অসম বিধানসভাত কালি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ বিশেষভাৱে সক্ষমসকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা, অসমে৷
সদনৰ মজিয়াত বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা বাজেটত দিব্যাংগ সকলৰ বাবে নতুনকৈ কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।
মালাকাৰে জনোৱা মতে ‘২০১৭ চনৰ ৭ফেব্ৰুৱাৰীত অসমত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশনৰ দিনা অসমৰ ৪লাখ ৮০হাজাৰ দিব্যাংগ ব্যক্তিক মাহেকীয়া পেঞ্চন আচনিৰ অধীনত সামৰি লোৱাৰ কথা ঘোষণা কৰিছিল৷
সেই অনুসৰি বাজেটত ২.৫০কোটি টকা ধাৰ্য্য কৰিছিল৷ পৰিতাপৰ বিষয় এই ধনৰাশি পৰ্যায়ক্ৰমে হ্ৰাস কৰি ২০২০-২১ বৰ্ষৰ বাজেটত মাত্ৰ ১৬৮কোটি টকা ধাৰ্য্য কৰি সেই সময়ত লাভ কৰি থকা ১লাখ ৬০হাজাৰ ৬১২গৰাকী প্ৰতিবন্ধী ব্যক্তিক পেঞ্চন প্ৰদানৰ লগতে নতুনকৈ ১০শতাংশ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল৷’
কাৰ্যতঃ সমাজ কল্যাণ সঞ্চালকালয়ৰ নতুন হিতাধিকাৰীৰ তালিকা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ পাছতো যোৱা বৰ্ষত বিত্ত বিভাগে কোনো সঁহাৰি নিদিলে বুলি মালাকাৰে গুৰুতৰ অভিযোগ তোলে।
তেওঁ লগতে কয় ‘এইবাৰ যিহেতু সমাজ কল্যাণ মন্ত্ৰী গৰাকীয়ে বিত্ত বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, সেয়েহে প্ৰতিবন্ধী সকলে আশা কৰিছিল যে এইবাৰ অন্তত উপকৃত হব৷ কিন্তু বিত্ত মন্ত্ৰী গৰাকীয়ে প্ৰকৃততে এইবাৰ প্ৰতিবন্ধী সকলোৰ আশাত চেঁচাপানী ঢালে৷’
সমগ্ৰ বিষয়টোক তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চলিত বিত্তীয় বাজেটক ‘দিব্যাংগ বিৰোধী বাজেট’ আখ্যা দিয়ে মালাকাৰে৷
আজি সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত তেওঁ আৰু কয় ‘বিত্তমন্ত্ৰী গৰাকীয়ে সদনত দাখিল কৰা বাজেটখনে প্ৰতিবন্ধীক প্ৰতাৰণাৰ ইতিহাস ৰচিছে৷
গতিকে এইখন বাজেট নহয় প্ৰতাৰণাৰ দলিলহে৷ সেয়েহে সময় থাকোতেই প্ৰতিবন্ধী সকল সমাজত জীয়াই থকাৰ স্বাৰ্থত শীঘ্ৰে পেঞ্চনৰ ধনৰাশি বৃদ্ধিৰ লগতে নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰক৷
অন্যথা প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে ৰাজ্যখনৰ প্ৰতিবন্ধী সকলৰ বৃহত্তৰ স্বাৰ্থত পূৰ্বতকৈয়ো জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি মালাকাৰে হুংকাৰ দিয়ে৷
ইয়াৰ বাবে পোনপটীয়াকৈ ৰাজ্যৰ বিত্ত তথা সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি তেওঁ উল্লেখ কৰে৷