• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাও-কাৰ্বি আংলঙক নাগৰিকত্ব বিধেয়কৰ পৰা বাহিৰত ৰখাৰ দাবী ডিমা হাচাও কংগ্ৰেছৰ   

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
November 19, 2019 7:04 am
IMG_20191118_191449

ফটো : নৰ্থ-ইষ্ট নাও

6.3k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি হাফলঙৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাও জিলা কংগ্ৰেছৰ নেতৃত্বই।

প্ৰতিবাদকাৰীয়ে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি  এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

প্ৰতিবাদত উপস্থিত থাকে জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচা, হাফলঙৰ পৰিষদীয় সদস্য ড্যানিয়াল লাঙঠাচা, প্ৰাক্তন ই এম মহেন্দ্ৰ কেম্প্ৰাইৰ উপৰি জিলা কংগ্ৰেছ উপ-সভাপতি ৰুদ্ৰজিত লাইছ্ৰাম, অৰিপম বড়ো, জ্যাক দাউলাগুপু, প্ৰবেশ কেম্প্ৰাই, আচিঙ জেমি আদি নেতা।

স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্য মন্ত্ৰীকো দিয়া হয়।

উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনত নৰেন্দ্ৰ মোদী চৰকাৰে নাগৰিকত্ব বিল আনিবৰ কাৰণে সম্পূৰ্ণ ভাৱে সাজু হৈছে। ইয়াক লৈ ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীত বিল বিৰোধী আন্দোলন আৰম্ভ হৈছে।

আজি হাফলঙত কংগ্ৰেছৰ এক প্ৰতিনিধি দলে হাফলং ৰাজীৱ ভৱনৰ পৰা এক সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰখন প্ৰদান কৰে। স্মাৰক পত্ৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ উপৰি অসম চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু ষষ্ঠ অনুসূচিক এই বিধেয়কৰ পৰা বাদ দিবলৈ স্পষ্ট ভাষাত উল্লেখ কৰা হয়।

সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধি ড্যানিয়াল লাঙঠাচায় কয়, ‘বিজেপি দল বা চৰকাৰ উত্তৰ-পূব তথা অসমৰ ৰাইজৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি অকল ভোট বেংকৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ অনাৰ কাৰণে উঠি পৰি লাগিছে’।

লাঙঠাচায় লগতে কয় যে কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব।

‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত আমি কোনো কাৰণতেই এই বিল বাস্তৱায়িত কৰিবলৈ নিদিও। এই বিল আইনত পৰিণত হ’লে জনগোষ্ঠীয় ৰাইজ বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লাগিব। এনে পৰিস্থিতিত পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজক এই বিলৰ বিৰোধিতাৰে ৰাজপথত ওলাই আহিব লাগিব’, এই আহ্বান জনায় ড্যানিয়ালে।

জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচায় কয় যে সমগ্ৰ উত্তৰ-পূবত বিল বিৰোধী আন্দোলন তীব্ৰতৰ হোৱাৰ পাছতো চৰকাৰ নিজৰ স্থিতিত অটল থকা পৰিলক্ষিত হৈছে। যি গণতন্ত্ৰৰ কাৰণে অতিকৈ ভয়ানক।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ৰেলপথ-ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd