• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱৰ আৰম্ভণি; পূৰ্বৰ তুলনাত ৪০ শতাংশ হ্ৰাস পাইছে মাছৰ উৎপাদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 9:30 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ কাষৰীয়া ঐতিহাসিক দীপৰ বিলত পৰম্পৰাগতভাৱে আৰম্ভ হৈছে সমূহীয়া মাছ ধৰা উৎসৱ, যাক স্থানীয়ভাৱে ‘বিল মাৰা’ উৎসৱ বুলি জনা যায়। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত হোৱা এই উৎসৱৰ প্ৰথম দিনাই বিলৰ পাৰত ক্ৰেতাৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

ৰৌ, ভকুৱা, চিতল, বৰালি, বিগহেড আৰু মিৰিকাৰ দৰে থলুৱা মাছ ক্ৰয় কৰিবলৈ পুৱাৰ পৰাই দীপৰ বিলত গ্ৰাহকৰ হেতা-ওপৰা লাগে। হাড় কঁপোৱা শীতকো নেওচি বিলৰ পাৰ উৎসৱমুখৰ হৈ পৰে। এই বিশেষ দিনটোৰ বাবে স্থানীয় মাছমৰীয়াসকলে বছৰজুৰি অপেক্ষা কৰি থাকে।

Apply Now

পৰম্পৰাগত নিয়ম অনুসৰি, এইবাৰো একেলগে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই বিলত নামি মাছ ধৰে। প্ৰায় ৫০০ খনৰো অধিক নাও বিলত নমোৱা হয় আৰু প্ৰতিখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া থাকে। দীপৰ বিলৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে যুগ যুগ ধৰি মাঘ বিহুৰ উৰুকাৰ প্ৰাকক্ষণত তথা নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে এই উৎসৱ পালন কৰি আহিছে।

উৎসৱৰ পূৰ্বে মাছমৰীয়াসকলে নাও ৰং কৰা, মেৰামতি কৰা আৰু জাল- সাজু কৰাকে ধৰি প্ৰায় মাহজোৰা প্ৰস্তুতি চলায়। বাৰিষাৰ সময়ত বিলত এৰি দিয়া বিভিন্ন প্ৰজাতিৰ মাছৰ পোণাবোৰ ডাঙৰ হোৱাৰ পাছত এই সময়তে সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়।

দীপৰ বিলৰ এই উৎসৱৰ এক বিশেষত্ব হ’ল যে ইয়াত ধৰা মাছবোৰ কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপত বিক্ৰী কৰা হয়। এই আকৰ্ষণৰ বাবেই বিলৰ পাৰত পুৱাৰে পৰা গ্ৰাহকৰ তীব্ৰ ভিৰ হয় আৰু বহু লোকে ৫-৭ ঘণ্টালৈ অপেক্ষা কৰিও মাছ ক্ৰয় কৰে।

উল্লেখ্য যে দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ বিষয়ববীয়াসকলে জনোৱা মতে, বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা, মেধিপাৰা, হীৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি আৰু বৰবৰী আদি গাঁৱৰ অনুসূচিত জাতিৰ প্ৰায় ৮২৫ টা মাছমৰীয়া পৰিয়ালে এই বিলৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। সমিতিখনে বিলৰ সংৰক্ষণ, পোণা মেলা আৰু উন্নয়নৰ কাম-কাজ তদাৰক কৰে।

এইবাৰ ৰৌ, ভকুৱা আৰু বৰালি অধিক পৰিমাণে ধৰা পৰিছে যদিও পূৰ্বৰ বছৰসমূহৰ তুলনাত মাছৰ উৎপাদন প্ৰায় ৪০ শতাংশতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ফলত মাছমৰীয়াসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে গ্ৰাহকেও অধিক মূল্যত মাছ ক্ৰয় কৰিবলগীয়া হৈছে।

এই সমূহীয়া মাছ ধৰা পৰ্ব আগন্তুক মাঘ বিহুৰ উৰুকা পৰ্যন্ত চলি থাকিব। উৎসৱ উপলক্ষে বিলৰ পাৰৰ শ্ৰীকৃষ্ণ মন্দিৰত আয়তীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশৰো সূচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd