মহিলাৰ পেটৰ পৰা এটা এটাকৈ উলিয়াই অনা হ’ল ৫৫ টা বেটাৰী; চকু কপালত উঠিল চিকিৎসকৰ!

ফটো: সংগৃহিত।

Doctors removed 55 batteries from woman’s stomach এগৰাকী মহিলাৰ পেটৰ পৰা ৫০ টাতকৈও অধিক বেটাৰী অস্ত্ৰোপচাৰ কৰি উলিয়াই অনা হ’ল। আয়াৰলেণ্ডৰ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে হতবাক হৈ পৰিল সকলো। তেওঁ কিছু দিনৰ পৰা অসহনীয় পেটৰ বিষত ভুগি আছিল। চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ অহাৰ লগে লগে বিভিন্ন পৰীক্ষা কৰা হয়। কিন্তু তেনেকুৱা একো বিচাৰি নোপোৱাৰ বাবে চিকিৎসকসকলে মহিলাগৰাকীক কেইটামান ঔষধ দিয়েই যাবলৈ দিয়ে।

কিন্তু কেইদিনমানৰ পিছত তেওঁ পুনৰ পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহে। আয়াৰলেণ্ডৰ ডাবলিনৰ ছেইণ্ট ভিনচেণ্ট হস্পিটেলৰ চিকিৎসকসকলে তেতিয়া ইউএছজি ব্যৱহাৰ কৰি দেখে যে মহিলাগৰাকীৰ পেটত ৫৫ টা বেটাৰী সোমাই আছে।

লগতে পঢ়ক: ‘মোডী ডাঙৰীয়া, আপুনি কেৱল নিজৰ কথা ভাবে…! প্ৰধানমন্ত্ৰীক জগৰীয়া কৰি চিঠি লিখি আত্মহত্যা কৃষকৰ

অস্ত্ৰোপচাৰৰ প্ৰথম পৰ্যায়ত ৪৬ টা বেটাৰী উলিয়াই অনা হয়। পৰৱৰ্তী পৰ্যায়ত বাকী ৯ টা বেটাৰী উলিয়াই দিয়া হয়।

চিকিৎসকসকলে কয় যে বেটাৰীবোৰ মহিলাগৰাকীৰ পেটৰ ভিতৰত খুব বেয়াকৈ আৱদ্ধ হৈ পৰিছিল।হাড়ত লাগি বেটাৰীবোৰ ওলমি আছিল। যিকোনো সময়তে ই ভয়ংকৰ বিপদ মাতি আনিব পাৰিলেহেঁতেন।

আয়াৰলেণ্ডৰ ডাবলিনৰ ছেইণ্ট ভিনচেণ্ট হস্পিটেলৰ চিকিৎসকসকলে এইদৰে কয়, “অক্লান্ত চেষ্টা কৰি মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰা সম্ভৱ হৈছে। বৰ্তমান তেওঁৰ অৱস্থা এতিয়াৰ সুস্থিৰ।

লগতে পঢ়ক: বোকাখাতত গৰু ভৰ্তি ট্ৰাক জব্দ; ট্ৰাকৰ ভিতৰত ৪০ টা মৃত গৰু উদ্ধাৰ, চালকক আটক

সূত্ৰসমূহৰ মতে, মহিলাগৰাকীয়ে নিজেই ইচ্ছাকৃতভাৱে ৫০ টাতকৈ অধিক বেটাৰী গিলিছিল। এনে ঘটনা পোহৰলৈ অহাৰ লগে লগে নেটিজেনসকল বিচুৰ্তি খাই পৰিছে।