• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিয়াছেন হিমবাহত আবদ্ধ ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান; তীব্ৰ গতিত উদ্ধাৰ অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2019 10:34 pm

1 min read

Siachen

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.4k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ চিয়াছেন হিমবাহত ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান আৱদ্ধ হৈ পৰাৰ বাতৰি ভাৰতীয় সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ পাইছে।

চিয়াছেনৰ উত্তৰ প্ৰান্তত থকা ভাৰতীয় সেনা বাহিনীৰ পহৰাচকীত আজি আবেলি প্ৰায় ৩.৩০ বজাত হিমস্খলন আঘাত কৰে। হিমস্খলনৰ ফলত আঠগৰাকী জোৱান বৰফৰ মাজত আৱদ্ধ হৈ পৰে।

বৰফৰ মাজত আৱদ্ধ হৈ থকা সেনা জোৱান সকলক উদ্ধাৰ কৰাৰ বাবে বৰ্তমান ভাৰতীয় সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

মাইনাছ ৩০ ডিগ্ৰী ঠাণ্ডাত বৰফৰ মাজত আৱদ্ধ জোৱান কেইগৰাকীৰ উদ্ধাৰৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ চিয়াছেন হিমবাহত বৰ্তমানলৈ যুদ্ধতকৈ বেছি শীত আৰু প্ৰতিকুল বতৰৰ বাবে সেনাবাহিনীৰ জোৱানৰ মৃত্যু হৈছে।

যুদ্ধৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত চিয়েছেন হিমবাহ পাকিস্তান সেনাবাহিনীয়ে দখল কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ পাছতে ভাৰতে ১৯৮৪ চনৰ পৰা উক্ত স্থানত সেনা বাহিনী মোতায়েন কৰিছে।

বছৰৰ সকলো সময় বৰফেৰে আবৃত হৈ থকা চিয়াছেনত ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱানে তিনিৰ পৰা চাৰিমাহলৈ দায়িত্ব পালন কৰে।

ভাৰতীয় সেনা জোৱান সকলে নিজৰ সৈনিক জীৱনত চিয়াছেনত দেশমাতৃৰ সেৱাৰ বাবে দায়িত্ব লাভ কৰাটো সৌভাগ্যৱান হিচাপে বিৱেচনা কৰি আহিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd