গুৱাহাটী মহানগৰী এতিয়া চৌদিশে জলমগ্ন হৈ পৰিছে। এনে পৰিস্থিতিত বিশেষ কাম নাথাকিলে বাহিৰলৈ নোলাবলৈও পৰামৰ্শ দিয়া হৈছে। নিশাৰ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল পুনৰ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে। ঠায়ে ঠায়ে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে।
মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, চানমাৰিৰ দাঁতিকাষৰীয়া সম্পূৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। তদুপৰি, ভি আই পি পথৰ লগতে পাথৰকুঁৱেৰী, বৰবাৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত প্লাৱিত হৈ পৰিছে।
আৰ জি বৰুৱা ৰোডত একঁকাল পৰ্যন্ত পানী হৈছে। জুৰোডত যাতায়ত ব্যৱস্থা প্ৰায় ব্যাহত হৈ পৰিছে। উৰণীয়া সেতুকে ধৰি নলা নৰ্দমাৰ কামৰ বাবে অস্থায়ীভাৱে সংযোগ কৰা বিদ্যুৎ সংযোগী তাঁৰ, উন্মুক্ত নলা,ৰাস্তাৰ মাজৰ ঠায়ে ঠায়ে হোৱা গাত আদিয়ে বিপজ্জনক আশংকা কঢ়িয়াই আনিছে।
লগতে পঢ়কঃ বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান
কৃত্ৰিম বানৰ বাবে আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰিবলৈ, তেওঁলোকক সহায় কৰিবলৈ কামৰূপ জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰিছে। কৃত্ৰিম বানত আৱদ্ধ হৈ থকা বা আন যিকোনো সহায়ৰ বাবে মহানগৰবাসীক নিয়ন্ত্ৰণ কক্ষৰ ৯৩৬৫৪২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে।
Officials of District Administration are on the ground to assess and assist citizens.
Please contact our helpline number 9365429314 📱 for any assistance or information. pic.twitter.com/KvEqNBIBro
— Kamrup Metro District Administration (@DCKamrupMetro) October 6, 2023
বিগত কেইবাদিনৰ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ অধিকাংশ ঠাইতে কত্ৰিম বানপানীৰ সৃষ্টি হৈছে। ৰাস্তা-ঘাটত জলমগ্ন হোৱাৰ লগতে মানুহৰ ঘৰতো এতিয়া পানী সোমাব আৰম্ভ কৰিছে। ইতিমধ্যে বহুতৰে ঘৰত পানী সোমাইছে আৰু বহুতৰে পদূলিমূখলৈ পানী হৈছে। বাট-পথ পানীত বুৰ যোৱাৰ লগতে মানুহৰ ঘৰ-চোতাল লেতেৰা পানীৰে ভৰি পৰিছে।
মহানগৰীৰ বহু মানুহ এতিয়া ঘৰতে আবদ্ধ হৈ পৰিব লগা হৈছে। স্কুল, অফিচ, কাৰ্যালয় আৰু আন কামৰ বাবেও ঘৰৰ পৰা ওলাই যাব পৰা নাই। আজি পুৱাৰ ভাগত মহানগৰীৰ পথত পানীৰ মাজত স্কুল বাছ এখন আবদ্ধ হৈ পৰাৰ ফলত বাছখনত থকা শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ লাগে। মাৰিয়া পাব্লিক স্কুলৰ কেইবাখনো বাছ কৃত্ৰিম বানত আবদ্ধ হৈ পৰে। ইপিনে, শিক্ষাৰ্থীসকল মাজপথতে ৰৈ থাকিবলগীয়া হয়। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও এতিয়া চিন্তাত পৰিছে।
লগতে পঢ়কঃ আজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস
কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বহু কেইখন শিক্ষানুষ্ঠানো। চানমাৰিৰ কৃষ্ণনগৰৰ হলীচাইল্ড স্কুল বন্ধ বুলি বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে। গুৱাহাটীৰ ছেইণ্ট মেৰিজ স্কুল, সাতগাঁৱৰ SFS স্কুল বন্ধৰো ঘোষণা কৰা হৈছে। সেইদৰে, মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষাও বাতিল কৰা হৈছে।