• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দীপাৱলী : কিছু বিক্ষিপ্ত চিন্তা

মৌচুমী চাংকাকতি by মৌচুমী চাংকাকতি
October 26, 2019 5:25 pm
Diwali-750x375

প্ৰতিনিধিত্বমূলক ছবি

154
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷

এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷

Apply Now

যুগ-যুগান্তৰপৰাই দীপাৱলী পালন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে ৷

ৰামায়ণৰ মতে, ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই  পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি-বন্তি জ্বলাই চৌদিশে পোহৰেৰে  আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ-উৎসৱ কৰিছিল ৷ তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় ৷

দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।

অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে।

যিয়েই নহওঁক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় ৷ অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব।

কিন্তু বিগত কিছু বছৰৰ পৰা দীপাৱলীৰ সাত্ত্বিকতাতকৈ জাকজমকতা তথা প্ৰদৰ্শনকামীতাইহে প্ৰাধান্য পাই অহা দেখা গৈছে। পোহৰৰ উৎসৱ দীপাৱলী ক্ৰমান্বয়ে শব্দ-বাৰুদৰ উৎসৱলৈ পৰিৱৰ্তিত হৈছে। দীপাৱলী পালনৰ প্ৰকৃত উদ্দেশ্য যেন ক’ৰবাতে পৰি ৰ’ল।

শান্তি স্থাপনতকৈ শান্তি-শৃংখলা বিঘ্নিত কৰি দীপাৱলীৰ নামত পুৱালৈকে ফুটোৱা আতচবাজীবোৰৰ বিকট শব্দ আৰু ধোঁৱাই বাৰুকৈয়ে শব্দ আৰু বায়ু প্ৰদুষনৰ সৃষ্টি কৰে। যি হাঁপানী বা এজমা ৰোগীৰ বাবে অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক। সুস্থ মানুহকো এই ই অসুস্থ কৰি তোলে।

বিশেষকৈ নৱজাতক শিশু, বয়সীয়াল লোক তথা ৰোগীয়া মানুহৰ বাবে বৰ অস্বস্তিজনক এই পৰিৱেশ। হৃদ ৰোগীৰ বাবেও এই শব্দ প্ৰদুষণ প্ৰাণঘাতকো হ’ব পাৰে। মানুহৰ লগতে অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰো বিস্তৰ ক্ষতি সাধন কৰে। দীপাৱলীৰ নামত এইয়া প্ৰকৃতিৰ ওপৰত একপ্ৰকাৰ তাণ্ডৱ চলোৱা বুলিলেও হয়তো ভুল নহ’ব।

দেৱালীত ফটকাৰ ধোঁৱা আৰু বিকট শব্দত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰা ঘটনা আমাৰ অসমতে নজিৰ আছে ৷ বিশেষকৈ ঘৰৰ কাষত নৱজাতক বা  অসুস্থ ৰোগীয়া মানুহ থাকিলে পৰাপক্ষত সেই ঠাইত উচ্চ প্ৰাবল্যৰ  শব্দ বা বায়ু প্ৰদুষণৰ সৃষ্টি কৰিব পৰা কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে ৷ এজন সমাজ সচেতন লোক হিচাপে সকলোৰে সেইকণ নৈতিক জ্ঞান থকাটো   উচিত ৷

আজিৰ উশৃঙ্খল এচাম লোকক কোনো ফাংচনে হওঁক বা কিবা উৎসৱেই হওঁক সুৰামত্ত হৈ দুপৰ নিশালৈ আনন্দোল্লাসত মত্ত হৈ, হৈ-হাল্লাৰে পৰিৱেশটো উতপ্ত কৰি ৰাখিবলৈ কেৱল এক অজুহাতহে লাগে ৷ সেই পৰিৱেশে যে কাৰোবাৰ অনিষ্ট সাধন কৰিব পাৰে, অথবা কাৰোবাৰ প্ৰাণঘাতকৰ কাৰকো যে হ’ব পাৰে তাৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই ৷

