• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 7, 2022 6:29 pm
sweating
89
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো এক স্বাভাৱিক নিয়ম। শৰীৰে গৰম অনুভৱ কৰিলে ঘাম ওলায় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিন্তু কিছুমান মানুহৰ অটোনমিক নাৰ্ভাচ চিষ্টেম অধিক সক্ৰিয় হোৱাৰ ফলত এনে লোকসকলে হাতৰ তলুৱাত, কপালত, কাষলতিৰ তলত আৰু দুই ভৰিত বেছিকৈ ঘামি নানান আহুকালৰ সন্মুখীন হয় আৰু হীনমান্যতাত ভোগে৷

কিছুমান পৰিয়ালৰ একাধিক লোকক এনে অৱস্থাত ভোগা দেখা যায় আৰু সেয়ে এই ৰোগত জেনেটিক কাৰণ জড়িত বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। শৰীৰৰ নানাধৰণৰ ৰোগৰ ফলতো এনে অতিৰিক্ত ঘাম ওলোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে৷

Apply Now

এনে অৱস্থাক Secondary Generalized Hyperhidrosis বুলিব পাৰি৷ আনহাতে কোনো ৰোগসংক্ৰান্তীয় কাৰণ নোহোৱাকৈ অতিৰিক্ত ঘাম ওলোৱা অৱস্থাক Primary Focal Hyperhidrosis বোলে৷

প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ বিশেষত্ব হ’ল –ইয়াৰ লক্ষণসমূহ সাধাৰণতে দুয়োফালে সমান হয়৷ ঘামে দৈনন্দিন জীৱনত ব্যাঘাত ঘটায়৷ সপ্তাহত কমেও এদিন অতিৰিক্তভাৱে ঘামে৷ সাধাৰণতে ২৫ বছৰ বয়সৰ আগতেই লক্ষণসমূহ পৰিস্ফুট হয়৷

সাধাৰণতে পৰিয়ালত একে লক্ষণ আন সদস্যৰো দেখা যায়৷ নিদ্ৰামগ্ন অৱস্থাত সাধাৰণতে ঘাম নোলায়৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ আৰু কিছুমান লক্ষণীয় দিশ হ’ল— চিন্তা-দূৰ্ভাৱনা হ’লে গৰম-ঠাণ্ডা ব্যতিৰেকে বেছি ঘামে৷ আনকি কিছুমান দ্ৰব্যৰ ঘ্ৰাণেও ঘাম উলিওৱা অৱস্থা কৰিব পাৰে৷

কফি,নিকোটিন,গৰম মছলা আদিৰ সেৱনে বেছিকৈ ঘাম ওলিয়ায়৷ আকৌ ভেচলিন, গ্লিচাৰিন, লেচিথিন, প্ৰপাইলিন, গ্লাইকল আদিৰ ব্যৱহাৰে শৰীৰৰ পৰা বেছিকৈ ঘাম বাহিৰ কৰা দেখা যায়৷

বেছিকৈ ঘমা মানে কি?

এই সমস্যাটো সৰ্বসাধাৰণৰ বাবে অস্বস্তিকৰ আৰু আমনিদায়ক সমস্যা। কাষলতিৰ তলৰ ঘাম সচৰাচৰ কৈশোৰ অৱস্থাৰ পৰা আৰম্ভ হয়, কিন্তু হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাৰ ঘাম তাৰ আগতেই শিশু অৱস্থাৰ পৰাই আৰম্ভ হোৱা দেখা যায়। চিকিৎসাৰ ব্যৱস্থা নল’হে এই সমস্যা গোটেই জীৱনজুৰি থাকে।

ঘৰ্ম গ্ৰন্থিৰ দ্বাৰা সৃষ্ট পনীয়া পদাৰ্থ ছালৰ ৰন্ধ্ৰৰে বাহিৰেলৈ ওলাই অহাকেই ঘাম বোলে। ঘৰ্ম গ্ৰন্থি চুঙা আকৃতিৰ গ্ৰন্থি, যি ছালৰ তলতেই থাকে। এই ঘৰ্ম গ্ৰন্থিয়েই ছালত থকা সৰু সৰু ৰন্ধ্ৰৰ মাজেৰে ছালৰ ওপৰলৈ ঘাম বাহিৰ কৰি দিয়ে।

শৰীৰে নিৰ্দিষ্ট পৰিমাণৰ বেছিকৈ ঘাম বাহিৰ কৰি দিয়াকেই ঘমা বুলি কোৱা হয়। সচৰাচৰ ঘামৰ সহায়ত শৰীৰে তাপ নিয়ন্ত্ৰণ কৰে।

বেছিকৈ ঘাম ওলোৱা মানেই শৰীৰত পানী কমি যোৱা। শৰীৰ নিৰ্জল নহ’বলৈ প্ৰচুৰ পানী খোৱা উচিত। কাষতলি তল বেছিকৈ ঘমা লোকে ঘামৰ দাগ লগা সমস্যা নহ’বলৈ ঘনাই পিন্ধা কাপোৰ ধোৱা উচিত। নহ’লে ঘামৰ লগত বীজাণুৰ সংক্ৰমণ ঘটি চৰ্মৰোগ আৰু দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে।

যদি অত্যধিক ঘাম ওলাই, তেন্তে খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক:-

১. মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব।

২.আপোনাৰ আহাৰত গৰম খাদ্য অন্তৰ্ভুক্ত নকৰিব।

৩.খালী পেটত প্ৰতিদিনে ১০ টা ভিজা কিচমিচ খাব।

৪.আহাৰত অত্যাধিক মিঠা সোৱাদযুক্ত খাদ্য নাৰাখিব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd