Sri Lanka New Prime Minister: শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে দীনেশ গুণাৱৰ্ধনে

শ্রীলংকাৰ নতুন প্রধানমন্ত্রী দীনেশ গুণাবর্ধনে।

Dinesh Gunawardena Takes Oath শ্ৰীলংকাৰ ৭৩ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদ দীনেশ গুণাবৰ্ধনে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শুকুৰবাৰে দেশৰ নতুন ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তাৰ পিছতে শ্ৰীলংকাৰ সংসদৰ জ্যেষ্ঠ সদস্যগৰাকীয়ে শপত গ্ৰহণ কৰে।

কলম্বোৰ ফ্লাৱাৰ ৰোডৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দীনেশ গুণাবৰ্ধনে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ শ্ৰীলংকাৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহে আজি এখন নতুন কেবিনেট গঠন কৰিব।

প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা দীনেশ গুণাবৰ্ধনে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে আৰু প্ৰভাৱশালী ৰাজপাক্ষে পৰিয়ালৰ সহযোগী বুলি বহু সংবাদ মাধ্যমে দাবী কৰিছে।


শপত গ্ৰহণ অনুষ্ঠান।

শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহে তেওঁৰ স্কুলীয়া সতীৰ্থ দীনেশ গুণাবৰ্ধনেক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে। গুণাবৰ্ধনে নিজেই এটা বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ সদস্য।

১৯৪৮ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত শ্ৰীলংকাই সাম্প্ৰতিক সময়ত ইয়াৰ আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ৰনিল বিক্ৰমসিংহে বুধবাৰে দেশৰ সংসদত ১৩৪ টা ভোট লাভ কৰি শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। তেওঁৰ প্ৰতিদ্বন্দী দুল্লাচ আলাহাপেৰুমাই ৮২ টা ভোট আৰু অনুৰা কুমাৰে ৩ টা ভোট লাভ কৰিছিল।

লগতে পঢ়ক: Adani Seeking Loan from SBI: আদানি গ্ৰুপে SBIৰ পৰা বিচাৰিছে ১৪,০০০ কোটি টকা ঋণ!

ৰাষ্ট্ৰপতি নিৰ্বাচনত ২২৩ জন সাংসদে ভোট দান কৰিছিল। অৱশ্যে দুজন সাংসদে ভোটদানৰ পৰা বিৰত থাকে। চাৰিটা ভোট বাতিল বুলি গণ্য কৰা হৈছিল আৰু বৈধ ভোটৰ সংখ্যা আছিল ২১৯টা ।

ইয়াৰ পূৰ্বে যোৱা ১৪ জুলাইত গোটাবায়া ৰাজপাক্ষে ছিংগাপুৰলৈ পলাই গৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছত পদটো খালী হৈ পৰিছিল।