কিন্তু দেখা যায় বহু শিক্ষিত লোকেও নিজৰ ফোঁপোলা আভিজাত্য দেখুৱাবৰ বাবে ফটকা-আতচবাজীৰ জ্বলোৱাৰ নামত বহু ধনৰ অপচয় কৰে ৷ এনে লাগে দীপাৱলীৰ নামত যেন এক অঘোষিত শব্দ প্ৰতিযোগিতাৰহে অনুস্থিত কৰা হৈছে ৷ তাৰ ওপৰতে এচামৰ প্ৰতিযোগিতামূলক মানসিকতাই পৰিৱেশ বিনষ্ট কৰাত অধিক অৰিহণা যোগাই আহিছে ৷

বৰ্তমান ৰং-বিৰঙী বিজুলী বাতিৰে চৌদি্শে পোহৰাই আলোকিত কৰি তোলা হয়,যদিও তাহানিৰ সেই দীপান্বিতাৰ মাদকতা আজি পাবলৈ নাই ৷ তাহানিৰ দিনত সৰু-ডাঙৰ সকলোৰে সহযোগত যি আনন্দ, উৎসাহ-উদ্দীপনাৰে দীপাৱলী পালন কৰি এক সুকীয়া মাদকতা বা আনন্দ লভিছিলো, সাম্প্ৰতিক সময়ৰ বৈদ্যুতিক আলোকসজ্জাই মনত সেই আনন্দ বা সুখানুভূতি দিব নোৱাৰে ৷

আমাৰ শৈশৱত পালন কৰি অহা সেই দীপাৱলীৰ দিনবোৰত ঘৰে ঘৰে কলগছ কাটি পদূলিমুখত পুতি, চাকি দিবৰ বাবে তাত বাঁহ ফালি খুছি লগোৱা হৈছিল ৷ চাকিবোৰ ভালকৈ ৰাখিবৰ বাবে তাত মাটিৰ লেও বা প্ৰলেপ দিয়া হৈছিল ৷

কিছু লোকক মাটি চাকিৰ সলনি ঔটেঙাৰ বখলাতো চাকি জ্বলোৱা দেখিছিলোঁ ৷
আমি সৰুবোৰেও এনেয়ে বহি থকা নাছিলোঁ ৷ শলিতাবোৰ দিনতে বাটি, মাটি চাকিবোৰ এফালৰপৰা তিয়াই ডলাত থৈ গৈছিলোঁ ৷ সন্ধিয়াৰ আগে আগে মিঠাতেল দি চাকিবোৰ জ্বলাই চৌপাশে পোহৰাই তুলিছিলোঁ ৷চাকিৰ পোহৰত মন পৱিত্ৰতাৰে ভৰি যি আনন্দ তথা সুখানুভূতি লভিছিলোঁ এতিয়াৰ বৈদ্যুতিক আলোকসজ্জাইয়ো মনত সেই আনন্দৰ জোৱাৰ তুলিব নোৱাৰে ৷

সেইবোৰ স্মৃতি মাথোঁ এতিয়া মিঠা সোঁৱৰণি হৈ ৰ’ল ৷পৰিৱৰ্তনৰ ঢৌৱে সকলোবোৰ উটুৱাই নি আছে ৷

তাৰোপৰি দেৱালীৰ কেইদিনত অসাৱধানতাৰ বাবে ফটকাৰ স্ফুলিংগৰপৰাই বা আন কাৰণতে হওঁক ,অগ্নিকাণ্ড সংঘটিত হোৱা দুৰ্ঘটনাৰ বাতৰিবোৰ অন্য দিনতকৈ অধিক শুনা যায় ৷

ক্ষণিক আনন্দৰ বাবে বিকট শব্দৰ আতচ্‌বাজীবোৰ ফুটাই গোটেই অঞ্চল প্ৰদুষিত কৰাৰ সলনি যদি আমি পোহৰৰ উৎসৱ কেৱল পোহৰেৰে পালন কৰোঁ অৰ্থাৎ আমি পৰম্পৰাগত মাটি চাকি শলিতাৰে পালন কৰোঁ, আমাৰ লগতে আন জীৱকুলো নিৰাপদ হ’ব ৷

লগতে পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিকভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুত থাকিব৷
আহক, আমি সকলোৱে মিলি এক প্ৰদুষণমুক্ত দীপাৱলীৰ উপভোগ কৰোঁ ৷

মৌচুমী চাংকাকতি

মৌচুমী চাংকাকতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd