NORTHEAST NOW (Assamese)

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো চিকিৎসকৰ প্ৰতিবাদ

June 17, 2019 2:24 pm · পাৰ্শ্বজ্যোতি গগৈ
সৰ্বভাৰতীয় চিকিৎসক সন্থাই আজি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সমৰ্থন আগবঢ়ায় নিখিল ভাৰত চৰকাৰী চিকিৎসক মহাসংঘ আৰু অসম চৰকাৰী চিকিৎসা সেৱা সন্থা শিৱসাগৰ গোটেও এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আজি পুৱা ৮ বজাৰ পৰা ১০ বজালৈ চৰকাৰী চিকিৎসক সকলে কৰ্মবিৰতি পালন কৰে। অৱশ্যে এই কৰ্মবিৰতি কাৰ্যসূচীৰ সময়ত জৰুীকালীন চিকিৎসা সেৱাক ৰেহাই দিয়া হয়।
উল্লেখযোগ্য যে কলিকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাক লৈ আজি সমগ্ৰ ভাৰতত চৰকাৰী বে চৰকাৰী চিকিৎসক সকলে ২৪ ঘন্টীয়া কৰ্মবিৰতি পালন কৰিছে যদিও শিৱসাগৰত দুখীয়া ৰোগীৰ কথা চিন্তা কৰি এই কৰ্মবিৰতি কাৰ্যসূচী দুঘণ্টাৰ বাবে ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে অসম চিকিৎসা সেৱা সন্থাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকটীয়ে।
তেওঁ লগতে কয় কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে অতিসীঘ্ৰে চিকিৎসকক সুৰক্ষা প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰি চিকিৎসক সকলক চিকিৎসাহ সেৱা আগবঢ়াই নিয়াৰ বাবে এটা পৰিবেশ গঢ়ি তোলক।

Related News