সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত শনিবাৰে গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয়ত (স্বায়ত্বশাসিত) এখনি উত্তৰ-পূৰ্বাঞ্চল আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু দিশপুৰ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতাখনি আয়োজন কৰা হয়। প্ৰতিযোগিতাখনত প্ৰায় ১৬খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মুঠ ৩২গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱা ১১ বজাত মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা উদ্বোধনী সভাত সভাপতিত্ব কৰে দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই। নিজৰ আদৰণি ভাষণত ড° বৰাই এনে ধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মাজত তথ্যগত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে বুলি মন্তব্য কৰাৰ লগতে এই অনুষ্ঠানটো মহাবিদ্যালয়ৰ শৈক্ষিক পঞ্জীত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰে।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট অভিনেতা তথা শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি প্ৰাঞ্জল শইকীয়াই সুধাকণ্ঠৰ সাংগীতিক আৰু সাংস্কৃতিক অৱদানৰ বিষয়ে আলোকপাত কৰে। আন এগৰাকী বিশিষ্ট অতিথি, ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক তথা বিশিষ্ট অভিনেত্ৰী মঞ্জুলা হাজৰিকাই ড° হাজৰিকাই কেনেকৈ সমাজৰ বিভিন্ন দিশ সামৰি কালজয়ী গীত ৰচনা কৰিছিল, সেই বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। উদ্বোধনী সভাখনত ‘দৈনিক অসম’ কাকতৰ উপসম্পাদক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিপাংকৰ কৌশিক আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাসো উপস্থিত থাকে। কুইজ মাষ্টাৰ দিপাংকৰ কৌশিকে পৰিচালনা কৰা এই প্ৰতিযোগিতাখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰি ২৫,০০০ টকা, ট্ৰফী আৰু প্ৰমাণপত্ৰ লাভ কৰে। আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলে ৰানাৰ্ছ আপৰ খিতাপ দখল কৰি ১৫,০০০ টকা, ট্ৰফী আৰু প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা আন দলকেইটাকো ২,০০০ টকা আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয়।
বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত সামৰণি সভাত অনুষ্ঠানটোৰ পৃষ্ঠপোষকসকলক সম্বৰ্ধনা জনোৱা হয়। তক্ষশীলা স্কুল অৱ চিভিল চাৰ্ভিচেছৰ মুখ্য কাৰ্যবাহী বিষয়া ড° মনোজ কুমাৰ চৌধুৰী, স্বৰ্গীয় মনোৰঞ্জন চৌধুৰী পৰিয়ালৰ হৈ দিশপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ইন্দ্ৰাণী চৌধুৰী মহন্ত আৰু পি.ই.ডব্লিউ.এছ (PEWS) গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সম্পাদক ৰমেন্দ্ৰ কুমাৰ চমুৱাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটো শেষত শলাগৰ শৰাই আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সফলতাৰে সামৰণি পৰে।





