এনচিপিৰ প্ৰধান শাৰদ পাৱাৰৰ একালৰ ব্যক্তিগত সহযোগী দিলীপ ৱালছে পাটিলে মহাৰাষ্ট্ৰৰ নতুন গৃহমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ ল’ব।
সোমবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে পদত্যাগ কৰা পিছতে ৰাজ্যৰখনৰ নতুন গৃহমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰা হৈছে এনচিপিৰ প্ৰবীণ নেতাগৰাকীক।
মহাৰাষ্ট্ৰৰ বিধানসভালৈ সাতবাৰকৈ নিৰ্বাচিত হোৱা দিলীপ ৱালছে পাটিলে বৰ্তমানো এনচিপি দলৰ হৈ আম্বেগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে প্ৰতিনিধিত্ব কৰি আছে।
প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ এনচিপি নেতা শাৰদ পাৱাৰৰ ব্যক্তিগত সহায়কাৰীৰূপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা পাটিলে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰৰ আৱকাৰী আৰু শ্ৰম বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
স্মৰ্তব্য যে পাটিলৰ পিতৃও এনচিপিৰ প্ৰধান শাৰদ পাৱাৰৰ একালৰ ঘনিষ্ঠ আছিল। তেওঁৰ পিতৃ প্ৰাক্তন কংগ্ৰেছী নেতা দত্ত ৰায় পাটিল আৰু কংগ্ৰেছ দলৰ হৈ আম্বেগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল।
পাটিলে ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈ আম্বেগাঁও বিধানসভাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিল আৰু পিছলৈ শাৰদ পাৱাৰৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলত যোগদান কৰিছিল। তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ সংকটকালৰ অধ্যক্ষৰূপেও দায়িত্ব চম্ভালিছিল।
উল্লেখ্য যে মুম্বাই আৰক্ষীক মাহে ১০০ কোটি টকা সংগ্ৰহৰ নিৰ্দেশ দিয়া বুলি মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্তৰ বিস্ফোৰক অভিযোগৰ পিছতে মহাৰাষ্ট্ৰ সদ্য প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে পদত্যাগ কৰিবলৈ বাধ্য হয়।
ইতিমধ্যে বুম্বে উচ্চ ন্যায়ালয়ে প্ৰাক্তন গৃহমন্ত্ৰী দেশমুখৰ বিৰুদ্ধে উঠা অভিযোগ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিছে আৰু ইয়াৰ পিছতে দেশমুখে গৃহমন্ত্ৰীত্ব এৰিবলৈ বাধ্য হয়।