• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াৱহ কোভিড পৰিস্থিতি : পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে?

শিৱসাগৰত কোভিড ৰোগৰ পৰিস্থিতি সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদ মেল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 12, 2021 7:06 am
IMG-20210512-WA0000
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ কোভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে হাতত লোৱা ব্যৱস্থাসমূহৰ লগতে আন আন যাৱতীয় প্ৰস্তুতিসমূহৰ বিষয়ে সোমবাৰে এক সংবাদমেল যোগে অৱগত কৰে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।

তেওঁ জিলাখনত কোভিডত আক্ৰান্ত ৰোগীৰ বাবে বৰ্তমান ৩১২ খন বিচনা বিভিন্ন চিকিৎসালয়ত সাজু কৰা হৈছে বুলি জানিব দিয়ে। ইয়াৰে শিৱসাগৰ অসামৰিক চিকিৎসায়ত ১৩০ খন, ডিমৌ চক্ৰত ১২ খন, আমগুৰি চক্ৰত ২২ খন, অ’ এন জি চি চিকিৎসালয়ত ৩০ খন, লিগিৰীপুখৰীত ২০ খন আৰু ডিমৌ পলিটেকনিক প্ৰতিষ্ঠানৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৮০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ৯৪ খন বিচনা বৰ্তমান কভিড আক্ৰান্ত ৰোগীৰ দ্বাৰা ভৰ্তি হৈ আছে।

Apply Now

জিলাখনৰ কোভিড-১৯ ৰোগত আক্ৰান্ত লোকসকলক অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা বিষয়টো জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰি বৰ্তমান বি টাইপ অক্সিজেন চিলিণ্ডাৰ ১৬০ আৰু ২২ টা অক্সিজেন কনচেণ্ট্ৰৰ মজুত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

সেইদৰে চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত ১৮ খন আৰু অ’ এন জি চি চিকিৎসালয়ত ৩০ খন বিচনা কোভিড ৰোগীৰ বাবে সাজু আছে বুলি সদৰী কৰি তেওঁ কয় যে, অক্সিজেন প্ৰদানৰ বাবে দৰকাৰী ৰেগুলেটৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। আনহাতে ব্যক্তিগত হস্পিটেলৰ লগতো যোগাযোগ কৰি মুঠ ৩০ খন বিচনা সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে।

এক মাৰ্চ তাৰিখৰ পৰা জিলাখনত মুঠ ১৪৩০ গৰাকী লোক কোভিড ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৭৭ গৰাকী। ইয়াৰে ৫৭৩ গৰাকী হোম আইছলেচনত আছে।

প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত জিলাখনৰ মুঠ ৮৪,০৭৯ গৰাকী লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। ইয়াৰে ৪৯,৭৮৮ গৰাকী সাধাৰণ নাগৰিকে প্ৰথম পালি লোৱাৰ বিপৰীতে ১১,৪৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে।

আনহাতে জিলাখনত ইতিমধ্যে ৪৬,৫৩৫ গৰাকী লোকক ৰেপিড এন্টিজেন কভিড পৰীক্ষা কৰাৰ বিপৰীতে ৩৭৪৫ গৰাকী লোকক আৰটিপিচিআৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে।

ইতিমধ্যে ৩০২ টা কণ্টেইনমেণ্ট জ’ন স্থাপন কৰা জিলাখনত এতিয়াও ২০১ টা কণ্টেইনমেণ্ট জ’ন বাহাল আছে। এই কণ্টেইনমেণ্ট জ’নসমূহৰ ১৯৬ টা পৰিয়ালক দৰকাৰী খাদ্য সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। কোভিড-১৯ ৰোগত আক্ৰান্ত লোক সকলৰ অৱস্থা পৰ্যৱেক্ষণৰ বাবে আশাকৰ্মী/এএনএম/জিএনএমসকলক ৰোগীসকলৰ দৈনিক খবৰ লোৱাৰ এক ব্যৱস্থা কৰাৰ উপৰিও তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে উপায়ুক্তকে ধৰি আন আন অতিৰিক্ত উপায়ুক্তসকলে ফোন কৰি এইসকল ৰোগীৰ খবৰ লোৱাৰ এক ব্যৱস্থা কৰিছে।

 স‌ংবাদমেলত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) চন্দনা বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰাও উপস্থিত থাকে।

Tags: COVID-19
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd