• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

HIV infection during pregnancy: গৰ্ভাৱস্থাত এইচ আই ভি সংক্ৰমণ কেনেকৈ হয় জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 22, 2022 5:01 pm
HIV in pregnancy
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মাতৃৰ পৰা সন্তানলৈ এইচ আই ভি সংক্ৰমণ হোৱাৰ বহুতো কাৰক থাকে। তাৰেই ভিতৰত কিছু কাৰক হৈছে:

১) মাতৃৰ শৰীৰত থকা এইচ আই ভি বীজাণু, মাতৃগৰাকীৰ গাত দেখা দিয়া আন যৌন সংক্ৰামক ৰোগ, অসুৰক্ষিত যৌনাভ্যাস, মাতৃৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, পHIVৰিপুষ্টি, ধূমপান তথা মদ খোৱাৰ অভ্যাস, নিচাযুক্ত ঔষধ ব্যৱহাৰকাৰী, মাতৃৰ যৌনাংগত থকা ভাইৰাছৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে।

Apply Now

যিমানে মাতৃগৰাকীৰ শৰীৰত ভাইৰাছৰ পৰিমাণ বেছিকৈ থাকে, সিমানে শিশুটিলৈ এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পায়।

২) স্বাভাৱিক প্ৰসৱ বা অস্ত্ৰোপচাৰ বা ছিজাৰিয়ান অস্ত্ৰোপচাৰ, সকলোতে শিশু এটি এইচ আই ভিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

৩) শিশুটিৰ বংশগত গাঁথনি, জন্মৰ সময়, শিশুটিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, মাকৰ দুগ্ধপান আদিৰ ওপৰত নিৰ্ভৰ কৰে শিশুটিৰ সংক্ৰমণৰ প্ৰৱণতা। এইডছ আক্ৰান্ত মাতৃয়ে দুগ্ধ পান কৰালে শিশুটি এইডছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

৪) মাকৰ পৰা শিশুটিলৈ গৰ্ভাৱস্থাৰ বিভিন্ন সময়ত হোৱা সংক্ৰমণৰ পৰিসংখ্যা এনেধৰণৰ-গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহৰ আগলৈ ২০ শতাংশ, প্ৰসৱৰ সময়ত ৫০ শতাংশ আৰু দুগ্ধপানৰ দ্বাৰা ৩০ শতাংশ।

ৰোগৰ লক্ষণসমূহৰ বিষয়ে জানো আহক:-

এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো প্ৰায় অকামিলা হৈ পৰে। ইয়াৰ ফলত সাধাৰণ অৱস্থাত সুপ্তপ্ৰায় হৈ থকা বেমাৰৰ বীজাণুবোৰ সক্ৰিয় হৈ পৰে আৰু মানুহগৰাকীক আক্ৰমণ কৰে।

ইয়াৰ ফলত মানুহগৰাকীক বিভিন্ন ৰোগে হেঁচি ধৰি কোঙা কৰি পেলায়। প্ৰথমাৱস্থাত জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ আদি সৰু-সুৰা লক্ষণবোৰে দেখা দিয়ে। লাহে লাহে শৰীৰত থকা গ্ৰন্থিসমূহ বাঢ়িবলৈ ধৰে। গাঁত ৰঙা ৰঙা গুটি ওলায়। প্ৰথমাৱস্থাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মহিলাগৰাকীৰ কোনো লক্ষণে দেখা নিদিব পাৰে।

লাহে লাহে সকলো লক্ষণে দেখা দিয়ে। যক্ষ্মা, কৰ্কট ৰোগ, যেনে জৰায়ুৰ কৰ্কট ৰোগ, কেপ’ছিছ ছাৰক’মা, লিমফ’মা আদি ৰোগৰ আৱিৰ্ভাৱ ঘটে। ওজন কমে। গোটেই গাৰ গ্ৰন্থিবোৰ বাঢ়ি যায়, পনীয়া শৌচ হয়। দীঘলীয়া সময়জুৰি হোৱা পনীয়া শৌচ আদি কেতবোৰ লক্ষণ।

চিকিৎসা সম্পৰ্কে কিছু জানিব লগীয়া কথা:-

গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল- এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰা। অপ্ৰয়োজনীয় গৰ্ভাৱস্থা ৰোধ কৰা, মাকৰ পৰা শিশুটিলৈ হোৱা সংক্ৰমণ ৰোধ কৰা আৰু এইচ আই ভি সংক্ৰমিত মহিলাগৰাকীৰ লগতে শিশু আৰু পৰিয়ালৰ আন লোকসকলৰ যত্ন তথা চিকিৎসা কৰা।

এতিয়া জানো আহক গৰ্ভাৱস্থাৰ সময়ত লোৱা যতন সমূহৰ কথালৈ:-

১) এইচ আই ভি সংক্ৰমিত গৰ্ভৱতী মহিলা এগৰাকীৰ চিকিৎসা স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা ভেষজ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা মিলি কৰা হয়।

২) সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰি কিবা ইনফেকচন থাকিলে চিকিৎসা কৰি সুস্থ কৰি তোলা হয়। পুষ্টিহীনতাত ভোগা মহিলাৰ স্বাস্থ্য পুষ্টিকৰ খাদ্যৰে সুস্থ কৰি তোলা হয়।

৩) মহিলাগৰাকীক গৰ্ভপাতৰ বিষয়ে বুজোৱা হয়, সন্মত হ’লে সকলো সাৱধানতা অৱলম্বন কৰি গৰ্ভপাত কৰোৱা হয়।

৪) গৰ্ভাৱস্থা ৰাখিব বিচাৰিলে, মহিলাগৰাকীৰ তেজৰ সকলো পৰীক্ষা তথা আল্ট্ৰাছাউণ্ড কৰি গৰ্ভস্থ শিশুটিৰ সুস্থতা নিৰুপণ কৰা হয়।

৫) এইচ আই ভিৰ ঔষধ সাধাৰণতে তিনি প্ৰকাৰৰ। উদাহৰণস্বৰুপে যিড’ভিউডিন, নেভিৰেপিন, টেন’ফ’ভিৰ, লোম ভিউডিন, ইফা ভিৰেঞ্জ আদি। ইয়াৰে তিনিবিধ ঔষধ গৰ্ভাৱস্থাৰ সময়ত আৰম্ভ কৰা হয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd