• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 1:12 pm
121
VIEWS
Share on FacebookShare on Twitter

নাগপুৰৰ ১৯ বছৰীয়া দবা খেলুৱৈ দিব্যা দেশমুখে বিশ্ব দবা জগতত আলোড়নৰ সৃষ্টি কৰিছে। লণ্ডনত অনুষ্ঠিত হোৱা ফিডে ৱৰ্ল্ড ৰেপিড আৰু ব্লিটজ টিম চেম্পিয়নশ্বিপৰ ব্লিটজ ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ খেলুৱৈ হাও য়িফানক পৰাস্ত কৰে।

এই জয়ৰ জৰিয়তে ভাৰতে ৰেপিডত দ্বিতীয় স্থান আৰু ব্লিটজত তৃতীয় স্থান দখল কৰিছে। নিজৰ সাফল্যত উল্লাসিত দিব্যাই কয়, ‘অবিশ্বাস্য অভিজ্ঞতা। এই প্ৰতিযোগিতাখনৰ সফলতাই মোক মোৰ খেলৰ বাকী সময়ছোৱাত অনুপ্ৰাণিত কৰি ৰাখিব।’

এই সফলতাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত দিব্যাক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি দিব্যাই দেশখনক গৌৰৱান্বিত কৰাই নহয়, পৰৱৰ্তী প্ৰজন্মৰ দবা খেলুৱৈৰ বাবেও প্ৰেৰণা হিচাপে পৰিগণিত হ’ব। অভিনন্দন দিব্যা।’

দিব্যাৰ দেউতাক আৰু মাক দুয়োজনেই ডাক্তৰ৷ তেওঁলোকৰ ছোৱালীজনীৰ পঢ়া-শুনাত মনোনিৱেশ বৃদ্ধি কৰিবলৈ তেওঁলোকে তাইক দবা খেলত নামভৰ্তি কৰাই দিছিল। আৰু দিব্যাই চৌষষ্ঠি ঢাপৰ বৰ্ডত বহিও আচৰিত কৰি থাকিল।

২০২১ চনত গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হোৱা তেওঁ দেশৰ ২১ নম্বৰ মহিলা দবা খেলুৱৈ। বৰ্তমান ফিডত ২৪৬৩ ৰেটিং লাভ কৰিছে।

সময়ক কামত লগোৱাটো ব্লিটজ দবাত এক ডাঙৰ দক্ষতা। বগা গুটিৰে দিব্যাই ৩১ বছৰীয়া চীনা তাৰকা য়িফানৰ বিৰুদ্ধে উদ্বোধনী খেলখনত নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। কাৰিকৰী দিশৰ পৰা দিব্যা ভাল স্থানত আছে বুলিও জনায় তেওঁৰ প্ৰশিক্ষক আৰ বি ৰমেশে।

Recent News

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd