• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

স্বামী-স্ত্ৰীৰ বিবাহ বিচ্ছেদ হ’লেও সন্তানৰ অধিকাৰ খৰ্ব নহয়: জানো আহক সম্পত্তি আৰু উত্তৰাধিকাৰী আইনৰ বিষয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 5:05 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ বিচ্ছেদৰ পিছত প্ৰায়েই সন্তানৰ আইনী অধিকাৰ, সম্পত্তিৰ উত্তৰাধিকাৰ, ভৰণ-পোষণ আৰু দ্বিতীয় বিবাহৰ মৰ্যাদাক লৈ বহুতো বিভ্ৰান্তিৰ সৃষ্টি হয়। কিন্তু ভাৰতীয় উত্তৰাধিকাৰী আইনে স্বামী বা স্ত্ৰীৰ অধিকাৰ আৰু সন্তানৰ সুকীয়া আইনী অধিকাৰৰ মাজত এক স্পষ্ট পাৰ্থক্য দাঙি ধৰিছে। আদালতে বাৰে বাৰে স্পষ্ট কৰি দিছে যে বিবাহ বিচ্ছেদৰ জৰিয়তে কেৱল স্বামী-স্ত্ৰীৰ সম্পৰ্কৰহে অন্ত পৰে, কিন্তু পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু সম্পত্তিৰ অধিকাৰ সদায় অটুট থাকে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ ৰায়দানত এই কথা পুনৰ দোঁহাৰিছে। প্ৰথম পত্নী আৰু সন্তানে ভৰণ-পোষণ বিচাৰি কৰা আবেদনত দ্বিতীয় পত্নীয়ে হস্তক্ষেপ কৰিব বিচৰাত আদালতে সেই আৱেদন খাৰিজ কৰে। আদালতে স্পষ্ট কৰি দিয়ে যে স্বামীৰ দ্বিতীয় বিবাহে কেতিয়াও প্ৰথম পত্নী আৰু সন্তানৰ আইনী অধিকাৰ খৰ্ব কৰিব নোৱাৰে।

বিবাহ বিচ্ছেদৰ পিছতো প্ৰথম বিবাহৰ সন্তানৰ অধিকাৰ কিদৰে বাহাল থাকে সেই বিষয়ে আইনজ্ঞসকলে স্পষ্ট মত পোষণ কৰিছে। হিন্দু উত্তৰাধিকাৰী আইন, ১৯৫৬ অনুসৰি ল’ৰা বা ছোৱালী উভয়েই পিতৃ-মাতৃৰ প্ৰথম শ্ৰেণীৰ বৈধ উত্তৰাধিকাৰী হিচাপে গণ্য হয়। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হ’লেও সন্তানৰ এই আইনী মৰ্যাদাৰ কোনো সালসলনি নঘটে। অৰ্থাৎ প্ৰথম বিবাহৰ সন্তানে পিতৃ-মাতৃৰ দ্বিতীয় বিবাহৰ পৰা জন্ম হোৱা সন্তানৰ সমানেই অধিকাৰ লাভ কৰে। অৱশ্যে পিতৃ-মাতৃয়ে নিজৰ উপাৰ্জনেৰে ক্ৰয় কৰা সম্পত্তিৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। তেওঁলোকে ইচ্ছা কৰিলে জীৱিত অৱস্থাত সেই সম্পত্তি বিক্ৰী কৰিব পাৰে বা কাকো উপহাৰো দিব পাৰে। কিন্তু যদি কোনো অভিভাৱকে কোনো ইচ্ছাপত্ৰ বা উইল নকৰাকৈ মৃত্যুবৰণ কৰে, তেন্তে সেই সম্পত্তি প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰী অৰ্থাৎ পত্নী, পুত্ৰ, কন্যা আৰু মাতৃৰ মাজত সমানে ভাগ হয়।

Apply Now

সমাজত এটা ভুল ধাৰণা আছে যে বিবাহ বিচ্ছেদৰ সময়ত পত্নী আৰু সন্তানে যদি ভৰণ-পোষণ বা এককালীন ধন লাভ কৰে, তেন্তে ভৱিষ্যতে সন্তানে পিতৃ-মাতৃৰ সম্পত্তিৰ পৰা কোনো অধিকাৰ নাপায়। আইন বিশেষজ্ঞসকলৰ মতে এই ধাৰণাটো সম্পূৰ্ণ ভুল। ভৰণ-পোষণ হৈছে স্বামী-স্ত্ৰীৰ পাৰস্পৰিক অধিকাৰৰ বিষয়, আনহাতে উত্তৰাধিকাৰ হৈছে সন্তানৰ এক সুকীয়া আৰু জন্মগত অধিকাৰ। কোনো পিতৃ-মাতৃয়ে বিবাহ বিচ্ছেদৰ চুক্তিত নাবালক সন্তানৰ ভৱিষ্যতৰ সম্পত্তিৰ অধিকাৰ কেতিয়াও বাতিল কৰিব নোৱাৰে। আনহাতে, স্বামীৰ সম্পত্তিত দ্বিতীয় পত্নীৰ অধিকাৰ তেতিয়াহে সাব্যস্ত হ’ব যদিহে তেওঁলোকৰ বিবাহখন আইনসন্মতভাৱে বৈধ হয়। অৰ্থাৎ প্ৰথম বিবাহৰ আনুষ্ঠানিক বিচ্ছেদ হোৱাৰ পিছত পতা দ্বিতীয় বিবাহৰ ক্ষেত্ৰত, স্বামীৰ মৃত্যুৰ পিছত দ্বিতীয় পত্নীয়ে সন্তান আৰু আন উত্তৰাধিকাৰীসকলৰ লগতে সম্পত্তিত সমান ভাগ লাভ কৰে।

প্ৰভিডেণ্ট ফাণ্ড, জীৱন বীমা, গ্ৰেচুইটি আৰু বেংকৰ জমা ধনৰ ক্ষেত্ৰতো প্ৰায়েই প্ৰশ্ন উত্থাপন হয়। এই সকলোবোৰ ধন মৃত ব্যক্তিজনৰ সম্পত্তিৰ অংশ হিচাপে গণ্য কৰা হয় আৰু উত্তৰাধিকাৰী আইন অনুসৰিয়েই এইবোৰ ভাগ কৰা হয়। বহুতৰে ধাৰণা যে বেংক বা বীমাত যাৰ নাম নমিনী হিচাপে থাকে তেৱেঁই সকলো ধন পায়। কিন্তু আদালতে স্পষ্ট কৰি দিছে যে নমিনী কেৱল মাত্ৰ ধন গ্ৰহণ কৰা এজন তত্ত্বাৱধায়কহে, তেওঁ প্ৰকৃত গৰাকী নহয়। সেয়েহে বেংক বা বীমাত দ্বিতীয় পত্নীৰ নাম নমিনী হিচাপে থাকিলেও প্ৰথম বিবাহৰ সন্তানে সেই ধনৰ ওপৰত নিজৰ অংশ দাবী কৰিব পাৰে। অৱশ্যে পাৰিবাৰিক পেঞ্চনৰ বিষয়টো সম্পূৰ্ণ বেলেগ, কাৰণ চাকৰিৰ নিয়ম অনুসৰি ইয়াক কেৱল জীৱিত স্বামী বা স্ত্ৰীকহে প্ৰদান কৰা হয়। মুঠৰ ওপৰত, পিতৃ-মাতৃৰ বৈবাহিক অৱস্থাৰ যিয়েই পৰিৱৰ্তন নহওক কিয়, আইনৰ চকুত সন্তানৰ উত্তৰাধিকাৰী অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd