰ সন্মুখীন হ’লে অংশীদাৰিত্ব থকা লোকে পোনে পোনে বিভাগীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰাব পাৰিব। পৰ্য্যটন বিভাগৰ সৈতে জৰিত যুৱ ব্যৱসায়ী বা জৰিত থকা অন্য লোকেও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। নৱেম্বৰ মাহটো তেওঁলোকে আবেদন কৰিব পাৰিব।‘

ইপিনে কোভিড মহামাৰীৰ বাবে পূণ্যধাম আঁচনিৰ কিছু সলনি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ জনায় যে এইবাৰ অসমৰ বাহিৰৰ পৰিবৰ্তে অসমৰ  বিভিন্ন পৰ্য্যটনস্থলীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

অহা ১ ডিচেম্বৰৰ পৰা এই ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। ৫০ বছৰৰ পৰা ৬৫ বছৰলৈকে জ্যেষ্ঠ লোকসকলক এই আঁচনিয়ে সামৰি ল’ব বুলিও তেওঁ উল্লেখ কৰে।

তদুপৰি, দুই এদিনতে এই পুণ্যধাম আঁচনিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি সদৰী কৰি তেওঁ জনায় যে অহা ১৫ নবেম্বৰলৈকে লোকসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব।

যদি ক’ভিডৰ পৰিবেশ কিছু উন্নত হয় তেন্তে ডিব্ৰু চৌখোৱাৰ বাৰেকুৰি, বাঘজান ইত্যাদি অঞ্চলত পৰ্য্যটন স্থান গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । এই ক্ষেত্ৰত অইল কৰ্তৃপক্ষই তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি তেওঁ সদৰী কৰে।

উক্ত অঞ্চলকেইটাত পৰ্য্যটন বিভাগে আন্তঃগাঁথনিৰ উন্নয়ন কৰাৰ লগতে আৱাস গৃহ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব বুলি বৰুৱাই উল্লেখ কৰে। ৫০-১০০ টা আৱাস গৃহ নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জনায়।

তদুপৰি অঞ্চলটোত হোম ষ্টে নিৰ্মাণ কৰাৰ লগতে কাছ, হলৌ বান্দৰ, মৎস্যৰ উৎপাদন, সংৰক্ষণৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব বুলিও তেওঁ কয় ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd