NORTHEAST NOW (Assamese)

আদালতে পুনৰ জামিন নাকচ কৰিলে ২১ বছৰীয়া পৰিৱেশ কৰ্মী দিশা ৰবিৰ

February 20, 2021 7:14 pm · এন ই নাও নিউজ

দিশা ৰবিৰ জামিন নাকচ কৰিলে দিল্লীৰ এখন আদালতে। শনিবাৰে দিশা ৰবিৰ জামিন আবেদনৰ এণ্টীয়া শুনানিৰ পিছত আদালতে দিশা ৰবিৰ জামিন নাকচ কৰে।

উল্লেখ্য যে টুইকিটত আৰু খালিস্তানী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ২১ বছৰীয়া পৰিৱেশকৰ্মী তথা ছাত্ৰী দিশা ৰবিক যোৱা ১৩ ফেব্ৰুৱাৰিত দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে আদালত হাজিৰ কৰোৱাই দিশাক নিজৰ জিম্মাত বিচাৰে আৰু আদালতে পাঁচ দিন আৰক্ষী আৰু দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

আজি দিশা ৰবিৰ জামিন আবেদন পুনৰ শুনানি গ্ৰহণ কৰি অহা ২৩ ফেব্ৰুৱাৰিলৈকে দিশা জামিন লাভ নকৰিব বুলি ঘোষণা কৰিছে।

আজি টুইকিট কি বুলি প্ৰশ্ন কৰাৰ লগত দিশা ৰবি গণৰাজ্য দিৱসৰ দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ বিক্ষিপ্ত হিংসাত্মক ঘটনাত জড়িত থকাৰ প্ৰমাণ কি আছে বুলিও আদালতে প্ৰশ্ন কৰে।

দিল্লী আৰক্ষীৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে এইটো এটা সাধাৰণ টুইকিট নহয়। ইয়াত কেৱল এজন ব্যক্তি জড়িত নহয়, যিসকল ইয়াত জড়িত আছে তেওঁলোক খালিস্তানী আন্দোলনৰ বিষয়ে অৱগত।

Related News