ডিমা হাচাও-কাৰ্বি আংলঙক নাগৰিকত্ব বিধেয়কৰ পৰা বাহিৰত ৰখাৰ দাবী ডিমা হাচাও কংগ্ৰেছৰ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি হাফলঙৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাও জিলা কংগ্ৰেছৰ নেতৃত্বই।
প্ৰতিবাদকাৰীয়ে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
প্ৰতিবাদত উপস্থিত থাকে জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচা, হাফলঙৰ পৰিষদীয় সদস্য ড্যানিয়াল লাঙঠাচা, প্ৰাক্তন ই এম মহেন্দ্ৰ কেম্প্ৰাইৰ উপৰি জিলা কংগ্ৰেছ উপ-সভাপতি ৰুদ্ৰজিত লাইছ্ৰাম, অৰিপম বড়ো, জ্যাক দাউলাগুপু, প্ৰবেশ কেম্প্ৰাই, আচিঙ জেমি আদি নেতা।
স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্য মন্ত্ৰীকো দিয়া হয়।
উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনত নৰেন্দ্ৰ মোদী চৰকাৰে নাগৰিকত্ব বিল আনিবৰ কাৰণে সম্পূৰ্ণ ভাৱে সাজু হৈছে। ইয়াক লৈ ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীত বিল বিৰোধী আন্দোলন আৰম্ভ হৈছে।
আজি হাফলঙত কংগ্ৰেছৰ এক প্ৰতিনিধি দলে হাফলং ৰাজীৱ ভৱনৰ পৰা এক সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰখন প্ৰদান কৰে। স্মাৰক পত্ৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ উপৰি অসম চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু ষষ্ঠ অনুসূচিক এই বিধেয়কৰ পৰা বাদ দিবলৈ স্পষ্ট ভাষাত উল্লেখ কৰা হয়।
সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধি ড্যানিয়াল লাঙঠাচায় কয়, ‘বিজেপি দল বা চৰকাৰ উত্তৰ-পূব তথা অসমৰ ৰাইজৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি অকল ভোট বেংকৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ অনাৰ কাৰণে উঠি পৰি লাগিছে’।
লাঙঠাচায় লগতে কয় যে কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব।
‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত আমি কোনো কাৰণতেই এই বিল বাস্তৱায়িত কৰিবলৈ নিদিও। এই বিল আইনত পৰিণত হ’লে জনগোষ্ঠীয় ৰাইজ বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লাগিব। এনে পৰিস্থিতিত পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজক এই বিলৰ বিৰোধিতাৰে ৰাজপথত ওলাই আহিব লাগিব’, এই আহ্বান জনায় ড্যানিয়ালে।
জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচায় কয় যে সমগ্ৰ উত্তৰ-পূবত বিল বিৰোধী আন্দোলন তীব্ৰতৰ হোৱাৰ পাছতো চৰকাৰ নিজৰ স্থিতিত অটল থকা পৰিলক্ষিত হৈছে। যি গণতন্ত্ৰৰ কাৰণে অতিকৈ ভয়ানক।