DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰিপুন বৰাক তেল মাৰিলে হয় প্ৰমোশ্যন, তেল নামাৰিলে দিয়ে শ্ব’কজ : পাৰ্থ প্ৰতীম বৰা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2019 3:55 pm
partha pratim bora

সদ্য পদত্যাগী প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পাৰ্থ প্ৰতীম বৰা। ফটো : নৰ্থইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

‘’ৰিপুন বৰাক তেল মাৰিলে প্ৰমোশ্যন, তেল নামাৰিলে দিয়ে শ্ব’কজ।‘’ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু প্ৰথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি সোমবাৰে এক সংবাদমেলত এই মন্তব্য কৰে পাৰ্থ প্ৰতীম বৰাই।

ৰিপুন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পাৰ্থপ্ৰতিম বৰাই সংবাদমেলত কয় যে ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ অসমত ধাৰাবাহিকভাৱে প্ৰতিটো নিৰ্বাচনতে বিপৰ্যয়ৰ সন্মুখীন হৈছে ।

তেওঁ কয়,‘’বৰাৰ নেতৃত্বতে উপ নিৰ্বাচন,পৰিষদীয় নিৰ্বাচন,পঞ্চায়ত, লোকসভা সকলোতে কংগ্ৰেছ পৰাজিত হৈছে। ৰিপুন বৰাই নিজৰ যুৱ কংগ্ৰেছৰ প্ৰাৰ্থীজনকো জিকাব পৰা নাই। আনকি, লোকসভা নিৰ্বাচনত ৰিপুন বৰাৰ গহপুৰ সমষ্টিত ৪৬ হাজাৰতকৈ অধিক ভোটত পিছ পৰিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।‘’

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কটাক্ষ কৰি বৰাই কয়, ‘’ৰিপুন বৰাৰ নেতৃত্বত মিশ্যন ৮০’ৰ সলনি মিশ্যন ০৮’হে হ’ব। তেওঁ ৮০ খন বিধায়কৰ আসন নহয় টেন্ট হাউচৰ আসন হে আনিব লাগিব।‘’

পদত্যাগী নেতাজনে লগতে কয়,‘’ৰাজনৈতিকভাবে ৰিপুন বৰাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ চেষ্টা কৰিছিল, তাত মোৰ জয় হৈছে বুলি ভাবোঁ। তেওঁৰ বিফলতা দাঙি ধৰাৰ বাবে দলৰ পৰা নিলম্বন কৰিছিল। মই আজি কাৰো অনুমতি লৈ দলৰ পৰা পদত্যাগ কৰা নাই।‘’

ৰিপুন বৰাই এবাৰ পদত্যাগৰ পাছত তেওঁৰ সোঁৱে-বাৱে থকা মানুহে তেওঁক সভাপতি কৰি ৰখাৰ বাবে চহী লৈ ফুৰে বুলি মন্তব্য কৰি পাৰ্থ প্ৰতীম বৰাই কয়, ‘’ৰমেন বৰঠাকুৰ বা আন কেইজনক দলৰ পৰা নিলম্বন কৰিছে, কিন্তু ৰিপুন বৰাই লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত পইচা লোৱাৰ অভিযোগৰ তদন্ত কোনে কৰিব?’’

কংগ্ৰেছৰ প্ৰতি থকা তেওঁৰ আনুগত্যৰ কথা দোহাৰি পদত্যাগী নেতা পাৰ্থ প্ৰতীম বৰাই কয়,’’মোৰ পৰিয়ালৰ তিনিটা প্ৰজন্মই কংগ্ৰেছ কৰি আহিছে। পৰিয়ালৰ কংগ্ৰেছী আদৰ্শৰ কথা চিন্তা কৰিয়েই দল এৰা নাছিলো। হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠতা থকাৰ পিছতো মই কংগ্ৰেছ ত্যাগ কৰা নাছিলোঁ।‘’

ইপিনে, কোনো যুৱ কংগ্ৰেছীক ৰিপুন বৰাই সুবিধা দিব নিবিচাৰে বুলি উল্লেখ কৰি বৰাই কয় যে তেওঁ ২০১৬ চনত চতিয়াৰ পৰা টিকট বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁক টিকট দিয়া নাছিল।

তদুপৰি, প্ৰতিবাৰেই ৰিপুন বৰাৰ শ্ব’কজৰ উত্তৰ দিয়া সম্ভৱ নহয় বুলি স্পষ্ট কৰি দি বৰাই মন্তব্য কৰে যে কংগ্ৰেছ অন্ধকাৰলৈ সোমাই গৈ আছে।

‘’সম্পাদকৰ উপৰি প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰাও মই পদত্যাগ কৰিছোঁ। এতিয়ালৈ মই কোনো ৰাজনৈতিক দলৰ লগত কথা পতা নাই।নতুন নেতৃত্ব কংগ্ৰেছত আহিলে মই আগলৈ কংগ্ৰেছ কৰি যাম,’’-বৰাই কয়।

Recent News

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd