কোঠাত অন্ধকাৰ, শৰীৰে লৈছে টোপনিৰ প্ৰস্তুতি। ৰাতি সাধাৰণতে এনেকুৱাই হোৱা উচিত। কিন্তু টোপনিৰ সময়ত যদি কাষত বেডচাইড লেম্প জ্বলি থাকে, টিভি চলি থাকে, হাতত ম’বাইল থাকে বা খিৰিকীৰে বাহিৰৰ পোহৰ সোমাই আহে, তেন্তে ই বিপদ মাতিব পাৰে। চকু বন্ধ থাকিলেও সেই পোহৰে শৰীৰৰ স্বাভাৱিক ছন্দত ব্যাঘাত জন্মাব পাৰে। নিয়মিত এনেকুৱা হ’লে ৰক্তচাপ, হৃদস্পন্দন আৰু বিপাকীয় স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। সেয়েহে ৰাতি কোঠাত পোহৰ জ্বলাই শোৱাৰ অভ্যাসটোক একেবাৰে আওকাণ কৰা ঠিক নহয়।
আমাৰ শৰীৰৰ ভিতৰত এটা স্বাভাৱিক জৈৱিক ঘড়ী থাকে। দিন-ৰাতি আৰু পোহৰ-অন্ধকাৰৰ সৈতে তাল মিলাই এই ঘড়ীটোৱে নিৰ্ধাৰণ কৰে কেতিয়া শৰীৰ সক্ৰিয় হৈ থাকিব আৰু কেতিয়া টোপনিৰ বাবে সাজু হ’ব। দিনৰ পোহৰে শৰীৰক সাৰে থকাৰ সংকেত দিয়ে আৰু নিশাৰ অন্ধকাৰে শৰীৰক লাহে লাহে জিৰণিৰ ফালে লৈ যায়। এই সময়ত মগজুৰ পৰা মেলাটনিন নামৰ এবিধ হৰম’ন নিৰ্গত হয়, যিয়ে শৰীৰক জনায় যে এয়া টোপনিৰ সময়। কিন্তু ৰাতি কোঠাত পোহৰ জ্বলি থাকিলে, বিশেষকৈ উজ্জ্বল পোহৰ বা চকুৰ ওচৰত পোহৰ থাকিলে, মগজুৱে সেই পোহৰক দিনৰ সংকেত হিচাপে গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত মেলাটনিনৰ স্বাভাৱিক নিৰ্গমন কমি যায় আৰু টোপনিৰ ছন্দত ব্যাঘাত জন্মে।
সমস্যাটো কেৱল টোপনি কম হোৱাতেই সীমাবদ্ধ নাথাকে। টোপনিৰ মানদণ্ড বেয়া হ’লে শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰে। চিকিৎসকসকলৰ মতে, ৰাতি পোহৰৰ সংস্পৰ্শই শৰীৰক সম্পূৰ্ণ জিৰণি দিয়াৰ পৰিৱৰ্তে তুলনামূলকভাৱে সতৰ্ক অৱস্থাত ৰাখে। ইয়াৰ ফলত গভীৰ টোপনিৰ পৰ্যায় ব্যাহত হোৱাৰ সম্ভাৱনা থাকে। দীৰ্ঘদিন ধৰি টোপনিৰ মানদণ্ড বেয়া হৈ থাকিলে উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু ডায়েবেটিছৰ দৰে একাধিক হৃদৰোগৰ আশংকা বৃদ্ধি পায়। সেয়েহে টোপনিৰ ব্যাঘাতক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ পৰা পৃথক কৰি চোৱা উচিত নহয়। অৱশ্যে এদিন ৰাতি পোহৰ জ্বলাই শুইলেই যে হৃদযন্ত্ৰৰ ক্ষতি হ’ব, তেনে কোনো কথা নাই। আচল কথাটো হ’ল অভ্যাস।
নিয়মিতভাৱে ৰাতি পোহৰত শোৱাৰ অভ্যাস থাকিলে সাৱধান হোৱাটো জৰুৰী। বিশেষকৈ যিসকলৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা হৃদৰোগৰ দৰে সমস্যা আছে, তেওঁলোকে শোৱনি কোঠাৰ পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। সেয়েহে শুবলৈ যোৱাৰ আগতে কোঠাৰ অপ্ৰয়োজনীয় পোহৰ নুমুৱাই দিয়ক। টিভি চলাই শোৱাৰ অভ্যাস থাকিলে তাক সলনি কৰক আৰু শোৱাৰ আগতে ম’বাইল বা আন স্ক্ৰীণৰ ফালে চাই থকাৰ পৰা বিৰত থাকক। প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত শোৱা আৰু সাৰ পোৱাৰ অভ্যাস কৰক। নিৰাপত্তাৰ বাবে ৰাতি পোহৰৰ প্ৰয়োজন হ’লে অতি কম পোহৰৰ ব্যৱস্থা কৰক, যিটো পোনে পোনে চকুৰ ওচৰত নাথাকে। মনত ৰাখিব, ৰাতিৰ অন্ধকাৰ কেৱল পৰিৱেশেই নহয়, ই শৰীৰৰ জিৰণিৰ বাবে এক স্বাভাৱিক সংকেত। ভাল টোপনি আৰু দীৰ্ঘম্যাদী সুস্থতাৰ বাবে শোৱাৰ সময়ত অন্ধকাৰ পৰিৱেশ বজাই ৰখাই মংগলজনক।





