• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

এজন মুখ্যমন্ত্ৰীৰ এনে আচৰণ ভদ্ৰ সমাজৰ বাবে গ্ৰহণযোগ্য হয়নে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 22, 2024 8:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কালি কি ক’লে, কি কৰিলে? এগৰাকী সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে যি সময়ত পাহাৰ কাটি বিশ্ববিদ্যালয় সজাৰ বাবে তেওঁ মহবুবুল হকৰ University of Science and Technology, Meghalaya ক গুৱাহাটী মহানগৰত হোৱা বানপানীৰ বাবে জগৰীয়া কৰি আছে, সেই সময়তে দেখোন মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত ঠিকাদাৰে পাহাৰ কাটি তহিলং কৰিছে?

 

সাংবাদিকৰ প্ৰশ্নটো শুনিয়ে মুখ্যমন্ত্ৰী জাঙুৰখাই উঠিল।তেওঁ সাংবাদিকজনৰ কি নাম শুধিলে আৰু যেই সাংবাদিকজনে ক’লে যে তেওঁৰ নাম শ্বাহ আলম মুখ্যমন্ত্ৰীয়ে সাংবাদিকজনক USTMৰ মহবুবুল হকৰ লগত জুৰি সাম্প্ৰদায়িক মন্তব্য কৰি তেওঁক ৰাজহুৱাকৈ তিৰস্কাৰ কৰিবলৈ ধৰিলে।খঙৰ ভমকত তেওঁ মহবুবুল হকৰ বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে অসমত যাতে চাকৰি নাপায় তাৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি ইতিমধ্যে চাৰিওফালে ভাইৰেল হৈ গৈছে।কেৱল বিষয়টোৰ প্ৰাংসগিকতাৰ বাবেহে মই এই কথাখিনি কৈ থ’লোঁ।

Apply Now

 

মুখ্যমন্ত্ৰীয়ে কি কৰিলে? তিনিটা কথাৰ কাৰণে মুখ্যমন্ত্ৰীৰ আচৰণ আৰু বক্তব্য দুৰ্ঘোৰ আপত্তিজনক। প্ৰথম, সাংবাদিকজনে কি ভুল প্ৰশ্ন কৰিছিল? তেওঁ মুখ্যমন্ত্ৰীক তেওঁৰ সমষ্টিত পাহাৰ কটা সম্পৰ্কে এটা প্ৰশ্ন কৰিছিল।সেই প্ৰশ্নটোত কি ভুল আছিল? এজন সাংবাদিকৰ যুক্তিসংগত প্ৰশ্ন সোধাৰ অধিকাৰ আছেনে নাই? গতিকে এটা প্ৰাসংগিক প্ৰশ্ন কৰা কাৰণে সাংবাদিকজনৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকী কিয় ইমান আক্ৰোশী হৈ পৰিব আৰু তেওঁক কিয় সাম্প্ৰদায়িক মন্তব্যৰে ভৰ্ৎসনা কৰিব? দ্বিতীয় কথাটো হ’ল মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্য।কি আচৰিত কথা?

 

আপোনাক এটা যুক্তিসংগত প্ৰশ্ন কৰা কাৰণে আপুনি সাংবাদিকজনক তেওঁৰ জাতিক ধৰি গৰিহণা দিব, কটু কথা ক’ব? এইটো কোন দেশৰ কথা? আপুনি এজন সাধাৰণ ব্যক্তি নহয়। আপুনি অসমৰ মুখ্যমন্ত্ৰী। আপোনাৰ এনেকুৱা আচৰণ কৰাৰ বা মন্তব্য দিয়াৰ অধিকাৰ আছেনে? আপুনি এটা গুৰুত্বপূৰ্ণ সাংবিধানিক পদবীত আছেনে নাই? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আপুনি কি সতেৰে ইমান গৰ্হিত, নিকৃষ্ট আৰু আপত্তিজনক মন্তব্য কৰিলে? তাৰ পিছৰ কথাটো, মানে তৃতীয় কথাটো হ’ল USTMত পঢ়া ছাত্ৰ-ছাত্ৰীক চাকৰি নিদিয়াৰ ব্যৱস্থা কৰাৰ কথা। আপুনি কেতিয়াৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দায়িত্ব ল’লে? কি, আপোনাৰ মুখৰ কথাই আইন হ’বনে? আপুনিয়ে আইন! মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তি এজনে ঔদ্ধত্য আৰু ধৃষ্টতা প্ৰদৰ্শন কৰা উচিতনে?

এতিয়া এই বিষয়টো সন্দৰ্ভত আমি আমাৰ প্ৰতিক্ৰিয়া কেনেকৈ প্ৰকাশ কৰিম? আমি মানে, সাংবাদিক সমাজ, ৰাজনৈতিক দল আৰু নাগৰিক সমাজ। মুখ্যমন্ত্ৰীয়ে এটা নকৰিবলগীয়া কাম কৰিছে।এটা অত্যন্ত গৰিহণাযোগ্য কাম কৰিছে।শ্বাহ আলমক মুখ্যমন্ত্ৰীয়ে ককৰ্থনা কৰি থকাৰ সময়তে তেওঁৰ সতীৰ্থ আন সাংবাদিক সকলে মুখ্যমন্ত্ৰীক তেওঁৰ বক্তব্য আৰু আচৰণৰ বাবে জগৰীয়া কৰি তেওঁক ঘেৰি ধৰি তাতে তেওঁক ক্ষমা খুজিবলৈ ক’ব লাগিছিল।তেওঁলোকে সেইটো নকৰিলে। সেইটো নকৰি তেওঁলোকে প্ৰথম সুযোগটো হেৰুৱালে।এতিয়াও সময় আছে।

 

অসমত যিমানবোৰ সাংবাদিক সংস্থা আছে তেওঁলোক সকলোৱে এতিয়া দাবী কৰক যাতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ব্যৱহাৰৰ কাৰণে ক্ষমা খুজিবলৈ বাধ্য হয়।ৰাজনৈতিক দল আৰু নাগৰিক সমাজেও এই দাবী উত্থাপন কৰিব লাগে। এইখিনিতে মই বিজেপি আৰু আৰ এচ এচৰ শীৰ্ষ নেতৃত্ব আৰু সাধাৰণ কৰ্মী আৰু সমৰ্থক সকলকো সুধিব খোজোঁ, আপোনালোকে মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু আচৰণ সমৰ্থন কৰেনে? এই সন্দৰ্ভত আপোনালোকৰ একো ক’বলগীয়া নাইনে? এজন মুখ্যমন্ত্ৰীৰ এনে আচৰণ ভদ্ৰ সমাজৰ বাবে গ্ৰহণযোগ্য হয়নে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd