• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

”কংগ্ৰেছ দলৰ চৰকাৰে মানুহক এক কৰে, বিজেপিৰ চৰকাৰে মানুহক ভাগ ভাগ কৰে’’-ডি কে শিৱকুমাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:51 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলে মানুহক এক কৰে, বিজেপিয়ে মানুহক ভাগ ভাগ কৰে। কেবাদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা অসম কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰে গুৱাহাটীত আজি এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

গুৱাহাটীৰ বতৰ ভাল বুলি উল্লেখ কৰি শিৱকুমাৰে কয় যে অসমৰ ৰাজনৈতিক বতৰলৈ চালে পৰিৱৰ্তনৰ বতাহ স্পষ্ট হৈ পৰে। ”মই অসমত কেৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে বুলিয়েই নকও। মই ক’ব খুজিছো যে এয়া হৈছে অসমৰ জনতাৰ ইচ্ছা। অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু এখন ভাল চৰকাৰ বিচাৰিছে। কংগ্ৰেছৰ চৰকাৰৰ ইতিহাসলৈ যদি চোৱা যায় তেন্তে দেখা যায় যে কংগ্ৰেছৰ চৰকাৰে সকলোকে সামৰি লয়। কিন্তু বিজেপিৰ চৰকাৰত কেৱল একনায়কত্ববাদ চলে।’’-শিৱকুমাৰে কয়।

Apply Now

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত অতীত স্মৰণো কৰে। তেওঁ কয় যে যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ তথা তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিপৰায়ণ মন্ত্ৰী আখ্যা দিছিল। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিক লৈ বিজেপিয়ে এখন পুস্তিকাও প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে একালৰ সেই ভ্ৰষ্টাচাৰী নেতাজনে কেনেকৈ এতিয়া নিকা হৈ পৰিল আৰু সেই বিজেপি দলটোৰে পোষ্টাৰ বয় হৈ পৰিল? ইয়াৰ উত্তৰ অমিত শ্বাহে অসমবাসীক দিয়া উচিত বুলিও কয় শিৱকুমাৰে।

বৰ্তমান সমগ্ৰ দেশতে বিজেপি দল তেনেই দুৰ্বল হৈ পৰিছে বুলিও কয় শিৱকুমাৰে। অসমতো বিজেপি দলে ১০ বছৰ চৰকাৰ চলোৱাৰ পিছতো এতিয়াও নিজকে শক্তিশালী কৰি তুলিব পৰা নাই বুলি কয় শিৱকুমাৰে। তেওঁ কয় যে নিৰ্বাচনত যুঁজি জয়ী হ’ব পৰা শক্তি গোটাব পৰা নাই বাবেই বিজেপি দলে কংগ্ৰেছৰ সাংসদ বা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ দৰে নেতাসকলক বিজেপিয়ে নিজ দললৈ নিবলগীয়া হৈছে আৰু নিৰ্বাচনত নমাবলগীয়া হৈছে।

 ”তোমালোকে ১০ বছৰ ধৰি শাসনত আছা। তোমালোকে যদি ভাল কাম কৰিছা, তোমালোকে যদি নতুন নতুন নেতাৰ সৃষ্টি কৰিব পাৰিছা তেন্তে আমাৰ যিজন নেতাই তোমালোকৰ মূল নেতাৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুতৰ দায়িত্বত আছিল সেই নেতাজনক দলত লোৱাৰ প্ৰয়োজনেই বা কিয় হ’ল?’’ বিজেপি দলৰ এনে কাৰ্যই দলটো যে দুৰ্বল হৈ পৰিছে আৰু পৰাজয় স্পষ্টকৈ দেখিবলৈ পাইছে সেয়া স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰি এইদৰে কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে।

একেদৰে তেওঁ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অনুৰূপধৰণে হিটলাৰী শাসন চলাইছে বুলিও মন্তব্য কৰে। শিৱকুমাৰে কয় যে অসমত বিজেপিৰ সভালৈ যোৱা মহিলাসকলহে চৰকাৰী আঁচনিৰ ধন লাভ কৰে আৰু বিজেপিৰ সভালৈ নগ’লে আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলি স্থানীয় নেতাসকলে মহিলাকসকলক ভাবুকি দিয়ে বুলি শুনি তেওঁ আচৰিত হৈ পৰিছে।

শিৱকুমাৰে কয়, ”কৰ্ণাটকটো আমাৰ চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক মাহিলি ২০০০ টকাকৈ প্ৰদান কৰে। কিন্তু আমি মহিলাসকলক যোগ্যতাৰ আধাৰতহে ধন দিও। কোনো সভালৈ যাব লাগিব বুলি আমি দাবী-ধমকি নিদিও। যি দলৰে সদস্য নহওক কিয়, যি দলকে সমৰ্থন নকৰক কিয় যদি যোগ্যতা আছে তেন্তে আমি আঁচনিৰ বাবে নিৰ্বাচিত কৰো। কিন্তু অসমলৈ আহি মই গম পাইছো যে ইয়াত বিজেপি চৰকাৰে দলীয় সভালৈ নগ’লে মহিলাসকলক আঁচনি নিদিয়ে। এয়া দেখদেখকৈ হিটলাৰী শাসন।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখত যি আহে তাকেই ক’লে অসমৰ ৰাইজে সেয়াই সদায় মানি ল’ব বুলি ভবাতো মূৰ্খামি বুলিও কয় শিৱকুমাৰে। তেওঁ কয়, ”হিমন্তই এক সাক্ষাৎকাৰত কৈছে যে কংগ্ৰেছৰ ৩০ শতাংশ টিকট তেওঁ নিজৰ মতে দিছে। তেওঁ ক’ব খুজিছে কি? তেওঁৰ কথা মতে টিকট দিবলৈ মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ দৰে নেতাসকল কংগ্ৰেছত কি এনেই বহি আছে? বিজেপি দলত নিকা হৈ তেওঁ এতিয়াও কিয় কংগ্ৰেছ দলৰ কথা ইমানকৈ চিন্তা কৰি আছে? তেওঁ তাৰমানে বিজেপি দলত থাকিও দলটোত মন বহাব পৰা নাই আৰু সেয়ে কংগ্ৰেছৰ টিকটক লৈ চিন্তা কৰিবলগীয়া হৈছে? অসমৰ ৰাইজে তেওঁৰ এনেবোৰ বাৰেভচহু কথা বিশ্বাস কৰিব বুলি যদি ভাবিছে তেন্তে তেওঁ মহামূৰ্খামি কৰিছে।’’

শিৱকুমাৰে লগতে কয় যে বিজেপি দলটো এতিয়া প্ৰাক্তন কংগ্ৰেছ নেতাৰে ভৰি পৰিছে। বিজেপি দলটোক কংগ্ৰেছে একপ্ৰকাৰ দখল কৰি ল’লে বুলি বিজেপিৰ পূৰ্বৰ বহু চিনাকি নেতাই আক্ষেপ কৰে বুলিও কয় শিৱকুমাৰে। এসময়ত গান্ধী পৰিয়ালৰ বাবে সকলো কৰিবলৈ সাজু হৈ থকা হিমন্ত বিশ্ব শৰ্মাই এতিয়া গান্ধী পৰিয়ালৰ বিষয়ে কটুক্তি কৰিলেও সত্যক কেতিয়াও সলনি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে শিৱকুমাৰে।

তেওঁ কয়, ”গান্ধী-নেহৰু পৰিয়ালৰ এই দেশত এক ইতিহাস আছে। গান্ধী-নেহৰু পৰিয়ালে দেশৰ হৈ যথেষ্ট ত্যাগ কৰিছে। স্বাধীনতাৰ সময়ত নেহৰু পৰিয়ালে দেশৰ বাবে কিদৰে নিজকে উৎসৰ্গা কৰিছিল সেয়া ইতিহাসত লিপিৱদ্ধ হৈ আছে। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে বলিদান দিছিল। ছোনিয়া গান্ধীয়ে ইউপিএৰ অধ্যক্ষা হৈ থকা সময়ত নিজে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব পৰাকৈ সকলো ক্ষমতা থকাৰ পিছতো প্ৰধানমন্ত্ৰীৰ দৰে পদবীৰ লোভ ত্যাগ কৰি দেশখনক আগবঢ়াই নিয়াৰ স্বাৰ্থতে মহান অৰ্থনীতিবিদ ড০ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ আহ্বান জনাইছিল। কংগ্ৰেছ হৈছে এনে ত্যাগৰ ইতিহাস থকা দল।’’

ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰাৰ সময়ত ‘বডী ডাবল’ৰ দৰে কথা কৈ হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশতে হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হৈছিল বুলিও কয় শিৱকুমাৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ইমান দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে যে দেশৰ কোনো ৰাজ্য চৰকাৰতে এনে দুৰ্নীতিপৰায়ণ নেতা-মন্ত্ৰী নাই। আনকি অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে নিজৰ পৰিয়ালৰ নামতো দুৰ্নীতিত লিপ্ত হৈছে বুলিও কয় শিৱকুমাৰে। এই সত্য কথাবোৰ লিখা বাবে, প্ৰকাশ কৰা বাবে হিমন্ত চৰকাৰে বাতৰি কাকত জ্বলাই দিছে বুলিও তেওঁ মন্তব্য কৰে।

শিৱকুমাৰে কয় যে চতুৰ্থ স্তম্ভৰ ওপৰত কৰা এনে আক্ৰমণ গণতন্ত্ৰৰ বাবে অতিশয় দুৰ্ভাগ্যজনক। অসমত যদি হিমন্ত চৰকাৰে দাবী কৰাৰ দৰে চাকৰি দিব পাৰিছে তেন্তে তেওঁৰ নিজৰ ৰাজ্য কৰ্ণাটকৰ লগতে দক্ষিণ ভাৰতৰ বাকী ৰাজ্যসমূহলৈ অসমৰ পৰা প্ৰতিবছৰে লাখ লাখ যুৱক-যুৱতী কিয় চাকৰি বিচাৰি যাবলগীয়া হৈছে বুলিও শিৱকুমাৰে প্ৰশ্ন কৰে। ছয় জনগোষ্ঠীক প্ৰতিশ্ৰুতি দিও, ইস্তাহাৰত ঘোষণা কৰাৰ পিছতো কিয় জনজাতিকৰণ কৰিব নোৱাৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। ১০ বছৰ শাসনত থাকিও এই মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰখনক অসমৰ ৰাইজে এইবাৰ বিদায় দিব বুলিও কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে।

শিৱকুমাৰে কয় যে কংগ্ৰেছৰ শাসন থকা ৰাজ্যসমূহৰ চৰকাৰে ইস্তাহাৰত যি যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটা এটাকৈ পূৰণ কৰিছে। অসমতো কংগ্ৰেছ চৰকাৰ হ’লে প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলিও শিৱকুমাৰে আশ্বাস দিয়ে। কংগ্ৰেছ দলে, ৰাহুল গান্ধীয়ে সাধাৰণ জনতাক সদায় শক্তিশালী হোৱাতো বিচাৰে কিয়নো সাধাৰণ জনতা শক্তিশালী হোৱা মানেই দেশ শক্তিশালী হোৱা বুলি কংগ্ৰেছ দলে অন্তঃকৰণৰে বিশ্বাস কৰে বুলিও কয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীজনে।

আনহাতে, বাংলাদেশী ইছ্যুক লৈ সদা সৰৱ হৈ থকা হিমন্ত বিশ্ব শৰ্মাকো তথ্যৰ আধাৰত ক্ষুৰধাৰ সমালোচনা কৰে শিৱকুমাৰে। তেওঁ কয় যে বিজেপি চৰকাৰে যোৱা ১০ বছৰত যিমান বাংলাদেশী বিতাড়ন কৰিছে তাতকৈ কেবাগুণে অধিক বাংলাদেশীক মনমোহন সিং চৰকাৰে বিতাড়ন কৰিছিল। ইয়াৰ পিছত এনেবোৰ কথাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক প্ৰতিশ্ৰুতি দিয়াৰ কোনো অধিকাৰ নাই বুলিও শিৱকুমাৰে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd