ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

জলপ্ৰলয়ে কালান্তক ৰূপ ধাৰণা কৰা ডিমা হাচাওৰ পৰিস্থিতি আজিও উন্নত হোৱা নাই। আজিও জিলা খনৰ বৃহত্তৰ অঞ্চল বৰ্হি জগতৰ পৰা বিচ্ছিন্ন হৈয়েই আছে।

পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে হাফলঙকে ধৰি জিলা খনৰ বহু ঠাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনে সময়তে ডিমা হাচাওৰ ভয়াৱহ বান পৰিস্থিতিক “মানৱসৃষ্ট দুৰ্যোগ” বুলি অভিহিত কৰি প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত প্ৰাক্তন বিধায়কগৰাকীয়ে জিলাখনত নদীৰ পৰা বালি,শিল আহৰণ, কয়লাৰ অবৈধ খনন আৰু কাঠৰ চোৰাং ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

বৰ্তমানৰ উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ (এনচিএইচএচি) মুখ্য কাৰ্যবাহী সদস্য (চিইএম) গৰাকীৰ পৃষ্ঠপোষকতাত নদীৰ বালি খনন,কয়লাৰ অবৈধ খনন আৰু কাঠৰ চোৰাং ব্যৱসায় চলি আছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এনেবোৰ কাৰণতে বানৰ দৰে ভয়াৱহ দুৰ্যোগ ঘটা বুলিও তেওঁ লিখিছে।

জাটিঙ্গা, মাহুৰ, লেংটিং আৰু অন্যান্য নদীত বালিৰ অবাধ খননৰ ফলত পানীৰ প্ৰবাহ বৃদ্ধি পাইছে বুলি হাফলংবাৰে পত্ৰ খনত উল্লেখ কৰিছে।

এনেবোৰ কাৰণতে আকস্মিক বানপানী আৰু বৃহৎ ভূমিস্খলন ঘটি ৰাস্তা খহাই নিয়াৰ লগতে ৰে’লপথৰ চিন-মোকাম নোহোৱা কৰি পেলাইছে।হাজাদিচা, নবদিলাংটিং, ড্ৰাংব্ৰা, ৱাজাও, কেপ্ৰে, নাবলাইডিছা, দিদাম্বৰা, দ্ৰুণব্ৰা, দিজাৰ্মা, ডিগাৰ্কেও, ডইৰাংগিক্ৰো আদি অঞ্চলত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ বানে ধ্বংস কৰা বুলি তেওঁ উল্লেখ কৰিছে।