• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

RSS-ৰ কাৰ্যালয়ত ভৰি থোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে চিহ্নিত হ’ব মোদী! কি গোপন অংক কৰিছে বিজেপিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ পাছত তিনিবাৰকৈ আৰএছএছক নিষিদ্ধ সংগঠন বুলি অভিহিত কৰা হৈছে। তথাকথিত উদাৰবাদীসকলে এতিয়াও অস্পৃশ্য হিচাপে গণ্য কৰে আৰএছএছ-ক! দৰাচলতে স্বাধীনতাৰ পাছত কোনো প্ৰধানমন্ত্ৰীয়ে আৰএছএছৰ মুখ্য কাৰ্যালয়ত ভৰি দিয়া নাই।কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই পৰম্পৰা ভংগ কৰিবলৈ ওলাইছে। আৰএছএছৰ সূত্ৰ অনুসৰি অহা ৩০ মাৰ্চত নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব নৰেন্দ্ৰ মোদী।

দৰাচলতে প্ৰধানমন্ত্ৰীৰ স্পন্দন আৰএছএছৰ লগত সংপৃক্ত।তেঁও দীৰ্ঘদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংগঠনটোৰ প্ৰচাৰক হিচাপে কাম কৰি আহিছে। কিন্তু ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ কেতিয়াও সংঘৰ মুখ্য কাৰ্যালয়লৈ যোৱা নাছিল।

Apply Now

ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত আৰএছএছৰ মুখ্য কাৰ্যালয়ত উল্লেখযোগ্য উপস্থিতি আছিল কেৱল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ। যিকোনো প্ৰকাৰে আৰএছএছৰ মুখ্য কাৰ্যালয়ত ভৰি দিয়া প্ৰথমজন প্ৰধানমন্ত্ৰী হ’ব মোদী। সকলো ঠিকে থাকিলে ৩০ মাৰ্চত নাগপুৰলৈ যাব পাৰে মোদী।

উল্লেখ্য যে, স্বয়ংসেৱক সংঘই এইবাৰ শতবাৰ্ষিকী উদযাপন কৰিছে। সেই উপলক্ষে বছৰটোৰ ভিতৰত আৰএছএছে বিভিন্ন পৰিকল্পনা কৰিছে। শুনা গৈছে যে প্ৰধানমন্ত্ৰীয়ে নাগপুৰত সংঘই নিৰ্মাণ কৰা এখন চকুৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। সংঘৰ মুৰব্বী মোহন ভাগৱতেও প্ৰধানমন্ত্ৰীৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। ২০১৪ চনৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে গেৰুৱা শিবিৰৰ দুই ব্যক্তিক একেলগে একেখন মঞ্চত ৰাজহুৱাভাৱে দেখা পোৱা যাব।

আৰ এছ এছৰ কাৰ্যালয়ত মোহন ভাগৱতৰ সৈতে ব্যক্তিগত বৈঠকও হ’ব পাৰে মোদীৰ। সেই বৈঠকক আগুৰি থকা ৰাজনৈতিক সম্ভাৱনাক পুনৰবাৰ বিজেপিৰ ভিতৰতে বিবেচনা কৰা হৈছে। বিজেপিৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেই সন্দৰ্ভত এতিয়াও জল্পনা-কল্পনা চলি আছে। কোৱা হৈছে যে বিজেপিৰ ভিতৰত হয়তো বৃহৎ সাংগঠনিক পৰিৱৰ্তন হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে সংঘৰ মুৰব্বীৰ সৈতেও সেই বিষয়ে আলোচনা কৰিব পাৰে।

স্মৰ্তব্য যে, ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতাদৰ্শগত স্থিতি আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ সৈতে জড়িত হোৱাৰ বাবে বিতৰ্কৰ বিষয় হৈ পৰিছিল। ১৯২৫ চনত প্ৰতিষ্ঠা হোৱা আৰএছএছে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট ধৰ্মনিৰপেক্ষ আদৰ্শৰ সৈতে দ্বিমত দৰ্শাই হিন্দুৰাষ্ট্ৰৰ পোষকতা কৰিছিল। ১৯৪৮ চনত আৰএছএছৰ প্ৰাক্তন সদস্য নাথুৰাম গডছেই মহাত্মা গান্ধীক হত্যা কৰাৰ পাছত এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে আৰু ইয়াৰ ফলত সংগঠনটো সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হয়। যদিও আৰএছএছে এই হত্যাকাণ্ডৰ সৈতে কোনোধৰণে জড়িত থকাৰ দাবীক অস্বীকাৰ কৰিছিল, তথাপিও বিভাজনকাৰী মতাদৰ্শৰ প্ৰসাৰৰ ক্ষেত্ৰত সংগঠনটোৰ ভূমিকাক লৈ বহুজনে সন্দেহৰ ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd