• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক সম্পন্ন

 বিভিন্ন আঁচনিৰ পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ সাংসদ গৌৰৱ গগৈৰ

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
September 20, 2021 7:25 pm
130
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত আছিল ।

সভাত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় ।

বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়িত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত জবকাৰ্ড প্ৰদান আৰু অন্যান্য কাম-কাজৰ খতিয়ান দাঙি ধৰা হয় ।

আনহাতে খৰাংপীড়িত গোলাঘাট আৰু সৰুপথাৰ অঞ্চলত জলসিঞ্চন, ভূমি সংৰক্ষণ আৰু মীন বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভতো তেওঁ বিতংভাৱে বুজ লয় ।

তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত হৈ থকা কাম-কাজৰো পৰ্যালোচনা কৰে । আনহাতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাসে চতুৰ্দশ আৰু পঞ্চদশ বিত্ত আয়োগৰ অধীনত পঞ্চায়তসমূহৰ বাবে আবণ্টিত ধন তথা কাম-কাজৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে ।

সাংসদ গগৈয়ে পঞ্চদশ বিত্ত আয়োগৰ ধনৰ ব্যৱহাৰক লৈ যাতে প্ৰশ্ন উত্থাপিত নহয় তাৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা আৰু নিয়মসমূহ মানি চলি পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ দিয়ে ।

তেওঁ লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, এছ অ’ পি ডি, আৰ আই ডি এফ আদি আঁচনিৰ অধীনত বিভিন্ন ঠাইত হৈ থকা পথৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় ।

সাংসদগৰাকীয়ে সীমান্তৱৰ্তী গাঁওসমূহৰ বাট-পথৰ উন্নীতকৰণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ তেওঁ যিসমূহ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ হাৰ কম তেনে কেন্দ্ৰসমূহৰ ওপৰত বিশেষভাৱে চকু ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় ।

তেওঁ জল জীৱন অভিযান, কৃষি, শিক্ষা, শক্তি আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

বৈঠকত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd