ভাৰতৰ দৰে দেশ এখনত এনে প্ৰাচুৰ্য শোভা পায়নে?

দহ জুলাইৰ Economic Timesৰ চাৰি নম্বৰ পৃষ্ঠাৰ ওপৰৰ সোঁফালে এটা খবৰ ছপা হৈছে। খবৰটোৰ শিৰোনামটো হৈছে- Ambani Event:  Demands for Hotel Surges in Mumbai।মুকেশ আম্বানীৰ পুতেক অনন্ত আম্বানীৰ বিয়া। মানে বিয়া নহয় যেনিবা কিবা এটা যুগান্তকাৰী পৰিঘটনা। এতিয়া ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে ফাটি ফুটি যোৱা খবৰটো হ’ল মুকেশ আম্বানীৰ ল’ৰা অনন্ত আম্বানীৰ বিয়া।

সৰুতে আমি সাধুকথাত ৰাজকুমাৰ/ৰাজকুমাৰীৰ বিয়াৰ কাহিনী পঢ়িছিলোঁ। সেইবোৰ আছিল সপোন সপোন লগা কাহিনী। সেই কাহিনীবোৰত কিমান দিনলৈ বিয়াৰ আয়োজন চলিছিল? কিমান কি বন্দোবস্তৰ বৰ্ণনা আছিল! দেশ-বিদেশৰ ৰজা, মহাৰজাৰ আগমন, তেওঁলোকক ৰখা মেলাৰ ব্যৱস্থা, আৰব্য ভোজকো নেওচি যোৱা বিভিন্ন ব্যঞ্জন আৰু সুখাদ্যৰ কিমান কি পয়োভৰ? সেইবোৰ আমি কাহিনী হিচাপে, অলৌকিক কাহিনী হিচাপে পঢ়ি ফূৰ্তি পাইছিলোঁ।সি আমাৰ কল্পনাৰ জগতখন সম্প্ৰসাৰিত কৰিছিল।কিন্তু এতিয়া উপলব্ধি কৰিছোঁ সেইবোৰ যেন অবাস্তৱ, কল্প কাহিনী নাছিল। অনন্ত আম্বানীৰ বিয়াৰ বাবে যি আয়োজন চলোৱা হৈছে সি দেখোন আমাৰ কল্পনাৰ সীমাও অতিক্ৰম কৰি গৈছে।

ইতিমধ্যে উল্লেখ কৰা Economic  Timesৰ খবৰটোত কোৱা হৈছে “Room rates and occupancies at some top luxury hotels in Mumbai are hitting the roof ahead of Anant Ambani’s wedding this week, with hotels experiencing high demand from July 11-17. The wedding is reportedly on July 12 at the Jio World Convention Centre in Bandra Kurla Complex (BKC).Only one presidential suite with a king bed is available at The Four Seasons in Mumbai on July 12, for a whopping 5 lakh a night. This excludes ₹90,000 in taxes. মানে এনিশাত এটা ৰূমৰ ভাৰা ছয় লাখ টকা। হয়, আপুনি ভুল শুনা নাই। এনিশাত এটা ৰূমৰ ভাৰা ছয় লাখ টকা। বাকী হোটেলবোৰৰ তেনে বা তাৰ সমান দামৰ সকলো ৰূম বুকহৈ গ’ল। বান্দ্ৰাৰ ট্ৰাইডেন হোটেলত তেনে মাত্ৰ এটা ৰূমহে খালী আছে। সেইটোতো সেইটো, কিন্তু তাতকৈ কম দামৰ যিবোৰ ৰূম মানে ধৰক এনিশাৰ বাবে ৭০/৬০ হাজাৰ বা ৩৬/ ৪০ হাজাৰৰ যিবোৰ ৰূম আছে সেই সকলোবোৰ ৰূম ১১ জুলাইৰ পৰা মানে আজিৰ পৰা ১৭ জুলাইলৈকে বুক হৈ গৈছে। কেৱল বুক হৈ যোৱাই নহয়, সেই ৰূমবোৰৰ দামো মূধচ পাইছে গৈ। সেই হোটেলবোৰ হৈছে Sofitel, The Trident, ITC Grand,The Oberoi,Taj,  Holiday Inn আদি।

এই প্ৰাচুৰ্যৰ পয়োভৰ আমি কোনখন দেশত দেখিছোঁ? ভাৰতবৰ্ষত, য’ত প্ৰতিমাহে ৮০ কোটি মানুহৰ জীৱন নিৰ্ভৰ কৰে চৰকাৰে দিয়া বিনা পইছাৰ ৰেচনৰ ওপৰত। এফালে ৮০ কোটি মানুহৰ বিনা পইছাৰ ৰেচন আৰু আনফালে এনিশাত হোটেলৰ এটা ৰূমৰ ভাৰা ৬ লাখ টকা।মই অৰ্থনৈতিক সমতাত বিশ্বাসী। কিন্তু তাৰমানে মই এইটো ক’বলৈ যোৱা নাই যে সকলোৰে উপাৰ্জন সমান হ’ব লাগিব। সেইটো এটা অসম্ভৱ/অবাস্তৱ কথা। কিন্তু উপাৰ্জনৰ ব্যৱধানৰ মাজত কিবা এটা ভাৰসাম্য থাকিব নালাগিবনে। যিখন দেশত কোটি কোটি মানুহে দুবেলা দুমুঠি খোৱাৰ কাৰণে হাহকাৰ কৰিব লগা হয়, যিখন দেশত কৰ্মসংস্থানহীনতা আৰু মূল্যবৃদ্ধিয়ে মানুহক এফালৰ পৰা কোঙা কৰি আনিছে সেইখন দেশত এনে লাহবিলাহ আৰু প্ৰাচূৰ্য শোভা পায়নে?

অকল সেইটোৱেনে? অনন্ত আম্বানীৰ বিয়া যেন অনন্ত আম্বানীৰ বিয়া নহয় কিবা এক গুৰুত্বপূৰ্ণ চৰকাৰী উৎসৱহে। কিয়নো আম্বানীৰ বিয়া উপলক্ষে চৰকাৰে জাম নগৰ বিমান বন্দৰৰ আন্তঃগাঁঠনি সম্প্ৰাসৰিত কৰিছে। প্ৰতিৰক্ষা বাহিনীৰ সৰু বিমান বন্দৰ এটাক চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মৰ্যাদা প্ৰদান কৰিছে। এতিয়া আজিৰে পৰা বিয়াখনকলৈ মুম্বাই পুলিচ ব্যস্ত হৈ পৰিছে। কোনফালে কোন যাব পাৰিব, কোন ফালে কোন যাব নোৱাৰে তাৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। আৰু আমাৰ সাংবাদিক সকলৰো নধৰ নপৰ অৱস্থা! এতিয়া তেওঁলোকৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অনন্ত আম্বানীৰ বিয়া।

এই ঘটনাটোৱে দুটা কথা আমাৰ আগত স্পষ্ট কৰি দিয়ে। এইখন দেশত ধনী আৰু নিৰ্ধনীৰ মাজৰ পাৰ্থক্য কিমান? আৰু ৰাষ্ট্ৰই ধনীক কিমান খাতিৰ কৰে? আচলতে আমাৰ চৰকাৰখনো যেন এই ধনী মানুহবোৰৰ কাৰণেই। তেওঁলোকেই চৰকাৰৰ নিয়ন্ত্ৰণত। কিন্তু দুখীয়া দেশ এখনৰ বাবে লাহ বিলাহ আৰু প্ৰাচূৰ্যৰ এনে প্ৰদৰ্শন অনৈতিকেই নহয় আপচুও।