NORTHEAST NOW (Assamese)

জনস্বাস্থ্যৰ প্ৰতি বৃদ্ধাংগুষ্ঠ? ম’ম’ ফেক্টৰীৰ ফ্ৰীজত কুকুৰৰ ছিন্ন-মূণ্ড উদ্ধাৰ

March 18, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 18, 2025 9:01 pm

পঞ্জাবৰ মোহালীৰ এটা ম’ম’ কাৰখানাত অভিযান চলাই ফ্ৰীজৰ পৰা এটা কুকুৰৰ কটা মূৰ উদ্ধাৰ কৰা হয়। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগৰ ভিত্তিত পৌৰ নিগমৰ চিকিৎসা দল আৰু স্বাস্থ্য বিভাগে যৌথভাৱে অভিযান চলায়। সেই কাৰখানাত কুকুৰৰ মাংস অবৈধভাৱে ব্যৱহাৰ কৰি ম’ম’ বনোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে বিষয়টো সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে।

ম’হালীৰ সহকাৰী খাদ্য সুৰক্ষা আয়ুক্ত ডাঃ অমৃত ৱাৰিঙে জানিবলৈ দিয়া মতে অভিযানৰ সময়ত ম’ম’ ফেক্টৰীৰ ফ্ৰীজাৰত পচি যোৱা মাংস আৰু কুকুৰৰ মূৰসদৃশ এটা মুণ্ড উদ্ধাৰ কৰা হৈছে। সন্দেহযুক্ত মাংসৰ নমুনা পৰীক্ষাৰ বাবে পশু চিকিৎসা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও কাৰখানাটোত উৎপাদিত ম’ম’, স্প্ৰিং ৰোল, চাটনিৰ নমুনাও পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে।

অভিযানৰ সময়ত কাৰখানাটোৰ ভিতৰৰ পৰা ফ্ৰজেন পচা মাংস আৰু এটা ক্ৰুচাৰ মেচিন উদ্ধাৰ কৰা হয়। দেওবাৰ আৰু সোমবাৰে জিলা স্বাস্থ্য বিষয়াৰ নেতৃত্বত মাতৌৰ (ম’হালী) আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত একাধিক অভিযান চলোৱা হয়। সেই অভিযানত বৃহৎ পৰিমাণৰ অস্বাস্থ্যকৰ খাদ্য, লেতেৰা ৰন্ধন বাচন, পচি যোৱা শাক-পাচলি জব্দ কৰা হৈছিল।

এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষোভৰ সৃষ্টি কৰি কাৰখানাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অভিযুক্ত কাৰখানাটোৰ শ্ৰমিকসকলৰ মতে, ফ্ৰীজত পোৱা মূৰটো ম’ম’ বনোৱাত ব্যৱহাৰ কৰা হোৱা নাছিল, বৰঞ্চ ব্যক্তিগত ব্যৱহাৰৰ বাবে সংৰক্ষিত আছিল। জনা যায় যে এই কাৰখানাটো প্ৰথমে নেপালৰ একাংশ বিক্ৰেতাই চলাইছিল।

ম’হালী চিভিল চাৰ্জন ডাঃ সংগীতা জৈনেই কয় যে, ঘটনাটো অতি ভয়াৱহ আৰু তদন্ত অব্যাহত আছে। প্রতিবেদন লাভ কৰাৰ পাছত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হব৷ একে সময়তে অবৈধভাৱে কাম কৰি থকা আৰু খাদ্য সুৰক্ষাৰ নিয়ম পালন নকৰা কাৰখানাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।

এই ঘটনাই অঞ্চলবাসীৰ মাজত ব্যাপক আতংক বিয়পাইছে। স্থানীয় ৰাইজে আশংকা কৰিছে যে কাৰখানাটোৱে দীৰ্ঘদিন ধৰি কুকুৰৰ মাংস অবৈধভাৱে ব্যৱহাৰ কৰি ম’ম’ আৰু অন্যান্য খাদ্য প্ৰস্তুত কৰি আহিছে। বিশেষজ্ঞসকলৰ মতে, ই জনস্বাস্থ্যৰ বাবে এক বৃহৎ বিপদৰ ইংগিত। অভিযুক্ত কাৰখানাটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে নিয়মীয়াকৈ অভিযান চলোৱা হব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

Related News